ETV Bharat / sports

পুনৰ চৰ্চালৈ আহিছে ধোনী আৰু জীভা !

author img

By

Published : Apr 21, 2020, 3:55 PM IST

jeeva and dhoni and enjoying in farm house in ranchi
jeeva and dhoni and enjoying in farm house in ranchi

লক ডাউনৰ মাজতেই ফাৰ্ম হাউছত কন্যাৰ সৈতে ৰং ধেমালী ধোনীৰ । পিতৃ মহেন্দ্ৰ সিং ধোনীৰ সৈতে ৰং-ধেমালী কৰাত ব্যস্ত দেখা পোৱা গৈছে জীভাক । পিতৃৰ সৈতে পুৰণি ৰাজদূত বাইকতো উঠি আনন্দ লাভ কণমানীজনীৰ ।

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ দেশত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ ঘোষণা কৰা হৈছে দ্বিতীয়টো লক ডাউন । এই মহামাৰী ফলতেই ক্ৰীড়া জগতৰ সকলো কাৰ্যকলাপো বন্ধ হৈ পৰিছে । শেহতীয়াকৈ আইপিএলৰ ত্ৰয়োদশ সংস্কৰণো বৰ্তমান অনিৰ্দিষ্ট কাললৈ স্থগিত কৰা হৈছে । তেনেস্থলত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক দেখা পোৱা গৈছে নিজৰ ৰাজধানী চহৰ ৰাঁচীত পৰিয়ালৰ সৈতে ফাৰ্ম হাউছত সময় অতিবাহিত কৰা । সঘনাই ধোনী আৰু ধোনীৰ পৰিয়ালৰ ফটো ভাইৰেল হ'বলৈ ধৰিছে। লগতে পুনৰ চৰ্চালৈ আহিছে কন্যা জীভাৰ সৈতে ধোনীৰ এখন ফটো।

ফাৰ্ম হাউছৰ ভিতৰৰ এখন গাৰ্ডেনত ধোনীয়ে কন্যাৰ সৈতে পূৰণি ৰাজদূত বাইক চলাই থকা এখন ফটো ভাইৰেল হৈছে । ফটোখনত ধোনীয়ে বাইক চলাই থকাৰ বিপৰীতে জীভা পিচফালে বহি আনন্দ কৰি থকা দেখা গৈছে । বৰ্তমান ধোনী অনুৰাগীৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে পিতৃ-পুত্ৰিৰ এই ফটোখন। আনহাতে ধোনীৰ বাইকৰ প্ৰতি আগ্ৰহৰ কথা সকলোৱে পৰিচিত। বহু পূৰণি বাইকৰ লগতে বজাৰত নতুনকৈ মুকলি লাভ কৰা বহু বাইক আছে ধোনীৰ ওচৰত ।

উল্লেখ্য যে,লক ডাউনৰ বাবেই সকলো খেলুৱৈ নিজৰ নিজৰ ঘৰত আবদ্ধ হৈ আছে। অৱশ্য়ে সকলো খেলুৱৈয়ে নিজৰ নিজৰ পৰিয়ালৰ সৈতে সুন্দৰকৈ সময় অতিবাহিত কৰিছে। বহুতে ঘৰৰ পৰা কিছু কিছু ফটো,ভিডিঅ' নিজৰ অনুৰাগীৰ বাবে ছ'চিয়েল মিডিয়াত প'ষ্ট কৰা পৰিলক্ষিত হৈছে । ব্যতিক্ৰম দেখা নগ'ল মহন্দ্ৰ সিং ধোনীকো।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.