ETV Bharat / sports

আইচিচি টেষ্ট ৰেংকিং : স্মিথ আৰু কোহলীক অতিক্ৰমেৰে শীৰ্ষত উইলিয়ামছন

author img

By

Published : Dec 31, 2020, 1:46 PM IST

আইচিচি পুৰুষ টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান দখল কেন উইলিয়ামছনৰ ৷ ষ্টিভ স্মিথ আৰু বিৰাট কোহলীক অতিক্ৰম কৰি শীৰ্ষ স্থান দখল কৰে উইলিয়ামছনে ৷

আইচিচি টেষ্ট ৰেংকিং
স্মিথ আৰু কোহলীক অতিক্ৰমেৰে শীৰ্ষত উইলিয়ামছন

স্পৰ্টছ ডেস্ক, 31 ডিচেম্বৰ : নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনে বৃহস্পতিবাৰে আইচিচি পুৰুষ টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰিছে ৷ অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ আৰু ভাৰতৰ বিৰাট কোহলীক অতিক্ৰম কৰি শীৰ্ষ স্থান দখল কৰে উইলিয়ামছনে ৷

পাকিস্তানৰ বিৰুদ্ধে প্ৰথম টেষ্টত মেচজয়ী ইনিংছ উপহাৰ দি টেষ্ট ৰেংকিঙত শীৰ্ষ স্থানলৈ উন্নীত হয় উইলিয়ামছন (129 আৰু 21) ৷ চাৰি বছৰৰ পাচত প্ৰথমবাৰৰ বাবে টেষ্ট ৰেংকিঙৰ শীৰ্ষ স্থান স্মিথ আৰু কোহলীৰ পৰিৱৰ্তে অন্য খেলুৱৈয়ে দখল কৰিছে ৷

ৰেড বল ক্ৰিকেটতো 2015 চনত কিছু সময়ৰ বাবে শীৰ্ষ বেটছমেন আছিল উইলিয়ামছন ৷ তেতিয়াৰে পৰাই তালিকাৰ শীৰ্ষ স্থানত আধিপত্য বিস্তাৰ কৰি আহিছিল কোহলী আৰু স্মিথে ৷

2020 চনতো স্মিথে 313 দিনৰ বাবে আৰু কোহলীয়ে 51 দিনৰ বাবে শীৰ্ষ স্থানত অধিষ্ঠিত হৈ আছিল ৷ 2008 চনৰ 19 বছৰ অনুৰ্ধ বিশ্বকাপ ক্ৰিকেটৰ পৰাই প্ৰতিদ্বন্দী কোহলী আৰু স্মিথক অতিক্ৰম কৰি উত্থান ঘটে উইলিয়ামছনৰ ৷

আইচিচিৰ বছৰৰ অন্তিম দিনৰ আপডেটত নিউজিলেণ্ড বনাম পাকিস্তান, অষ্ট্ৰেলিয়া বনাম ভাৰত আৰু শ্ৰীলংকা বনাম দক্ষিণ আফ্ৰিকাৰ প্ৰদৰ্শনকো অন্তৰ্ভূক্ত কৰা হৈছে ৷

লগতে পঢ়ক : সংকটৰ সময়ত ভাৰতে নিজৰ চৰিত্ৰ প্ৰদৰ্শন কৰিলে : ছোৱেইব আখটাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.