ETV Bharat / sports

ৰোহিত-বিৰাটৰ প্ৰত্যাৱৰ্তন: সমালোচনাৰ বন্যা সামাজিক মাধ্যমত

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 4:07 PM IST

Rohit-Kohli comeback: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰভাৱশালী খেলুৱৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ টি-20 ফৰ্মেটলৈ প্ৰত্যাৱৰ্তন ৷ দুয়োৰে এই প্ৰত্যাৱৰ্তনকলৈ সামাজিক মাধ্যমত তেওঁলোকৰ অনুৰাগী সকলে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷

Virat Kohli Comeback in T20I
Rohit Sharma Comeback in T20I

স্প’ৰ্টছ ডেস্ক, 8 জানুৱাৰী: ভাৰত-আফগানিস্তানৰ মাজত অহা 11 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব তিনিখনীয়া টি-20 শৃংখলা ৷ এই শৃংখলাৰ বাবে ভাৰতীয় দলত অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটচমেন বিৰাট কোহলীক অন্তৰ্ভুক্ত কৰা হৈছে ৷ দুয়োগৰাকী বেটচমেনে অতিকমেও 14 মাহৰ পাচত টি-20 ফৰ্মেটলৈ উভতি আহিছে ৷ দুয়োৰে প্ৰত্য়াৱৰ্তনৰ লগে লগে সামাজিক মাধ্যমত ব্যাপক চৰ্চা দেখা গৈছে ৷ কোনো কোনো অনুৰাগীয়ে দুয়োগৰাকী খেলুৱৈৰ প্ৰত্যাৱৰ্তনক সঠিক সিদ্ধান্ত বুলি মত ব্যক্ত কৰাৰ বিপৰীতে একাংশ অনুৰাগী ৰোহিত-কোহলীৰ প্ৰত্যাৱৰ্তনকলৈ সুখী নহয় ৷

আফগানিস্তানৰ সৈতে শৃংখলাৰ বাবে দেওবাৰে ভাৰতীয় দল ঘোষণা কৰা হয় ৷ বিচিচিআয়ে নিজৰ অফিচিয়েল X একাউন্টত খেলুৱৈৰ তালিকা প্ৰকাশ কৰে ৷ যেতিয়াই দল ঘোষণা হ’ল তাৰ ঠিক পিচৰ পৰাই ৰোহিত-বিৰাটৰ প্ৰত্যাৱৰ্তনকলৈ অনুৰাগীসকলে নিজৰ মতামত প্ৰদান কৰা আৰম্ভ কৰে ৷

ৰোহিতৰ প্ৰত্য়াৱৰ্তন সন্দৰ্ভত এগৰাকী X ব্য়ৱহাৰকাৰীয়ে লিখিছে এইদৰে, ‘‘কেপ্টেইন ৰোহিত শৰ্মাৰ 14 মাহৰ পিচত টি-20লৈ প্ৰত্যাৱৰ্তন ঘটিছে ৷ এয়া টি-20 চ শক্তিশালী প্ৰদৰ্শন তথা টি-20 বিশ্বকাপ 2024 জয়ী হোৱাৰ সময় ৷’’

একেদৰে আন এগৰাকী ব্যৱহাৰকাৰীয়ে ৰোহিতক উদ্দেশ্য়ি লিখিছে, ‘‘আহক, ধাৱন, চাহাল, ভূৱনেশ্বৰ, ৰাহানে, আশ্বিন আৰু জাডেজাকো টি-20 দলত অন্তৰ্ভুক্ত কৰক ৷ কিয়নো একেৰাহে পৰাজিত হৈ থকা ৰোহিত শৰ্মাই প্ৰত্যাৱৰ্তন কৰিছে ৷ 2024 বিশ্বকাপৰ সপোন ধুঁৱলী-কুঁৱলী হৈ গ’ল ৷ এবছৰ পূৰ্বে ভাৰতৰ হৈ আন্তঃৰাষ্ট্ৰীয় টি-20 মেচ খেলাৰ পিচত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে প্ৰত্যাৱৰ্তন কৰিছে ৷

কোহলীক উদ্দেশ্যি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, ‘‘বিৰাট কোহলীয়ে কি প্ৰত্যাৱৰ্তন কৰিছে ?’’ একেদৰে আন এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে যে, ‘‘কিং বিৰাট কোহলীয়ে টি-20 ট্ৰফ্ৰীৰ সৈতে নিজৰ ক্ৰিকেটৰ যাত্ৰা সমাপ্ত কৰিব ৷’’

সংক্ষেপতে দুয়োগৰাকী খেলুৱৈৰ টি-20 কেৰিয়াৰ-

  • ৰোহিতে ভাৰতীয় দলৰ হৈ 148 খন টি-20 মেচত 140 টা ইনিংছ খেলিছে ৷ তেওঁ 4 টা শতক আৰু 29 টা অৰ্ধশতক অৰ্জন কৰি মুঠ 3835 ৰাণ সংগ্ৰহ কৰিছে ৷
  • বিৰাট কোহলীয়ে ভাৰতৰ হৈ 115 খন টি-20 মেচত 107 টা ইনিংছ খেলিছে ৷ তেওঁ এটা শতক আৰু 37 টা অৰ্ধশতক অৰ্জন কৰি মুঠ 4008 ৰাণ সংগ্ৰহ কৰিছে ৷

লগতে পঢ়ক: আফগানিস্তানৰ বিৰুদ্ধে টি-20 ছিৰিজত দললৈ উভতিল ৰোহিত শৰ্মা-বিৰাট কোহলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.