ETV Bharat / sports

Cricket World Cup 2023: ভাৰতীয় দলৰ প্ৰদৰ্শনত সন্তুষ্ট অধিনায়ক ৰোহিত শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 10:46 AM IST

অষ্ট্ৰেলিয়াক 6 উইকেটত পৰাস্ত কৰি চলিত বিশ্বকাপত ভাৰতৰ অভিযান আৰম্ভ ৷ ভাৰতীয় দলৰ প্ৰদৰ্শনত সুখী অধিনায়ক ৰোহিত শৰ্মা ৷ বিৰাট কোহলী আৰু কে এল ৰাহুলৰ যুঁটিক প্ৰশংসা ৰোহিত শৰ্মাৰ ৷

Cricket World Cup 2023
ভাৰতীয় দলৰ প্ৰদৰ্শনত সন্তুষ্ট অধিনায়ক ৰোহিত শৰ্মা

স্পৰ্টছ ডেস্ক, ৯ অক্টোবৰ: বিশ্বকাপ ২০২৩ৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াক ৬ উইকেটত পৰাস্ত কৰাৰ পাচত দলটোৰ প্ৰদৰ্শনত সন্তুষ্টি ব্যক্ত কৰে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই ৷ অৱশ্যে ভাৰতৰ অধিনায়কগৰাকীয়ে স্বীকাৰ কৰে যে তেওঁৰ দলৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব বিভিন্ন পৰিস্থিতিত খেলাটো ৷ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি দলত সাল-সলনি ঘটোৱাৰো ইংগিত দিয়ে ৰোহিত শৰ্মাই ৷

ৰোহিত শৰ্মাই দলৰ ফিল্ডিঙৰ ওপৰত বিশেষভাৱে সন্তোষ ব্যক্ত কৰে । তেওঁ লগতে কয়, "শীৰ্ষত আহি ভাল লাগিছে । আমি আমাৰ ফিল্ডিং উন্নত কৰাৰ বাবে অশেষ চেষ্টা কৰিছিলো ৷ আমাৰ প্ৰচেষ্টা সাৰ্থক হৈছে ৷"

মুম্বাইকাৰগৰাকীয়ে লগতে কয়, "এনে পৰিস্থিতি কেতিয়াবা দলৰ বাবে কঠিন হ'ব পাৰে । আমি জানিছিলোঁ সকলোৱে সকলোকে সহায় কৰিব লাগিব । ছীমাৰ সকলে ৰিভাৰ্ছ ছুইং লাভ কৰে, স্পিনাৰসকলেও ভাল বলিং কৰিছিল । সকলো দিশৰ পৰা দলে ভাল প্ৰদৰ্শন কৰিছিল ৷

ভাৰতৰ শীৰ্ষ তিনিজন বেটছমেনে কোনো ৰাণ নকৰাকৈ উইকেট হেৰুৱাই দলে দুই অভাৰত ২ৰাণত অৱস্থান কৰাত ভাৰতীয় অধিনায়কগৰাকীয়ে নাৰ্ভাছ হোৱাৰ কথা স্বীকাৰ কৰে ৷ তেওঁ লগতে বিৰাট কোহলী আৰু কে এল ৰাহুলৰ প্ৰদৰ্শনক প্ৰশংসা কৰে । তেওঁ ধেমেলীয়া সুৰত কয় "বিৰাট আৰু কে এলক চালাম ৷ তেওঁলোকে মেচ-বিজয়ী পাৰ্টনাৰশ্বীপ গঢ়ি তোলে" ।

ইফালে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে অনুভৱ কৰে যে, তেওঁৰ দলটোৱে খেলখন প্ৰত্যাহ্বানমূলক কৰি তুলিবলৈ আৰু ৫০ ৰাণ কৰাত ব্যৰ্থ হয় । অৱশ্যে তেওঁ ভাৰতীয় দলৰ বলিঙৰ প্ৰশংসা কৰে আৰু স্পিনাৰসকলে খেলখন অধিক কঠিন কৰি তোলাৰ কথা স্বীকাৰ কৰে ৷

আনহাতে ভাৰতীয় দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা কোহলীয়ে ইনিংছৰ আৰম্ভণিতে এটা জীৱন লাভ কৰিছিল যেতিয়া মিচেল মাৰ্শ্বে এটা সহজ কেচ ড্ৰপ কৰিছিল ৷ ভাৰতে ১১ অক্টোবৰত নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ৷ আনহাতে অষ্ট্ৰেলিয়াই ১২ অক্টোবৰত লক্ষ্ণৌত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পৰৱৰ্তী খেলখন খেলিব ।

লগতে পঢ়ক: Cricket World Cup 2023 IND Vs AUS: জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ মেন ইন ব্লুৰ; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে 6 উইকেটত জয়লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.