ETV Bharat / sports

30 টা বসন্ত গৰকিলে ইংলেণ্ডৰ দুৰ্দান্ত অল ৰাউণ্ডাৰ বেন ষ্টোকচে

author img

By

Published : Jun 4, 2021, 7:11 PM IST

0TH BIRTHDAY OF BEN STOKE
ইংলেণ্ডৰ দুধৰ্ষ অল ৰাউণ্ডাৰ বেন ষ্টোকচৰ জন্মদিন

৩০ বছৰত ভৰি দিলে ইংলেণ্ড ক্ৰিকেট দলৰ অন্যতম অল ৰাউণ্ডাৰ তথা বিশ্বজুৰি চৰ্চিত খেলুৱৈ বেন ষ্টোকচে । বিশ্বজুৰি তেওঁৰ অনুৰাগীয়ে জনালে খেলুৱৈ গৰাকীক শুভেচ্ছা ।

স্পৰ্টছ ডেস্ক, ৪ জুন : বিশ্বৰ দুধৰ্ষ বেটছমেন সকলৰ কথা সুধিলে হয়টো বহুতৰে মুখৰ পৰা ওলাব ইংলেণ্ডৰ বেন ষ্টোকচৰ নাম । শেহতীয়া কেইটামান বছৰত আইপিএল বা টি-২০ ক্ৰিকেটত দুধৰ্ষ প্ৰদৰ্শন কৰি বহু নৱ প্ৰজন্মৰ প্ৰিয় খেলুৱৈ হৈ পৰিছে বেন ষ্টোকচ । এইগৰাকী খেলুৱৈয়ে ভৰি দিলে ৩০ বছৰত । খেলুৱৈ গৰাকীৰ জন্মদিনত বিভিন্ন মাধ্যমত বিশ্বজুৰি তেওঁৰ অনুৰাগীয়ে জনাইছে শুভেচ্ছা ।

১৯৯১ চনৰ ৪ জুনত নিউজিলেণ্ডৰ ক্ৰিষ্টচাৰ্চত জন্মগ্ৰহণ কৰিছিল বেন ষ্টোকছে আৰু তেওঁৰ পিতৃ জেৰাৰ্ড ষ্টোকচক এটা ৰাগবী ক্লাবৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পিছত ১২ বছৰ বয়সতে বেন ষ্টোকচ ইংলেণ্ডলৈ যায় । অৱশ্যে, তেওঁৰ পৰিয়াল নিউজিলেণ্ডলৈ ঘূৰি যোৱাৰ পিছতো, ষ্টোকচে ইংলেণ্ডৰ হৈ ক্ৰিকেট খেলাৰ সপোন মনত পুহি ৰাখিছিল ।

0TH BIRTHDAY OF BEN STOKE
ইংলেণ্ডৰ দুধৰ্ষ অল ৰাউণ্ডাৰ বেন ষ্টোকচৰ জন্মদিন

অৱশেষত তেওঁ ২০১১ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত ইংলেণ্ডৰ হৈ প্ৰথমখন খেলৰ জৰিয়তে তেওঁৰ সপোন বাস্তৱত ৰূপায়ণ কৰে । ইয়াৰ এমাহ পিছত তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ত আত্মপ্ৰকাশ কৰে । প্ৰায় ২ বছৰৰ অন্তত অল ৰাউণ্ডাৰ বেন ষ্টোকচে ২০১৩-১৪ চনৰ ঐতিহাসিক এছেজ মেচ শৃংখলাত তেওঁ প্ৰথম টেষ্ট খেলিছিল । এনেদৰে ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰা খেলুৱৈ গৰাকীয়ে কিছুমান এনেকুৱা প্ৰদৰ্শন দেখুৱাইছে যাৰ বাবে এতিয়া বিশ্বৰ বহুতৰে প্ৰিয় বেন ষ্টোকচ ।

তেওঁৰ কেৰিয়াৰৰ অতি দৰ্শনীয় খেলবোৰৰ ভিতৰত অন্যতম আছিল ২০১৯ চনৰ বিশ্বকাপ ফাইনেল । য'ত অল ৰাউণ্ডাৰজনে নিউজিলেণ্ডৰ বিৰুদ্ধে নিজৰ উইকেট নেহেৰুৱাকৈ ৮৪ ৰাণ সংগ্ৰহ কৰিছিল । ১৯৯২ চনৰ পিছত ইংলেণ্ড দলটোৱে খেলা এইখন প্ৰথম ফাইনেল আছিল । এই ফাইনেলখনত জছ বাটলাৰৰ সৈতে বেন ষ্টোকচে এক ঐতিহাসিক ইনিঙছ খেলিছিল । এই ইনিঙছৰ বাবে আজিও বেন ষ্টোকচ বিশ্বজুৰি চৰ্চিত ।

কেৱল এয়াই নহয় এনেধৰণৰ বহু খেল আছে য'ত বেন ষ্টোকচ খেল পথাৰৰ নায়ক হিচাপে পৰিগণিত হৈছে । এই মহান খেলুৱৈ গৰাকীৰ জন্মদিনত ইটিভি ভাৰতৰ তৰফৰ পৰাও জনালো বহুত বহুত শুভেচ্ছা ।

লগতে পঢ়ক:পুনৰ চিকিৎসাধীন ক্ৰীড়া তাৰকা মিলখা সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.