ETV Bharat / sports

আইপিএলক লৈ প্ৰস্তুতি ফ্ৰেনচাইজীৰ

author img

By

Published : Jul 18, 2020, 7:34 PM IST

আমি খেলুৱৈ সকলক একত্ৰিত কৰাৰ প্ৰস্তুতি চলাই আছো ৷ আমি সকলো দলক বায়’-সুৰক্ষা পৰিৱেশত ৰখাৰ ব্যৱস্থা কৰিম ৷ পৰীক্ষা কৰাৰ পাচত সংযুক্ত আৰৱ আমিৰাতলৈ ৰাওনা হ’ম - ফ্ৰেনচাইজী ৷

ipl franchises begin preparations for uae
ipl franchises begin preparations for uae

স্পৰ্টছ ডেস্ক, 18 জুলাই : আইপিএলক লৈ অনিশ্চয়তা বৰ্তি আছে যদিও সমান্তৰালকৈ আইপিএলৰ আয়োজনৰ প্ৰস্তুতিৰ বহু খবৰ আহি পৰিছে ৷ অৱশ্যে আইচিচিৰ টি-20 বিশ্বকাপৰ আয়োজনৰ নিৰ্ণয়ৰ বাবে এতিয়াও অপেক্ষাৰত বিচিচিআই ৷ কিন্তু ইতিমধ্যে আইপিএলৰ ফ্ৰেনচাইজী সকলে অনুমান কৰিবলৈ সক্ষম হৈছে যে, আইপিএলৰ আয়োজন সংযুক্ত আৰৱ আমিৰাতত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷

সংযুক্ত আৰৱ আমিৰাত আইপিএল হোৱাৰ সম্ভাৱনা
সংযুক্ত আৰৱ আমিৰাত আইপিএল হোৱাৰ সম্ভাৱনা

এগৰাকী ফ্ৰেনচাইজীয়ে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰাৰ কথা উল্লেখ কৰে লগতে আবু ধাবীত হোটেলৰ বাচ-বিচাৰৰো কাম আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে ৷ আনকি অনুশীলন কেনেকৈ কৰিব সেই বিষয়েও ৰণনীতি তৈয়াৰ কৰা হৈ আছে বুলি উল্লেখ কৰে ৷

ইয়াৰ লগতে এই ক্ষেত্ৰত জ্ঞানীৰ দৰে আৰু ক্ষিপ্ৰতাৰে কাম কৰাৰ প্ৰয়োজন আছে বুলি কয় ৷ ইতিমধ্যে জৰুৰী নিৰ্দেশনা প্ৰদান কৰা হৈছে আৰু সেই অনুসৰি প্ৰস্তুতি অব্যাহত আছে বুলি কয় ৷ লগতে ঠিক কৰা হৈছে, আমি আবু ধাবীত ক’ত বাহৰ পাতিম, ক’ত কোৱাৰেণ্টাইন থাকিম ৷ নিশ্চিত ভাৱে দেশখনৰ নীতি-নিৰ্দেশনাও পালন কৰিব লাগিব বুলি কয় ৷

আনহাতে প্ৰাক্তন বিজয়ী ফ্ৰেনচাইজীয়ে জনোৱা মতে, সংযুক্ত আৰৱ আমিৰাতত ৰাওনা হোৱাৰ পূৰ্বে ভাৰতত আইচ’লেচনৰ সময়ৰ ওপৰত আলোচনা কৰা হৈছে বুলিও জানিবলৈ দিয়ে ৷ য’ত খেলুৱৈ সকলক একত্ৰিত কৰাৰ প্ৰস্তুতি চলাই থকা হৈছে ৷ সকলো দলকে বায়’-সুৰক্ষা পৰিৱেশত ৰখাৰ ব্যৱস্থা কৰা হ’ব আৰু পৰীক্ষা কৰাৰ পাচত সংযুক্ত আৰৱ আমিৰাতলৈ ৰাওনা কৰা হ’ব ৷ কোনো লোক যাতে সংক্ৰমিত নহয় সেয়েহে আইচ’লেচনৰ পিচত ৰাওনা হোৱাটো প্ৰয়োজনীয় বুলি কয় ৷ আৰু যাতায়তৰ বাবে চাৰ্টাৰ বিমান ব্যৱহাৰ সঠিক পদক্ষেপ হ’ব বুলি কয় ৷

অৱশ্যে আন এগৰাকী ফ্ৰেনচাইজীয়ে ফাৰ্ষ্ট ক্লাছ ট্ৰেভেলছৰ হে পোষকতা কৰে ৷ কাৰণ সেই সময়ত সামাজিক দূৰত্ব মানি চলাটো অতিকৈ জৰুৰী ৷ যাৰ বাবে ভাৰতত খেলুৱৈ সকল একত্ৰিত হোৱাৰ কথা পোষকতা নকৰি নিজ নিজ স্থানৰ পৰাই ৰাওনা হোৱাৰ কথা উল্লেখ কৰে ৷ অৱশ্যে বিমান সেৱা আৰম্ভ নহ’লে পৰিস্থিতি বেলেগ হ’ব বুলিও কয় ফ্ৰেনচাইজীয়ে ৷ ইপিনে বিদেশী খেলুৱৈ সকলক পোনে পোনে সংযুক্ত আৰৱ আমিৰাতত নিয়ালৈ একমত সকলো ফ্ৰেনচাইজী সকল ৷

লগতে চাওক-জঘন্য : শিক্ষকৰ কামনাৰ বলি ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.