ETV Bharat / sports

19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপঃ ভাৰতৰ বিৰুদ্ধে জাপান

author img

By

Published : Jan 21, 2020, 2:10 PM IST

আইচিচি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ প্ৰবল দাবীদাৰ হৈছে ভাৰত ৷ আজি ডিফেণ্ডিং চেম্পিয়নৰ বিৰুদ্ধে যুঁজত নামিছে জাপান ৷

19 অনুৰ্ধ্ব বিশ্বকাপঃ ভাৰতৰ বিৰুদ্ধে জাপান
19 অনুৰ্ধ্ব বিশ্বকাপঃ ভাৰতৰ বিৰুদ্ধে জাপান

স্পৰ্টছ ডেস্ক, 21 জানুৱাৰীঃ আজি আইচিচি 19 অনুৰ্ধ্ব ক্ৰিকেট বিশ্বকাপৰ নিজৰ দ্বিতীয়খন মেচত অৱতীৰ্ণ হৈছে ডিফেণ্ডিং চেম্পিয়ন ভাৰত ৷ জাপানৰ বিৰুদ্ধে বৃহৎ জয় লাভৰ লক্ষ্যৰে খেলপথাৰত নামিব প্ৰিয়ম গাৰ্গ নেতৃত্বাধীন ভাৰতীয় দলটো ৷ টছত জয় লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় দলটোৱে ৷

ভাৰতৰ বনাম জাপান
ভাৰতৰ বনাম জাপান

দেওবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমখন মেচত বৃহৎ জয় লাভেৰে টুৰ্ণামেণ্টখনত জয়ৰে অভিযান আৰম্ভণি কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় দলটো ৷ মেচখনত 90 ৰানত জয় লাভ কৰে ভাৰতীয় দলটোৱে ৷ ভাৰতে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত চাৰি উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 297 ৰান ৷ ইয়াৰ প্ৰত্যুত্তৰত 45.2 অভাৰত 207 ৰান কৰি অল আউটৰ হয় শ্ৰীলংকা দলটো ৷ ভাৰতৰ এইটো আছিল এদিনীয়া ক্ৰিকেটত ধাৰাবাহিক 10 খন মেচত জয় লাভ ৷

উল্লেখ্য যে,পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় 19 অনুৰ্ধ্ব বিশ্বকাপত অংশ গ্ৰহণ কৰিছে জাপানে ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত বৰষুণৰ বাবে বাতিল হোৱাত 1 পইণ্ট লাভ কৰিবলৈ সক্ষম হয় ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.