ETV Bharat / sports

জাভেদ মিয়াঁদাদৰ কোনটো মন্তব্যৰ পাচত পাকিস্তানলৈ গৈছিল ইৰফান পাঠানৰ পিতৃ !

author img

By

Published : Apr 20, 2020, 10:03 AM IST

এটা অনুষ্ঠানত ২০০৩-০৪ ৰ পাকিস্তান ভ্ৰমণৰ এক ঘটনাৰ কথা প্ৰকাশ ইৰফান পাঠানৰ । সেই সময়ৰ পাকিস্তান ক্ৰিকেট দলৰ প্ৰশিক্ষক জাৱেদ মিয়াঁদাদৰ কোনো মন্তব্যত ক্ষুদ্ধ হৈ পৰিছিল পাঠানৰ পিতৃ ক'লে পাঠানে ।

My father was upset on Miandads comment during 2003-04 Pakistan tour, reveals Irfan Pathan
My father was upset on Miandads comment during 2003-04 Pakistan tour, reveals Irfan Pathan

স্পৰ্টছ ডেস্ক, ২০ এপ্ৰিলঃ ২০০৩-০৪ বৰ্ষত সৌৰভ গাংগুলীৰ নেতৃত্বত পাকিস্তানলৈ ভ্ৰমণ কৰিছিল ভাৰতীয় ক্ৰিকেট দলটো । এক অনুষ্ঠানত সেই ভ্ৰমণ কালৰে এটা ঘটনাৰ কথা ৰোমন্থন কৰি ভাৰতৰ প্ৰাক্তন অল ৰাউণ্ডাৰ খেলুৱৈ ইৰফান পাঠানে কৈছিল,সেইটো ঘটনাই আনকি মৰ্মাহত কৰিছিল পাঠানৰ পিতৃকো ।

আচলতে এই ভ্ৰমণ কালত পাকিস্তানৰ প্ৰশিক্ষক আছিল প্ৰাক্তন ক্ৰিকেটাৰ জাভেদ মিয়াঁদাদ । জাভেদ মিয়াঁদাদৰ এটা মন্তব্যই মৰ্মাহত কৰিছিল পাঠানৰ লগতে পাঠানৰ পিতৃক ।

জাৱেদ মিয়াঁদাদ
জাৱেদ মিয়াঁদাদ

পাঠানে কয় সেই সময়ত মিয়াঁদাদে কৈছিল,পাঠানৰ দৰে বলাৰ পাকিস্তানৰ প্ৰতিটো পদপথত পোৱা যায় । এই মন্তব্যই বাতৰি কাকত সেই সময়ত যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু বাতৰি কাকতৰ জৰিয়তেই এই কথা গম পাইছিল পাঠানৰ পিতৃয়ে । ইয়াৰ পাচত পাঠানে কয়, মোৰ মনত আছে অন্তিমখন মেচত পাকিস্তানলৈ আহিছিল তেওঁৰ পিতৃ। তেওঁ মোৰ কাষত আহি কৈছিল তেওঁ পাকিস্তানৰ ড্ৰেছিং ৰুমলৈ গৈ জাভেদ মিয়াঁদাদক লগ কৰিব বিচাৰ। পাঠানে তেতিয়া পিতৃক তেনে কৰাটো বিচৰা নাছিল বুলি উল্লেখ কৰিছিল ।

ইৰফান পাঠান
ইৰফান পাঠান

সেই সময়তেই মিয়াঁদাদে মোৰ পিতৃক দেখা পাই কৈছিল,আপোনাৰ পুত্ৰক লৈ মই একো মন্তব্য কৰা নাই । তেতিয়া প্ৰত্যুত্তৰত পাঠানৰ পিতৃয়ে কৈছিল,মই ইয়ালৈ আপোনাক কিবা ক'বলৈ অহা নাই। মই আপোনাক এজন ভাল খেলুৱৈ হিচাপে লগ কৰিবলৈ আহিছিলো।

সৌৰভ গাংগুলীৰ নেতৃত্বত ভাৰতীয় দলটোৱে সেই ভ্ৰমণকালত টেষ্ট শৃংখলা ২-১ আৰু এদিনীয়া শৃংখলা ৩-২ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছিল । অৱশ্যে পাকিস্তানৰ অতিথি পৰায়ণ দেখি আপ্লুত হৈছিল পাঠান । ইয়াৰ লগতে শৃংখলা জয়ী হোৱাৰ পাচত শচীন তেণ্ডুলকাৰে তেওঁক গান গাবলৈ দিয়া ইত্যাদি কথা সোঁৱৰি গোটেই দলটো একতাৰে খেলিছিল বুলি উল্লেখ কৰে পাঠানে ।

আনহাতে প্ৰাক্তন ভাৰতীয় দ্ৰুতবেগী বলাৰ আশীষ নেহৰাও এই শৃংখলাৰ বিষয়ে উল্লেখ কৰি কয়,সেই ৬ সপ্তাহত মই সো-বাওঁ দিশে ছয় মাৰি আছিলো তাক লৈ কোনো সন্দেহ নাছিল। বীৰেন্দ্ৰ ছেহৱাগৰ ত্ৰি-শতক,ৰাহুল দ্ৰাৱিড়ৰ দ্বি-শতক,ইৰফান পাঠানৰ সুন্দৰ প্ৰদৰ্শন সকলো আছিল । কিন্তু মোৰ বাবে খেলপথাৰৰ বাহিৰত পাকিস্তান ৰাষ্ট্ৰৰ সকলোতে লক্ষ্মীপতি বালাজীৰ চৰ্চা চলিছিল । লগতে নেহৰাই কয় মোৰ মনত আছে, মিয়াঁদাদে সম্পূৰ্ণ ভাৰতীয় দলটোক নিজৰ ঘৰত আহাৰ গ্ৰহণৰ বাবে মাতিছিল । সঁচাকৈ খাদ্যৰ লগতে তেওঁৰ ঘৰতো অতি সুন্দৰ আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.