ETV Bharat / sports

World Cup 2023 : ৰোহিত-গিলৰ যুটিয়েই শ্ৰেষ্ঠ হ'ব ভাৰতৰ বাবে !

author img

By

Published : Jan 22, 2023, 1:27 PM IST

ভাৰতীয় দলত বৰ্তমান অধিনায়ক ৰোহিত শৰ্মা আৰু যুৱ বেটছমেন শুভমন গিলক শক্তিশালী ফৰ্মত দেখা গৈছে (Rohit Shubman opener pair)। এই দুগৰাকী খেলুৱৈয়ে এতিয়া আগন্তুক বিশ্বকাপ ২০২৩ত ভাৰতৰ হৈ ইনিংছ আৰম্ভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে । দুয়োগৰাকী খেলুৱৈৰ প্ৰদৰ্শনৰ দ্বাৰা তাকে অনুমান কৰিব পাৰি ।

Rohit and Shubman opener pair
বিশ্বকাপৰ বাবে ভাৰতে পালে সৰ্বশ্ৰেষ্ঠ অপেনাৰ যুটি

স্পৰ্টছ ডেস্ক,২২ জানুৱাৰী : এইবছৰ ভাৰতত অনুষ্ঠিত হ'ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ (Cricket World Cup 2023)। ইতিমধ্যে প্ৰতিটো দলে প্ৰস্তুতি আৰম্ভ কৰিছে । ভাৰতীয় দলেও বিশ্বকাপ অভিযান আৰম্ভ কৰিছে । ভাৰতীয় দলটোৰ বাবে এই অভিযানৰ আৰম্ভণি আশাকৰা ধৰণে দেখিবলৈ পোৱা গৈছে (India starts World Cup operation)। কিয়নো ৩ জানুৱাৰীত খেলা বছৰৰ প্ৰথমখন এদিনীয়াত ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে ২ উইকেটত জয়লাভ কৰিছিল ।

ইয়াৰ পাছত, শ্ৰীলংকাৰ বিৰুদ্ধে ৩ খন এদিনীয়াৰ ঘৰুৱা শৃংখলাত ভাৰতীয় দলে শ্ৰীলংকাক ৩-০ত ক্লিন চুইপ দিছিল (IND vs SL 2023)। বছৰৰ আৰম্ভণিতে এদিনীয়াত, যুৱ তাৰকা বেটছমেন শুভমন গিল আৰু অধিনায়ক ৰোহিত শৰ্মাক এক সুন্দৰ ফৰ্মত দেখা গৈছে । দুয়োগৰাকী অপেনাৰে এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাল প্ৰদৰ্শন দেখুৱাইছে (Rohit and Shubman opener pair)।

চলিত বছৰটোত ৰোহিত শৰ্মা আৰু শুভমন গিলে এতিয়ালৈকে মুঠ ৫ খন এদিনীয়াত খেলিছে । ইয়াৰে মুঠ তিনিখন খেলত, দুয়োগৰাকীয়ে ৫০ৰ বেছি আৰু এবাৰ ১০০ ৰ সীমা অতিক্ৰম কৰিছে । একে সময়তে, শ্ৰীলংকাৰ বিৰুদ্ধে খেলা প্ৰথমখন এদিনীয়াত ভাৰতীয় দলটোৱে প্ৰথম উইকেটত ১৪৩ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পাছত, দুয়োগৰাকীয়ে দ্বিতীয়খন মেচত প্ৰথম উইকেটত ৩৩ ৰাণ আৰু তৃতীয়খন মেচত ৯৫ ৰাণ সংগ্ৰহ কৰে ।

এতিয়া নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি থকা ৩ দিনীয়া এদিনীয়া শৃংখলাত ৰোহিত শৰ্মা আৰু শুভমন গিলক আকৌ এবাৰ শক্তিশালী ৰূপত দেখা গৈছে (IND vs NZ ODI 2023)। শৃংখলাটোৰ প্ৰথমখন খেলত, তেওঁলোক দুয়োগৰাকীয়ে প্ৰথম উইকেটত ৬০ ৰাণ যোগ কৰে । ইয়াৰ পাছত, দ্বিতীয় এদিনীয়া খেলখনত, দুয়োগৰাকীয়ে প্ৰথম উইকেটত ৭২ ৰাণ সংগ্ৰহ কৰে । ৫ খন এদিনীয়া খেলত, ৰোহিত আৰু শুভমন গিলৰ আৰম্ভণি যুটিৱে ১৪৩, ৩৩, ৯৫, ৬০, ৭২ ৰাণ সংগ্ৰহ কৰিছে । নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন এদিনীয়াত শুভমন গিলে এটা সুন্দৰ দ্বিশতক অৰ্জন কৰে । তেওঁৰ সুন্দৰ ফৰ্মে তেওঁক বিশ্বকাপৰ শক্তিশালী প্ৰতিদ্বন্দী কৰি তুলিব বুলি আশা কৰা হৈছে ।

লক্ষণীয়ভাৱে বিশ্বকাপৰ বাবে ভাৰতীয় দলে বিভিন্ন ধৰণে ৰণনীতি প্ৰস্তুত কৰিছে । ৰোহিত শৰ্মা আৰু শুভমন গিলৰ প্ৰদৰ্শনে দলটোৰ নিৰ্বাচকসকলৰো চাপ কিছু কমাইছে । যাৰ বাবে দুয়োগৰাকী খেলুৱৈৰ অপেনাৰ যুটিৰ সৈতে ভাৰতীয় দলে বিশ্বকাপ আৰম্ভ কৰিব বুলি ধাৰণা কৰা হৈছে ।

ইফালে দলটোৰ সুন্দৰ প্ৰদৰ্শনে এদিনীয়া ৰেংকিঙও উন্নত কৰিছে (India ODI ranking)। সম্প্ৰতি এদিনীয়া ৰেংকিঙত, ইংলেণ্ড প্ৰথম আৰু নিউজিলেণ্ড দ্বিতীয় স্থানত আছে । যদি ভাৰতে ২৪ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হ'বলগীয়া তৃতীয় এদিনীয়াত নিউজিলেণ্ডক পৰাস্ত কৰে, তেন্তে ভাৰত প্ৰথম স্থানলৈ আহিব ।

উল্লেখ্য যে বিশ্বকাপ ২০২৩ৰ আটাইবোৰ খেল ভাৰতৰ ১৩ খন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । খেলসমূহ মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়াম, কলকাতাৰ ইডেন গাৰ্ডেন, দিল্লীৰ অৰুণ জেটলী, বেংগালুৰৰ এম চিন্নাস্বামী, চেন্নাইৰ এম এ চিদাম্বৰম, আহমেদাবাদৰ চৰ্দাৰ পেটেল, মোহালিৰ পিচিএ, হায়দৰাবাদৰ ৰাজীৱ গান্ধী ইণ্টাৰনেচনেল, নাগপুৰৰ ভিচিএ, পুনেৰ এমচিএ, কানপুৰৰ গ্ৰীণ পাৰ্ক, গুজৰাটৰ নৰেন্দ্ৰ মোডী, গুৱাহাটীৰ বৰ্ষাপাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :IND vs NZ 1st ODI: গিলৰ দ্বিশতকেৰে নিউজিলেণ্ডক 12 ৰাণত পৰাস্ত কৰিলে ভাৰতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.