ETV Bharat / sports

জছপ্ৰীত বুমৰাহলৈ পৰামৰ্শ আগবঢ়ালে ৱাছিম আক্ৰামে

author img

By

Published : May 11, 2020, 12:13 PM IST

জছপ্ৰীত বুমৰাহলৈ পৰামৰ্শ আগবঢ়ালে ৱাছিম আক্ৰামে ৷ বুমৰাহত অধিক বিশ্ৰাম ল'বলৈ আহ্বান আক্ৰামৰ ৷

বুমৰাহত অধিক বিশ্ৰাম ল'বলৈ আহ্বান আক্ৰামৰ
জছপ্ৰীত বুমৰাহ

স্পৰ্টছ ডেস্ক, 11 মে' : প্ৰাক্তন পাকিস্তানী বেগী বলাৰ ৱাছিম আক্ৰামে কাউন্টি ক্ৰিকেটত অংশগ্ৰহণ কৰি বহু অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ জছপ্ৰীত বুমৰাহৰ দৰে বেগী বলাৰে নিজকে বিশ্ৰাম প্ৰদান কৰা উচিত বুলি মন্তব্য কৰে আক্ৰামে ৷ তেওঁ কয় যে, কাউন্টি ক্ৰিকেটত অংশগ্ৰহণ কৰাতকৈ বিশ্ৰাম লোৱাটো বুমৰাহৰ বাবে অধিক গুৰুত্বপূৰ্ণ ৷

জছপ্ৰীত বুমৰাহ
বুমৰাহত অধিক বিশ্ৰাম ল'বলৈ আহ্বান আক্ৰামৰ

আকাশবানীৰ জৰিয়তে প্ৰাক্তন ভাৰতীয় অপেনাৰ আকাশ চোপ্ৰাৰ সৈতে মত বিনিময় কৰি আক্ৰামে কাউন্টি ক্ৰিকেটত তেওঁৰ অভিজ্ঞতা সম্পৰ্কত বৰ্ণনা কৰে ৷ তেওঁ কয় যে, এতিয়া সময় সলনি হৈছে আৰু ভাৰতীয় দলে বছৰৰ অধিক সময় খেলত ব্যস্ত থাকে ৷ সেয়েহে বুমৰাহৰ দৰে খেলুৱৈয়ে দেহক বিশ্ৰাম দিলে শক্তিশালী আৰু সতেজ প্ৰত্যাৱৰ্তন কৰিব পাৰিব ৷

তেওঁ কয়, "ভাৰতে গোটেই বছৰজুৰি খেলে ৷ ভাৰতৰ শীৰ্ষ স্থানৰ আৰু বিশ্বৰ শীৰ্ষ বলাৰসকলৰ অন্যতম হৈছে বুমৰাহ ৷ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট নথকাৰ সময়ত মই তেওঁক বিশ্ৰাম ল'বলৈ পৰামৰ্শ প্ৰদান কৰিলোহেঁতেন ৷ মই ছয় মাহ পাকিস্তানৰ বাবে আৰু ছয় মাহ লাংকাছায়াৰৰ হৈ খেলিছিলো ৷ কিন্তু, বৰ্তমানৰ সময়ত এয়া বহু কঠিন হিচাপে বিবেচিত হৈছে ৷"

ৱাছিম আক্ৰাম
বুমৰাহত অধিক বিশ্ৰাম ল'বলৈ আহ্বান আক্ৰামৰ

পাকিস্তানৰ হৈ টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা আক্ৰামে কয় যে, টি-20 প্ৰদৰ্শন চাই তেওঁ কেতিয়াও বলাৰৰ মূল্যাংকন নকৰে ৷ ক্ৰিকেটৰ দীৰ্ঘতম ফৰমেট টেষ্টৰ জৰিয়তেহে তেওঁলোকৰ মূল্যাংকন কৰে বুলি মন্তব্য কৰে আক্ৰামে ৷

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অধিক গুৰুত্ব আৰোপ কৰিবলৈ যুৱ ক্ৰিকেটাৰক অনুৰোধ জনাই আক্ৰামে ৷ তেওঁ কয়, "টি-20 আমোদজনক, আনন্দদায়ক আৰু অধিক টকা অৰ্জন কৰিব পাৰি ৷ ক্ৰীড়াত টকাৰ প্ৰয়োজন আছে ৷ খেলুৱৈসকলৰ বাবেও টকা সংগ্ৰহ কৰোটা যথেষ্ট গুৰুত্বপূৰ্ণ ৷ কিন্তু, মই টি-20 প্ৰদৰ্শন চাই বলাৰৰ মূল্যাংকন নকৰো ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.