ETV Bharat / sports

ICC World Cup 2023 : নেদাৰলেণ্ডৰ বিৰুদ্ধে 160 ৰাণত জয়লাভ মেন ইন ব্লুৰ

author img

By ETV Bharat Assamese Team

Published : Nov 12, 2023, 3:51 PM IST

Updated : Nov 13, 2023, 10:18 AM IST

চলিত বিশ্বকাপৰ অন্তিমখন লীগ মেচত দেওবাৰে ভাৰতে নেদাৰলেণ্ডক 160 ৰাণত পৰাস্ত কৰে ৷ মেচখনত শ্ৰেয়স আয়াৰ আৰু কে এল ৰাহুলে শতক অৰ্জন কৰে ৷ শ্ৰেয়স আয়াৰক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয় ৷

ICC World Cup 2023
ভাৰতৰ সন্মুখত নেদাৰলেণ্ড

স্পৰ্টছ ডেস্ক, 12 নৱেম্বৰ : চলিত ক্ৰিকেট বিশ্বকাপত অপৰাজিত হৈ থকাৰ অভিলেখ গঢ়ি 45 সংখ্যক অৰ্থাৎ অন্তিমখন লীগ মেচত দেওবাৰে ভাৰতে নেদাৰলেণ্ডক 160 ৰাণত পৰাস্ত কৰে ৷ লগতে চলিত বিশ্বকাপত লীগ পৰ্যায়ৰ 9 খন মেচৰ আটাইকেইখনতে জয়লাভ কৰি অভিলেখ গঢ়িছে ভাৰতীয় ক্ৰিকেট দলে ৷

টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈ ভাৰতে শক্তিশালী বেটিঙেৰে নেদাৰলেণ্ডৰ সন্মুখত বান্ধি দিছিল 411 ৰাণৰ লক্ষ্য ৷ নিজৰ ইনিংছ আৰম্ভ কৰি ডাচ্চ বাহিনীয়ে 47.5 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 250 ৰাণ ৷ তেজা নিদামানুৰুৱে সাৰ্বাধিক 54 ৰাণৰ বৰঙণি আগবঢ়াই ৷ চাইব্ৰাণ্ড এংগেলব্ৰেচ্টে 45 ৰাণ সংগ্ৰহ কৰে ৷

ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাডেজাই 2 টাকৈ উইকেট দখল কৰে ৷ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে দখল কৰে 1 টাকৈ উইকেট ৷ মূল একাদশত কোনো পৰিৱৰ্তন নকৰাকৈ আজি খেলপথাৰত নামিছিল ভাৰতীয় দল ৷

শ্ৰেয়স আয়াৰ আৰু কে. এল. ৰাহুলৰ দুৰ্দান্ত বেটিঙৰ সহায়ত ভাৰতে নিৰ্ধাৰিত 50 অভাৰত 4 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 410 ৰাণ ৷ শ্ৰেয়স আয়াৰে বিস্ফোৰক বেটিঙেৰে 94 টা বলত 128 ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷ কে.এল.ৰাহুলেও দুৰ্দান্ত বেটিঙেৰে মাত্ৰ 64 টা বলত সংগ্ৰহ কৰে 102 ৰাণ ৷ দুয়োজন ভাৰতীয় বেটছমেনৰ বেটিং বিক্ৰমত অসহায় হৈ পৰা পৰিলক্ষিত হয় ডাচ্চ বলাৰ সকলক ৷

অধিনায়ক ৰোহিত শৰ্মাই 54 টা বলত 61 ৰাণ সংগ্ৰহ কৰি আউট হয় ৷ বিপৰীতে শুভমন গিলে 32 টা বলত 51 ৰাণ কৰি পেভিলিয়নমুখী হয় ৷ বিৰাট কোহলীয়ে 56 টা বলত 51 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ সূৰ্যকুমাৰ যাদৱে 1 টা বলত 2ৰাণ কৰি অপৰাজিত হৈ থাকে ৷

নেদাৰলেণ্ডৰ হৈ বাছ ডি লিডে 2 টা উইকেট দখল কৰে ৷ ৰ’লফ ভান ডেৰ মেৰৱে আৰু পল ভান মিকেৰেনে দখল কৰে 1টাকৈ উইকেট ৷

ভাৰতৰ মূল একাদশ : ৰোহিত শৰ্মা (অধঝিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাডেজা, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ, মহম্মদ চিৰাজ ৷

নেদাৰলেণ্ডৰ মূল একাদশ: ৱেছলি বাৰেচি, মেক্স অডাউড, কলিন একাৰমেন, চাইব্ৰাণ্ড এংগেলব্ৰেচ্ট, স্কট এডৱাৰ্ডছ (অধিনায়ক/উইকেটকীপাৰ), বাছ ডি লিডে, তেজা নিদামানুৰু, লগান ভান বিক, ৰ’লফ ভান ডেৰ মেৰৱে, আৰিয়ান দত্ত, পল ভান মিকেৰেন ৷

লগতে পঢ়ক : ICC World Cup 2023 : বিশ্বকাপত ১০ টা দলৰ অভিযান, ৬ টা দলে সামৰিছে অভিযান

Last Updated : Nov 13, 2023, 10:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.