ETV Bharat / sports

অকলেণ্ড টি-20: 6 উইকেটত বৃহৎ জয় ভাৰতৰ

author img

By

Published : Jan 24, 2020, 4:16 PM IST

অকলেণ্ড টি-20: 6 উইকেটত বৃহৎ জয় ভাৰতৰ
অকলেণ্ড টি-20: 6 উইকেটত বৃহৎ জয় ভাৰতৰ

চতুৰ্থবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় টি-20 ত 200 ৰানৰ লক্ষ্য অতিক্ৰম ভাৰতৰ ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-20 ত 6 উইকেটত জয় লাভ বিৰাট বাহিনীৰ ৷ 204 ৰানৰ লক্ষ্য বান্ধি দিছিল নিউজিলেণ্ডে ৷

স্পৰ্টছ ডেস্ক, 24 জানুৱাৰীঃ অকলেণ্ডত অনুষ্ঠিত হোৱা প্ৰথমখন টি-20 জয় লাভ ভাৰতৰ ৷ 204 ৰানৰ বৃহৎ লক্ষ্য অতিক্ৰম কৰিবলৈ আহি 6 উইকেটত জয় লাভ কৰে ভাৰতীয় দলটোৱে ৷ 19 অভাৰত 4 টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ভাৰতীয় দলটো ৷ ভাৰতৰ জয়ত মুখ্য ভূমিকা পালন কৰে মিডিল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়াৰে ৷ আয়াৰে 29 টা বলত অপৰাজিত হৈ 58 ৰান কৰিবলৈ সক্ষম হয় ৷ আয়াৰৰ ইনিংছত 5 টা চাৰিৰ লগতে থাকে 3 টা আকাশলম্বী ছয় ৷

শ্ৰেয়াছ আয়াৰ
শ্ৰেয়াছ আয়াৰ

আয়াৰৰ লগতে ভাৰতৰ হৈ কে.এল ৰাহুলে 27 টা বলত 56, বিৰাট কোহলিয়ে 32 টা বলত 45 ৰানৰ বৰঙণি আগবঢ়ায় ৷ ৰোহিত শৰ্মাই কেৱল 7 ৰান কৰিবলৈ সমৰ্থ হয় ৷ মেচখনত সুন্দৰ প্ৰদৰ্শন কৰা শ্ৰেয়াছ আয়াৰক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয় ৷

BCCI TWITTER
ভাৰত বনাম নিউজিলেণ্ড প্ৰথম টি-20

টছত জয় লাভ কৰি ভাৰতে প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰি বেটিঙৰ বাবে আমন্ত্ৰণ জনাইছিল নিউজিলেণ্ড দলটোক ৷ নিউজিলেণ্ড দলটোৱে নিৰ্ধাৰিত 20 অভাৰত পাঁচ উইকেটৰ বিনিময়ত 203 ৰানৰ বিশাল লক্ষ্য বান্ধি দিছিল ভাৰতক ৷ নিউজিলেণ্ডৰ হৈ সৰ্বাধিক 59 ৰান কৰিবলৈ সক্ষম হয় কলিন মুনৰুৱে ৷ আনহাতে মাৰ্টিন গুপ্টিলে 30, কেন উলিয়ামচনে 51 আৰু ৰছ টেইলৰে অপৰাজিত 54 ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হৈছিল ৷ দেওবাৰে পুনৰ এইখন ষ্টেডিয়ামতেই অনুষ্ঠিত হ’ব দ্বিতীয়খন টি-20 মেচ ৷

Intro:Body:

INDIA VS NEWZEALAND CRICKET MATCH


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.