ETV Bharat / sports

মুকলি হ'ব বিমান সেৱা : শীঘ্ৰেই আৰম্ভ হ'ব নেকি আইপিএল-১৩ !

author img

By

Published : May 21, 2020, 10:24 PM IST

কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলতে বৰ্তমান সময়ত স্তব্ধ হৈ পৰিছে ক্ৰীড়াজগতৰ সকলো কাৰ্য-কলাপ । ইয়াৰ লগতে স্থগিত হৈ আছে ভাৰতৰ জনপ্ৰিয় ক্ৰিকেট লীগ আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ । কিন্তু শেহতীয়াকৈ বিমান সেৱাৰ মুকলিৰ নিৰ্দেশৰ পাচতেই আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ আৰম্ভ হ'ব নেকি তাক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত চলিছে ব্য়াপক চৰ্চা ।

resumption of domestic flights to pave way for ipl
resumption of domestic flights to pave way for iplresumption of domestic flights to pave way for ipl

স্পৰ্টছ ডেস্ক, ২১ মে': কৰ'ণা ভাইৰাছৰ ফলত দেশত চতুৰ্থ পৰ্যায়ৰ লক্ ডাউন ঘোষণা কৰাৰ মাজতেই ২ মাহৰ অন্তত শেহতীয়াকৈ চৰকাৰে ঘৰুৱা বিমান সেৱা আৰম্ভ কৰাৰ পুনৰ অনুমতি প্ৰদান কৰিছে । কেন্দ্ৰীয় নাগৰিক বিমানচালনা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে টুইট যোগে আগন্তুক ২৫ মে' ৰ পৰা ঘৰুৱা বিমান চলাচলৰ কথা সদৰী কৰে । দেশত যোৱা ২৩ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান আৰু ২৫ মাৰ্চৰ পৰা ঘৰুৱা বিমান চলাচলত নিষেধজ্ঞা আৰোপ কৰা হৈছিল । ইয়াৰ পূৰ্বে ৰে'ল সেৱা সমূহো চলাচল কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

আনহাতে লক্ ডাউন ৪.০ ৰ বৃদ্ধি কৰাৰ পূৰ্বে গৃহমন্ত্ৰণালয়ৰ পৰা সকলো ক্ৰীড়া কমপ্লেক্স, ষ্টেডিয়াম সমূহো দৰ্শক বিহীন ভাৱে খোলা আৰু খেলাৰ অনুমতি প্ৰদান কৰিছিল । এই সকলোবোৰ দিশৰ মাজতেই এতিয়া যথেষ্ট চৰ্চা লাভ কৰিছে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণৰ আয়োজনৰ জল্পনা-কল্পনাৰ বিষয়টো ।

কিন্তু এনে পৰিস্থিতিত বিচিচিআইয়ে আইপিএল অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰিলে কেৱল ভাৰতীয় খেলুৱৈৰ দ্বাৰাহে আইপিএল অনুষ্ঠিত কৰিব লাগিব । কাৰণ বৰ্তমানো আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ অনুমতি প্ৰদান কৰা হোৱা নাই । কিন্তু এই চিন্তাৰ বিৰোধীতা কৰিছে তিনিবাৰৰ আইপিএল খিতাপ বিজয়ী চেন্নাই চুপাৰ কিংছে ।

শীঘ্ৰেই আৰম্ভ হ'ব নেকি আইপিএল-১৩
শীঘ্ৰেই আৰম্ভ হ'ব নেকি আইপিএল-১৩

চেন্নাই চুপাৰ কিংছৰ ফালৰ পৰা কোৱা হৈছে, চেন্নাই চুপাৰ কিংছে ভাৰতীয় খেলুৱৈ সকলকলৈ আইপিএল আয়োজন কৰাক লৈ মুঠেই ইচ্ছুক নহয় । এনে কৰিলে আমি আন এটা ছৈয়দ মুস্তাক আলী ট্ৰফী খেলি থকাৰ দৰে হ'ব বুলি কয় । COVID-১৯ মহামাৰীৰ ফলত পৰিস্থিতি বেয়ালৈ গতি কৰাৰ পাচত ফ্ৰেনচাইজী সকল বিচিচিআইৰ কাষ চপা নাই বুলিও উল্লেখ কৰে । আনহাতে এই বৰ্ষৰ অন্তিম ফালে আইপিএল আয়োজনৰ আশা প্ৰকাশ কৰিছে ধোনী নেতৃত্বাধীন দলটোৱে । অৱশ্যে এই ক্ষেত্ৰত ২০০৮ বৰ্ষৰ চেম্পিয়ন দল ৰাজস্থান ৰয়েলছে চেন্নাই দলৰ চিন্তাধাৰাৰ বিপৰীতে ভাৰতীয় খেলুৱৈৰ দ্বাৰা আইপিএল আয়োজনৰ পোষকতা কৰিছে ।

উল্লেখ্য় যে, বিচিচিআইৰ ফালৰ পৰাও যিকোনো প্ৰকাৰে আইপিএল আয়োজনৰ নতুন সমীকৰণ বিচাৰি থকা হৈছে । কাৰণ আইপিএল বাতিল হ'লে এক বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ'ব বিচিচিআই । অনুমানিক ৪ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'ব বুলি ধাৰ্য কৰা হৈছে ।

শেহতীয়াকৈ প্ৰকাশ পোৱা এক খবৰ মতে বিচিচিআইয়ে আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ অহা ২৫ ছেপ্তেম্বৰৰ পৰা ১ নৱেম্বৰৰ ভিতৰত আয়োজন কৰাৰ চিন্তা-চৰ্চা চলাই আছে । অৱশ্যে সেইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া দেশত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পৰা যাব । গতিকে এতিয়াই কোনো সিদ্ধান্ত উপনীত হোৱাটো বা ইয়াক লৈ মন্তব্য কৰাটো সঠিক নহ'ব । সেইয়া পৰৱৰ্তী সময়ত হে লক্ষ্যণীয় হ'ব ।

উল্লেখ্য যে, ২০২০ আইপিএলৰ বাবে আন এক প্ৰত্যাহ্বান হৈছে এই বৰ্ষত অষ্ট্ৰেলিয়াত ১৮ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈ হ'বলগীয়া টি-২০ বিশ্বকাপ । টি-২০ বিশ্বকাপ আইচিচিয়ে স্থগিত কৰিলে হে আইপিএলৰ আয়োজনৰ সম্ভৱনা অধিক বৃদ্ধি পাব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.