ETV Bharat / sports

অহা ৮ এপ্ৰিলত সম্পন্ন হ'ব শ্ৰেয়াছ আয়াৰৰ অস্ত্ৰোপচাৰ

author img

By

Published : Apr 2, 2021, 6:59 PM IST

অহা ৮ এপ্ৰিলত সম্পন্ন হ'ব শ্ৰেয়াছ আয়াৰৰ অস্ত্ৰোপচাৰ
অহা ৮ এপ্ৰিলত সম্পন্ন হ'ব শ্ৰেয়াছ আয়াৰৰ অস্ত্ৰোপচাৰ

ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰৰ অস্ত্ৰোপচাৰ অহা ৮ এপ্ৰিলত সম্পন্ন হ'ব । যোৱা ২৩ মাৰ্চত পুণেত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত আয়াৰ আঘাতপ্ৰাপ্ত হৈছিল । বাহুত আঘাত পাইছিল আয়াৰে । অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত ৪ মাহৰ পিছতহে আয়াৰ খেলপথাৰলৈ উভতি অহাৰ সম্ভাৱনা আছে ।

স্পৰ্টছ ডেস্ক, ২ এপ্ৰিল: ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেল অনুষ্ঠিত হৈ থকাৰ মাজতে বাহুত আঘাত পোৱা ভাৰতীয় বেটছমেন শ্ৰেয়াছ আয়াৰৰ অস্ত্ৰোপচাৰ অহা ৮ এপ্ৰিলত সম্পন্ন হ'ব । এই আঘাতৰ বাবে শেহতীয়া দুখন এদিনীয়া খেলত অংশ লোৱাৰ পৰা বিৰত থাকিবলগীয়া হোৱাৰ লগতে আই পি এলতো অংশ ল'ব নোৱাৰিব আয়াৰে ।

যোৱা ২৩ মাৰ্চত পুণেত প্ৰথমখন এদিনীয়া খেলত জনী বেয়াৰষ্ট'ই বেটিং কৰি থকাৰ সময়ত শৰদুল থাকুৰৰ বলত আয়াৰ আহত হৈছিল । বাহুত আঘাত পোৱাৰ পিছতে ফিল্ডত বাগৰি পৰিছিল আয়াৰ । অসহনীয় বিষৰ বাবে ফিল্ড এৰি যাবলগীয়া হৈছিল খেলুৱৈগৰাকী । এক সূত্ৰই জানিবলৈ দিয়া মতে, অহা ৮ এপ্ৰিলত শ্ৰেয়াছ আয়াৰৰ অস্ত্ৰোপচাৰ সম্পন্ন হ'ব । অতি কমেও চাৰি মাহলৈ তেওঁ খেলিব নোৱাৰাৰ সম্ভাৱনা আছে ।

যোৱা সপ্তাহত আয়াৰে টুইটযোগে কৈছিল যে, যিমান ডাঙৰ ব্যাঘাত আহি পৰে, প্ৰত্যাৱৰ্তন সিমানেই শক্তিশালী হয় । লগতে তেওঁ সোনকালে উভতি আহিব বুলিও টুইটত লিখিছিল । অনুৰাগীয়ে তেওঁৰ আৰোগ্য কামনাৰে প্ৰেৰণ কৰা বাৰ্তা তেওঁ পঢ়িছে আৰু অনুৰাগীয়ে দিয়া মৰমৰ বাবে তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক:ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন শচীন তেণ্ডুলকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.