ETV Bharat / sports

টেষ্টত 10 সংখ্যক বাৰৰ বাবে ৱাৰ্ণাৰৰ উইকেট দখল অশ্বিনৰ

author img

By

Published : Jan 9, 2021, 7:10 PM IST

স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিন
টেষ্টত 10 সংখ্যক বাৰৰ বাবে ৱাৰ্ণাৰৰ উইকেট দখল অশ্বিনৰ

টেষ্টত 10 বাৰকৈ অশ্বিনৰ হাতত উইকেট হেৰুৱাইছে ডেভিদ ৱাৰ্ণাৰে ৷ পিংক টেষ্টৰ তৃতীয় দিনা দ্বিতীয় ইনিংছত অশ্বিনে 10 সংখ্যক বাৰৰ বাবে ৱাৰ্ণাৰৰ উইকেট দখল কৰে ৷

স্পৰ্টছ ডেস্ক, 9 জানুৱাৰী : স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিনে অষ্ট্ৰেলিয়াৰ অপেনিং বেটছমেন ডেভিদ ৱাৰ্ণাৰক 10 সংখ্যক বাৰৰ বাবে ক্ৰিকেটৰ দীৰ্ঘতম ফৰমেটত আউট কৰিবলৈ সক্ষম হৈছে ৷

পিংক টেষ্টৰ তৃতীয় দিনা দ্বিতীয় ইনিংছত অশ্বিনে 10 সংখ্যক বাৰৰ বাবে ৱাৰ্ণাৰৰ উইকেট দখল কৰে ৷

উল্লেখ্য যে, অশ্বিনৰ দ্বাৰা উইকেট হেৰুওৱা ক্ৰিকেটাৰৰ তালিকাত শীৰ্ষত আছে ৱাৰ্ণাৰ ৷ অফ স্পীনাৰগৰাকীয়ে ইংলেণ্ডৰ এলিষ্টেয়াৰৰ কুকক 9 বাৰ আৰু বেন ষ্টোকছক 7 বাৰ আউট কৰিছে ৷

কেৱল ইংলেণ্ডৰ ষ্টুৱাৰ্ট বৰ্ডেহে ৱাৰ্ণাৰক অশ্বিনতকৈ অধিকবাৰ আউট কৰিবলৈ সক্ষম হৈছে ৷ টেষ্টত ৱাৰ্ণাৰক 12 বাৰ আউট কৰিছে ষ্টুৱাৰ্ট বৰ্ডে ৷

আজিৰ মেচত অশ্বিনে ৱাৰ্ণাৰক এলবিডব্লিউ কৰি আউট কৰে ৷ ৱাৰ্ণাৰে ৰিভিউৰ বাবে আবেদন কৰে যদিও তেওঁক আউট ঘোষণা কৰা হয় ৷ দ্বিতীয় ইনিংছত ৱাৰ্ণাৰে 29 বলত সংগ্ৰহ কৰে 13 ৰাণ ৷

লগতে পঢ়ক : দ্বিতীয় ইনিংছত 103/2 ৰাণেৰে 197 ৰাণৰ অগ্ৰগতি অষ্ট্ৰেলিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.