ETV Bharat / sports

আইপিএলত উজলি উঠিল অসম সন্তান: দলৰ জয়ত মুখ্য ভূমিকা

author img

By

Published : Apr 26, 2019, 11:40 AM IST

RIYAN PARAG

আইপিএলত সুন্দৰ প্ৰদৰ্শনেৰে উজলি উঠিছে 17 বৰ্ষীয় অসম সন্তান ৰিয়ান পৰাগ । বৃহস্পতিবাৰে অনুষ্ঠিত আইপিএল মেচত কলিকতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে 47 ৰাণৰ সুন্দৰ ইনিংছ খেলে ৰিয়ানে ।

নিউজ ডেস্ক, 26 এপ্ৰিল: আইপিএলত পুনৰ সুন্দৰ প্ৰদৰ্শনেৰে উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ । মাত্ৰ 17 বৰ্ষীয় ৰিয়ানে দুৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজস্থান ৰয়েলছ দলক ৰোমাঞ্চকৰ জয় প্ৰদান কৰাত অন্যতম ভূমিকা পালন কৰে । মাত্ৰ 14 খন টি-20 মেচত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতাৰে পুষ্ট খেলুৱৈগৰাকীয়ে নিৰ্ভয়ে 31 টা বলত 47 ৰাণৰ সুন্দৰ ইনিংছ খেলে ।

ETV BHARAT
RIYAN PARAG

কলিকতা নাইট ৰাইডাৰ্ছ দলে সংগ্ৰহ কৰা 175 ৰাণৰ লক্ষ্যৰ পাছত বেটিং কৰিবলৈ নামি ৰাজস্থান দলে ক্ৰমাৎ ছন্দ হেৰুৱাই পেলায় । দলৰ বিপদৰ সময়তে ৰিয়ানে 5 টা চাৰি আৰু 2 টা ছয়েৰে 47 ৰাণ কৰাৰ উপৰিও জফ্ৰা আৰ্চাৰৰ সৈতে যুটীয়াভাৱে 44 ৰাণ সংগ্ৰহ কৰে । 12 তম সংস্কৰণৰ আইপিএলৰ অন্তিম খন মেচত অংশ লোৱা জফ্ৰা আৰ্চাৰে 2 টা চাৰি আৰু 2 টা ছয়েৰে 12 টা বলত 27 ৰাণ সংগ্ৰহ কৰে ।

RIYAN SHINES : THRILLING THREE WICKETS WIN OVER KKR

আইপিএলত উজলি উঠিল অসম সন্তান: দলৰ জয়ত মূখ্য ভূমিকা

নিউজ ডেস্ক, ২৬ এপ্ৰিল: আইপিএলত পুনৰ সুন্দৰ প্ৰদৰ্শনেৰে উজলি উঠিল অসম সন্তান ৰিয়ান পৰাগ । মাত্ৰ ১৭ বৰ্ষীয় ৰিয়ানে দূৰ্দান্ত প্ৰদৰ্শনেৰে ৰাজস্থান ৰয়েলছ দলক ৰোমাঞ্চকৰ জয় প্ৰদান কৰাত অন্যতম ভূমিকা পালন কৰে । মাত্ৰ ১৪ খন টি-২০ মেচত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতাৰে পুষ্ট খেলুৱৈগৰাকীয়ে নিৰ্ভয়ে ৩১ টা বলত ৪৭ ৰাণৰ সুন্দৰ ইনিংছ খেলে । 

কলিকতা নাইট ৰাইডাৰ্ছ দলে সংগ্ৰহ কৰা ১৭৫ ৰাণৰ লক্ষ্যৰ পাছত বেটিং কৰিবলৈ নামি ৰাজস্থান দলে ক্ৰমাৎ ছন্দ হেৰুৱাই পেলায় । দলৰ বিপদৰ সময়তে ৰিয়ানে ৫ টা চাৰি আৰু ২ টা ছয়েৰে ৪৭ ৰাণ কৰাৰ উপৰিও জফ্ৰা আৰ্চাৰৰ সৈতে যুটীয়াভাৱে ৪৪ ৰাণ সংগ্ৰহ কৰে । ১২ তম সংস্কৰণৰ আইপিএলৰ অন্তিম খন মেচত অংশ লোৱা জফ্ৰা আৰ্চাৰে ২ টা চাৰি আৰু ২ টা ছয়েৰে ১২ টা বলত ২৭ ৰাণ সংগ্ৰহ কৰে । 
riyanparag_apr25_kGSei2l.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.