ETV Bharat / sports

দ্বিতীয় ইনিংছত 103/2 ৰাণেৰে 197 ৰাণৰ অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

author img

By

Published : Jan 9, 2021, 5:03 PM IST

দ্বিতীয় ইনিংছত দুই উইকেটৰ বিনিময়ত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ 103 ৰাণ ৷ ইয়াৰ জৰিয়তে ঘৰুৱা দলটোৱে 197 ৰাণৰ অগ্ৰগতি লাভ কৰিছে ৷

ভাৰতীয় দল
ভাৰতীয় দল

স্পৰ্টছ ডেস্ক, 9 জানুৱাৰী : তৃতীয় টেষ্টৰ তৃতীয় দিনা দ্বিতীয় ইনিংছত দুই উইকেটৰ বিনিময়ত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ 103 ৰাণ ৷ ইয়াৰ জৰিয়তে ঘৰুৱা দলটোৱে 197 ৰাণৰ অগ্ৰগতি লাভ কৰিছে ৷

দিনটোৰ অন্তত অপৰাজিত হৈ ৰৈছে ষ্টিভ স্মিথ (29) আৰু মাৰ্নাছ লাবুছেইন (47) ৷

অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছত 338 ৰাণৰ বিপৰীতে ভাৰতে 244 ৰাণত আটাইকেইটা উইকেট হেৰুৱায় ৷ ফলত 94 ৰাণত পিছপৰি ৰয় ভাৰতীয় দল ৷

চেতেশ্বৰ পূজাৰা
চেতেশ্বৰ পূজাৰা

অষ্ট্ৰেলিয়াৰ আটাইতকৈ সফল বলাৰ হিচাপে পৰিগণিত হয় পেট কামিনছ ৷ কামিনছে 29 ৰাণত 4 টা আৰু জছ হেজলওদে 43 ৰাণত 2 টা উইকেট দখল কৰিবলৈ সক্ষম হয় ৷ আনহাতে, ভাৰতৰ হৈ শুভমন গীল আৰু চেতেশ্বৰ পূজাৰাই অৰ্ধশতক অৰ্জন কৰে ৷

ভাৰতে প্ৰথম ইনিংছ আৰম্ভ কৰি 244 ৰাণত অল আউট হয় ৷ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা সময়লৈকে ভাৰতে 180 ৰাণ সংগ্ৰহ কৰি কেৱল 4 টা উইকেট হেৰুৱাইছিল ৷ সেই সময়ত 144 বলত 42 ৰাণ সংগ্ৰহ কৰি আছিল পূজাৰাই ৷ তেওঁৰ সৈতে বেটিং কৰি থকা ঋষভ পন্তে 45 টা বলত সংগ্ৰহ কৰে 29 ৰাণ ৷

কিন্তু পন্ত আউট হোৱাৰ পাচতে ভাৰতৰ ইনিংছতো খহনীয়াৰ সৃষ্টি হয় ৷ ইয়াৰ পাচতে অৰ্ধশতক কৰি পূজাৰাও আউট হয় ৷ ভাৰতে কেৱল 37 ৰাণতে অন্তিম পাঁচটা উইকেট হেৰুৱায় ৷

লগতে পঢ়ক : তৃতীয় টেষ্টৰ দ্বিতীয় দিন : 2 উইকেটৰ বিনিময়ত ভাৰতৰ সংগ্ৰহ 96 ৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.