ETV Bharat / sports

ভাৰতৰ বিৰুদ্ধে ছিৰিজক 'অবিশ্বাস্যভাৱে বিশেষ' আখ্যা ষ্টিভ স্মিথৰ

author img

By

Published : Jun 21, 2020, 1:31 PM IST

ভাৰতে অষ্ট্ৰেলিয়াত তিনিখন এদিনীয়া, চাৰিখন টেষ্ট আৰু তিনিখন টি-20 ত অংশগ্ৰহণ কৰিব ৷ এই বছৰৰ অক্টোবৰৰ আৰম্ভ হ'বলগা এই ছিৰিজ 2021 চনৰ জানুৱাৰী মাহত অন্ত পৰিব ৷

বিৰাট কোহলীক প্ৰশংসা
ভাৰতৰ বিৰুদ্ধে ছিৰিজক 'অবিশ্বাস্যভাৱে বিশেষ' আখ্যা ষ্টিভ স্মিথৰ

স্পৰ্টছ ডেস্ক, 21 জুনঃ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথে শনিবাৰে মন্তব্য কৰে যে, তেওঁ 'অবিশ্বাস্যভাৱে বিশেষ' ভাৰত-অষ্ট্ৰেলিয়া ছিৰিজৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে ৷ উল্লেখ্য যে, এই বছৰৰে শেষৰভাগলৈ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ভাৰত-অষ্ট্ৰেলিয়া ছিৰিজ ৷

বিৰাট কোহলীক প্ৰশংসা
ভাৰতৰ বিৰুদ্ধে ছিৰিজক 'অবিশ্বাস্যভাৱে বিশেষ' আখ্যা ষ্টিভ স্মিথৰ

ভাৰতে অষ্ট্ৰেলিয়াত তিনিখন এদিনীয়া, চাৰিখন টেষ্ট আৰু তিনিখন টি-20 ত অংশগ্ৰহণ কৰিব ৷ এই বছৰৰ অক্টোবৰত আৰম্ভ হ'বলগা এই ছিৰিজ 2021 চনৰ জানুৱাৰী মাহত অন্ত পৰিব ৷ "তেওঁলোক এটা শক্তিশালী দল আৰু তেওঁলোকৰ বিৰুদ্ধে খেলিবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছো ৷ এই ছিৰিজ 'অবিশ্বাস্যভাৱে বিশেষ' হ'ব" - স্মিথে কয় ৷

ব্ৰিছবেনত 11 অক্টোবৰত ভাৰতে টি-20 মেচৰ জৰিয়তে ছিৰিজৰ আৰম্ভণি কৰিব ৷ আনহাতে, আন দুখন টি-20 মেচ 14 অক্টোবৰ (কানবেৰা) আৰু 17 অক্টোবৰত (এডিলেইড) অনুষ্ঠিত হ'ব ৷

বিৰাট কোহলীক প্ৰশংসা
ভাৰতৰ বিৰুদ্ধে ছিৰিজক 'অবিশ্বাস্যভাৱে বিশেষ' আখ্যা ষ্টিভ স্মিথৰ

চাৰিখনীয়া টেষ্ট ছিৰিজ 3 ডিচেম্বৰৰ পৰা ব্ৰিছবেনত অনুষ্ঠিত হ'ব ৷ ইয়াৰ পাচতে 11 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ এডিলেইডত দ্বিতীয়খন দিবা-নৈশ টেষ্ট মেচ অনুষ্ঠিত হ'ব ৷ আনহাতে, তৃতীয় আৰু চতুৰ্থ টেষ্ট মেচ ক্ৰমে মেলবৰ্ণ (26-30 ডিচেম্বৰ) আৰু ছিডনীত (3-7 জানুৱাৰী) অনুষ্ঠিত হ'ব ৷

স্মিথে ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ সৈতে বন্ধুত্ব সম্পৰ্কতো মন্তব্য কৰে আৰু কোহলী 'এজন ভাল মানুহ' বুলি কয় ৷ উল্লেখ্য যে, যোৱা বছৰ বিশ্বকাপৰ সময়ত কোহলীয়ে অভেল গ্ৰাউণ্ডত ভাৰতীয় অনুৰাগীক স্মিথক সমৰ্থন কৰিবলৈ অনুৰোধ জনাইছিল ৷ ইয়াৰ ফলত ভাৰতীয় অধিনায়ক গৰাকীয়ে ICC Spirit of Cricket সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷

"ভাৰতীয় অনুৰাগীক আমাক সমৰ্থন জনাবলৈ বিৰাট কোহলীয়ে অনুৰোধ জনাওঁতে মই আৰু ডেভিদ ৱাৰ্ণাৰ আচৰিত হৈ পৰিছিলো ৷ ইয়াৰ বাবে মই তেওঁক প্ৰশংসা কৰিছিলো ৷"

লগতে পঢ়ক : ভাৰতৰ ক্ষেত্ৰত নেপালে সংশোধন কৰিলে নাগৰিকত্ব আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.