ETV Bharat / sports

তৃতীয় টেষ্টৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত ৰাহানে নেতৃত্বাধীন ভাৰতীয় দল

author img

By

Published : Jan 2, 2021, 12:55 PM IST

আজিংকা ৰাহানে
আজিংকা ৰাহানে

তৃতীয় টেষ্টৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত ৰাহানে নেতৃত্বাধীন ভাৰতীয় দল ৷ শনিবাৰে ফিল্ডিঙৰ অনুশীলন কৰা দেখা যায় ভ্ৰমণকাৰী দলটোক ৷ বিচিচিআইয়ে দলটোৰ অনুশীলনৰ এক ভিডিঅ' শ্বেয়াৰ কৰে ৷

স্পৰ্টছ ডেস্ক, 2 জানুৱাৰী : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টেষ্টৰ পূৰ্বে কঠোৰ অনুশীলনত ব্যস্ত ভাৰতীয় দল ৷ শৃংখলাত 1-1 ত সমতা স্থাপন কৰাৰ পাচত দুয়োটা দলেই তৃতীয় টেষ্টত জয়েৰে অগ্ৰগতি লাভ কৰাৰ চেষ্টা কৰিব ৷

বক্সিং ডে' টেষ্টত ৰোমাঞ্চকৰ জয় আৰু টেষ্ট দলত ৰোহিতৰ প্ৰত্যাৱৰ্তনে দলটোক প্ৰদান কৰিছে আত্মবিশ্বাস ৷

আজিংকা ৰাহানে নেতৃত্বাধীন ভাৰতীয় দলক শনিবাৰৰ দিনা ফিল্ডিঙৰ অনুশীলন কৰা দেখা গ'ল ৷ অষ্ট্ৰেলিয়াৰ মাটিত বাউণ্ডেৰীসমূহৰ পৰা দলক ৰক্ষা কৰিবৰ বাবে ফিল্ডিঙৰ অনুশীলন কৰাটো বাৰুকৈয়ে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে ৷

বিচিচিআইয়ে এক ভিডিঅ' পোষ্টৰ জৰিয়তে খেলুৱৈসকলক ফিল্ডিঙৰ অনুশীলন কৰি থকা দেখা গ'ল ৷ বিচিচিআইয়ে টুইটাৰৰ জৰিয়তে কয়, "নৱবৰ্ষ ৷ নতুন শক্তি৷ খেলুৱৈসকলৰ উদ্যম চাওঁক ৷"

ভাৰতৰ সহ-অধিনায়ক ৰোহিত শৰ্মাক শুকুৰবাৰে বেটিং নেটত অনুশীলন কৰা প্ৰত্যক্ষ কৰা হয় ৷ বুধবাৰে 14 দিনীয়া কোৱাৰান্টাইন নিয়মাৱলী সম্পূৰ্ণ কৰাৰ পাচতে তেওঁ দলত যোগদান কৰে আৰু চেতেশ্বৰ পূজাৰাৰ পৰা সহ-অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিব ৷

নিয়মীয়া অধিনায়ক বিৰাট কোহলীৰ অনুপস্থিতিত অধিনায়কৰ দায়িত্বভাৰ ৰাহানেই গ্ৰহণ কৰি থাকিব ৷ ৰোহিতৰ অন্তৰ্ভূক্তিয়ে দলত বৃহৎ প্ৰাৰ্থক্য আনিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷

আনহাতে, ভাৰতীয় বেগী বলাৰ টি. নটৰাজনক পৰৱৰ্তী দুখন টেষ্ট মেচৰ বাবে দলত অন্তৰ্ভূক্ত কৰা হৈছে ৷ আঘাতপ্ৰাপ্ত উমেশ যাদৱৰ স্থানত দলত স্থান লাভ কৰিছে টি. নটৰাজনে ৷

টেষ্ট স্কোৱাড : আজিংকা ৰাহানে (অধিনায়ক), ৰোহিত শৰ্মা(সহ-অধিনায়ক), মায়ংক আগৰৱাল, পৃথ্বী শ্ব', কে. এল. ৰাহুল, চেতেশ্বৰ পূজাৰা, হনুমা বিহাৰী, শুভমন গীল, ঋধিমান ছাহা (উইকেট কীপাৰ), ঋষভ পন্ত (উইকেট কীপাৰ), জছপ্ৰীত বুমৰাহ, নৱদ্বীপ ছাইনী, কুলদ্বীপ যাদৱ, ৰবীন্দ্ৰ জাদেজা, আৰ. অশ্বিন, মহম্মদ ছিৰাজ, শ্বাৰদুল ঠাকুৰ, টি. নটৰাজন ৷

লগতে পঢ়ক : ক’ভিড 19ত আক্ৰান্ত মানচেষ্টাৰ চিটিৰ পাঁচ খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.