ETV Bharat / sports

ভাৰতীয় ক্ৰিকেটাৰলৈ আশানুৰূপ শাৰীৰিক অনুশীলনসূচী প্ৰস্তুত

author img

By

Published : Mar 25, 2020, 8:47 PM IST

ভাৰতীয় ক্ৰিকেটাৰলৈ অনুশীলনসূচী প্ৰস্তুত নিক ৱেব আৰু নিতীন পেটেলৰ ৷

ভাৰতীয় ক্ৰিকেটাৰ
আশানুৰূপ শাৰীৰিক অনুশীলনসূচী প্ৰস্তুত

স্পৰ্টছ ডেস্ক, 25 মাৰ্চ : লকডাউনৰ সময়ছোৱাত ভাৰতীয় ক্ৰিকেটাৰসকলে পৰিয়ালৰ সৈতে থকাৰ লগতে ঘৰতে আশানুৰূপ শাৰীৰিক অনুশীলন চলাব ৷ ভাৰতীয় দলৰ খেলুৱৈসকলৰ ফৰ্ম অপৰিৱৰ্তিত কৰি ৰাখিবলৈ শাৰীৰিক অনুশীলন প্ৰশিক্ষক নিক ৱেবে ফিজিঅ' নিতীন পেটেলৰ সৈতে আলোচনামৰ্মে এক অনুশীলনসূচী প্ৰস্তুত কৰি উলিয়াইছে ৷

ভাৰতীয় ক্ৰিকেটাৰলৈ আশানুৰূপ শাৰীৰিক অনুশীলনসূচী প্ৰস্তুত
বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা

কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত চলি থকা লকডাউনৰ সময়ত নিজকে ফিট আৰু ফৰ্মত ৰখাৰ বাবে বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলৰ সদস্যই এই অনুশীলন অব্যাহত ৰাখিব ৷

ক্ৰিকেটৰ ফৰ্ম বিঘ্নিত নহ'বৰ বাবে প্ৰতিজন খেলুৱৈৰ বাবে পৃথকে পৃথকে এই অনুশীলনসূচী প্ৰশিক্ষকদ্বয়ে প্ৰস্তুত কৰিছে বুলি সূত্ৰত প্ৰকাশ ৷

ভাৰতীয় ক্ৰিকেটাৰলৈ আশানুৰূপ শাৰীৰিক অনুশীলনসূচী প্ৰস্তুত
ৰোহিত শৰ্মা

ৰেড বল, হোৱাইট বল অথবা ক্ৰিকেটৰ যিকোনো ফৰমেটতে অংশগ্ৰহণ কৰা প্ৰতিজন ক্ৰিকেটাৰে এই অনুশীলন কৰাটো বাধ্যতামূলক হোৱাৰ লগতে সময়ে সময়ে প্ৰশিক্ষকদ্বয় ৱেব আৰু পেটেলক অনুশীলন সম্পৰ্কত প্ৰতিবেদন প্ৰদান কৰি থাকিব লাগিব ৷

আৰু পঢ়ক : লোকপিয়ল আৰু NPR উন্নীতকৰণৰ প্ৰথম পৰ্যায়ৰ কাম স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.