IND vs NZ 1st ODI: গিলৰ দ্বিশতকেৰে নিউজিলেণ্ডক 12 ৰাণত পৰাস্ত কৰিলে ভাৰতে

author img

By

Published : Jan 18, 2023, 6:45 PM IST

Updated : Jan 18, 2023, 10:40 PM IST

IND vs NZ 1st ODI

আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ ৷ এইখন মেচতে এদিনীয়া ক্ৰিকেট কেৰিয়াৰৰ প্ৰথমটো দ্বিশতক অৰ্জন কৰিলে ভাৰতীয় অপেনাৰ বেটছমেন শুভমন গিলে (Shubman Gill double century) ৷ নিউজিলেণ্ডক 12 ৰাণত পৰাস্ত কৰিলে ভাৰতে (India vs New Zealand match report ) ৷

নিউজ ডেস্ক, 18 জানুৱাৰী: নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত নিউজিলেণ্ডক 12 ৰাণত পৰাস্ত কৰিলে ভাৰতে ৷ আজিৰ খেলখনত শচীন তেণ্ডুলকাৰ, বীৰেন্দ্ৰ সেৱাগ, ৰোহিত শৰ্মা আৰু ঈশান কিষাণৰ পিচত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্বিশতক অৰ্জন কৰা পঞ্চমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হ’ল শুভমন গিল (Subhash Gill scores his first double century) ৷ বুধবাৰে হায়দৰাবাদৰ ৰাজীৱ গান্ধী ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত 208 ৰাণ সংগ্ৰহ কৰি এই কৃতিত্ব অৰ্জন কৰে শুভমন গিলে ৷

IND vs NZ 1st ODI
শুভমন গিলৰ দ্বিশতক অৰ্জন

টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতে (India vs New Zealand match report) ৷ নিৰ্ধাৰিত 50 অভাৰত 8 টা উইকেট হেৰুৱাই ভাৰতে 349 ৰাণ সংগ্ৰহ কৰে আৰু নিউজিলেণ্ডক জয়ৰ বাবে 350 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷ শুভমন গিলে 149 টা বলত 208 ৰাণৰ এটা সুন্দৰ ইনিংছ উপহাৰ দিয়ে দলৰ লগতে অনুৰাগীক ৷ গিলৰ ইনিংছটোত আছিল 19 টা বাউণ্ডেৰী আৰু 9 টা অভাৰ বাউণ্ডেৰী (Shubman Gill double century) ৷

প্ৰত্যুত্তৰত নিউজিলেণ্ডে 49.2 অভাৰত 337 ৰাণত আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় বৰণ কৰে ৷ নিউজিলেণ্ডৰ হৈ মাইকেল ব্ৰেচৱেলে 140 ৰাণ আৰু মিটচেল চেন্টনাৰে 57 ৰাণ কৰে ৷ ভাৰতৰ মঃ ছিৰাজে 4 টা উইকেট দখল কৰে ৷

ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই 34 ৰাণ কৰি পেভিলিয়নলৈ ওভতাৰ পাচত কোহলি, ঈশান কিষাণে বিশেষ ৰাণ কৰাত ব্যৰ্থ হয় ৷ সূৰ্য কুমাৰ যাদৱে 31 আৰু হাৰ্দিক পাণ্ডিয়াই 28 ৰাণৰ বৰঙণি যোগায় ৷ শ্ৰীলংকাৰ হৈ হেনৰী শিপ্লে আৰু ডেৰিল মিটচেলে দুটাকৈ উইকেট দখল কৰে (IND vs NZ 1st ODI) ৷

উল্লেখ্য যে, এদিনীয়া ক্ৰিকেটত প্ৰথমটো দ্বিশতক অৰ্জন কৰিছিল ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন তেণ্ডুলকাৰে ৷ 2010 চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তেণ্ডুলকাৰে দ্বিশতক অৰ্জন কৰে ৷ 2011 চনত ৱেষ্টইণ্ডিজৰ বিৰুদ্ধে 219 ৰাণ সংগ্ৰহ কৰিছিল বীৰেন্দ্ৰ সেৱাগে ৷ বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মাৰ নামত আছে তিনিটাকৈ দ্বিশতক ৷ 2013 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 209 ৰাণ, 2014 চনত শ্ৰীলংকাৰ বিৰুদ্ধে 264 ৰাণ আৰু 2017 চনত পুনৰ শ্ৰীলংকাৰ বিৰুদ্ধেই 208 ৰাণ সংগ্ৰহ কৰিছিল ৰোহিত শৰ্মাই ৷ 2022 চনত বাংলাদেশৰ বিৰুদ্ধে ঈশান কিষাণে নিজৰ প্ৰথমটো দ্বিশতক (210 ৰাণ) অৰ্জন কৰিছিল (Indian cricketers scored double century) ৷

লগতে পঢ়ক: India Sri Lanka ODI : গ্ৰীণফিল্ডত বিৰাট গৰ্জন ! অভিলেখৰ জোৱাৰ কোহলিৰ

Last Updated :Jan 18, 2023, 10:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.