ETV Bharat / sports

ভাৰতৰ ইচ্ছাকৃত পৰাজয় ! ধোনীৰ ওপৰত সন্দেহ কৰাক লৈ ষ্ট'কছক নিন্দা শ্ৰীশান্তৰ

author img

By

Published : Jun 9, 2020, 1:59 PM IST

S Sreesanth slams Ben Stokes for questioning MS Dhoni's intent during 2019 World Cup match against England
S Sreesanth slams Ben Stokes for questioning MS Dhoni's intent during 2019 World Cup match against England

ক্ৰিকেট মহলত এতিয়া সাবাতোকৈ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ আছে 2019 বিশ্বকাপৰ ভাৰত আৰু ইংলেণ্ডৰ এখন মেচ । কাৰণ প্ৰশ্ন উঠিছে সেই মেচখনত ভাৰতে ইচ্ছানুসৰি পৰাজয়বৰণ কৰিছিল নেকি ইংলেণ্ডৰ বিৰুদ্ধে । পাকিস্তানী ক্ৰিকেটাৰৰ দ্বাৰা এই অভিযোগ উত্থাপনৰ পাচতেই ইংলেণ্ডৰ অল ৰাউণ্ডাৰ বেন ষ্ট'কছে তেওঁৰ "অন ফায়াৰ" কিতাপখনতো উল্লেখ কৰিছে এই প্ৰসংগ । মেচখনত ধোনীৰ খেলাৰ ধৰণকলৈও সন্দেহ ব্যক্ত কৰিছে খেলুৱৈগৰাকীয়ে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেটাৰ শ্ৰীশান্তে ।

স্পৰ্টছ ডেস্ক, 9 জুনঃ 2019 বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ ইচ্ছাকৃত পৰাজয়বৰণ বিষয় সন্দৰ্ভত ধোনীৰ ভূমিকাক লৈ সন্দেহ কৰা ইংলেণ্ডৰ অলৰাউণ্ডাৰ বেন ষ্ট'কছক নিন্দা শ্ৰীশান্তৰ । শেহতীয়াকৈ বেন ষ্ট'কছে তেওঁৰ কিতাপ "অন ফায়াৰত" ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 31 ৰানত পৰাজয়বৰণ কৰা মেচখনত ধোনীৰ খেলাৰ ধৰণক লৈ সন্দেহ ব্য়ক্ত কৰিছিল ।

এই সন্দৰ্ভতেই ভাৰতীয় ক্ৰিকেটাৰ শ্ৰীশান্তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, বেন ষ্ট'কছৰ কাৰণে মই কেৱল এটা কথাই ক'ব খোজো যে, আপুনি প্ৰাৰ্থনা কৰা উচিত যে, ভৱিষ্যতে ধোনী আপোনাৰ বিৰুদ্ধে অৱতীৰ্ণ নহয় । ধোনীয়ে সহজে বিষয় সমূহ পাহৰি নায়ায় । এক লাইভ চেচনত এই কথা উল্লেখ কৰে শ্ৰীশান্তে ।

শ্ৰীশান্তে লগতে কয়, মই ষ্ট'কছক শুভকামানা জ্ঞাপন কৰিছো যেতিয়াই ধোনীৰ মুখামুখি হয় । সেয়া লাগিলে আইপিএলয়ে হওক অথবা ইংলেণ্ড বনাম ভাৰতৰ মেচ হওক । আপুনি লাখ টকা উপাৰ্জন কৰিব পাৰে কিন্তু ধোনীয়ে ভায়ে আপোনাৰ কেৰিয়াৰ সমাপ্ত কৰিবলৈ সক্ষম । ধোনীয়ে খেল পথাৰৰ চাৰিওকোনলৈ বল মাৰি যাব আৰু তেওঁ (ষ্টকছে) কেতিয়াও আউট কৰিব নোৱাৰিব ধোনীক । মুখ খোলাৰ পূৰ্বে হেলমেট পৰিধান সুনিশ্চিত কৰাটো উচিত বুলি কয় শ্ৰীশান্তে ।

বেন ষ্ট'কছ
বেন ষ্ট'কছ

আনহাতে এই বিষয় সন্দৰ্ভত প্ৰাক্তন ৱেষ্ট ইণ্ডিজ খেলুৱৈ মাইকেল হল্ডিঙেও ধোনীৰ সমৰ্থনত মাত-মতা পৰিলক্ষিত হৈছে । য'ত তেওঁ ষ্ট'কছৰ কিতাপ লিখাকলৈ কটাক্ষও কৰা দেখা পোৱা গৈছে । তেওঁ কৈছে, আজি কালি কিছু লোকে কিতাপত যিকোনো শিখিবলৈ ধৰে, কাৰণ নিজৰ মতামত দাঙি ধৰিবলৈ স্বতন্ত্ৰ । যেতিয়াই তেওঁলোকে কিতাপ লিখিবলৈ ধৰে তেওঁলোকক শিৰোণাম দখলৰো প্ৰয়োজন হয় বুলি উল্লেখ কৰে ।

তেওঁ লগতে কয়, এইখন এনে এখন মেচ আছিল য'ত ভাৰতক জয়ৰ প্ৰয়োজন নাছিল । কিন্তু মই ভাৱো কোনেও ক'ব নোৱাৰিব এই এক ৰণনীতিৰ অধীনত পৰাজয় আছিল । মই স্বয়ং মেচখন উপভোগ কৰিছো, মই অনুভৱ কৰিছো ভাৰতে 100 শতাংশ নিজৰ প্ৰদান কৰা নাই মেচখনত । কিন্তু মই ধোনীৰ অভিব্যক্তিৰ পাচত এই ধাৰণা সলনি কৰিছো । ধোনীয়ে মেচখন জয়ী হ'বলৈ বিচাৰিছিল । মই নাভাৱো এইয়া এক দলীয় সিদ্ধান্ত আছিল মেচখন জয়ী নোহোৱাৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.