ETV Bharat / sports

কোহলিৰ ওপৰত অগ্নিশৰ্মা কিয় সুনীল গাভাস্কাৰ ?

author img

By

Published : Jul 29, 2019, 10:09 PM IST

কোহলিক অধিনায়ক পদত অধিষ্ঠিত ৰখাক লৈ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ প্ৰতিক্ৰিয়া

কোহলিক অধিনায়ক পদত অধিষ্ঠিত ৰখাক লৈ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ প্ৰতিক্ৰিয়া ৷ দল নিৰ্বাচক মন্ত্ৰীক ক’লে কাঠৰ পুতলা ৷

স্পৰ্টছ ডেস্ক, 29 জুলাইঃ কোহলীক অধিনায়ক পদত অধিষ্ঠিত ৰখাক লৈ প্ৰাক্তন ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ প্ৰতিক্ৰিয়া ৷ বিশ্বকাপত ছেমিফাইনেলত পৰাস্ত হৈ টুৰ্ণামেণ্টৰ পৰা বাহিৰ হোৱা পিচত বিৰাট কোহলীক অধিনায়কৰ পদত অধিষ্ঠিত ৰখাক লৈ প্ৰশ্ন উত্থাপন গাভাস্কাৰৰ ৷ গাভাস্কাৰৰ মতে, পুনৰ কোহলীক অধিনায়কৰ পদত অধিষ্ঠিত ৰখাৰ পূৰ্বে দলৰ নিৰ্বাচক মণ্ডলী এক বৈঠকত মিলিত হোৱাৰ প্ৰয়োজন আছিল ৷

ETV
বিৰাট কোহলি

এখন বাতৰি কাকত প্ৰকাশ কৰা মতে গাভাস্কাৰে কয়,ৱেষ্ট ইণ্ডিজ শৃংখলাৰ বাবে অধিনায়কৰ দায়িত্বত বিনা বৈঠকে কোহীলক বৰ্তাই ৰখা কথাটোৱে ইয়াকে সূচাইছে যে,কোহলী নিজেই দলৰ সৰ্বেসৰ্বা নহ’লে নিৰ্বাচক মণ্ডলী তেওঁৰ ওপৰত যথেষ্ট কৃতজ্ঞ ৷ আনকি দল নিৰ্বাচক মণ্ডলীক কাঠৰ পুতলা বুলিও আখ্যা দিয়ে গাভাস্কাৰে ৷ ৱেষ্ট ইণ্ডিজ শৃংখলাৰ তিনিটা ফৰ্মেটৰ বাবে অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে কোহলীক ৷


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.