ETV Bharat / sports

আয়াৰলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ 14 জনীয়া দলৰ ঘোষণা

author img

By

Published : Jul 28, 2020, 2:46 AM IST

england announce 14 man squad for ireland odis
england announce 14 man squad for ireland odisengland announce 14 man squad for ireland odisengland announce 14 man squad for ireland odis

আয়াৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া তিনিখন এদিনীয়া মেচৰ বাবে সোমবাৰে ঘোষণা কৰা হ’ল ইংলেণ্ডৰ 14 জনীয়া দলৰ সদস্যৰ নাম ৷

স্পৰ্টছ ডেস্ক, 28 জুলাই : ইংলেণ্ড আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে সোমবাৰে ঘোষণা কৰা হয় ইংলেণ্ডৰ 14 জনীয়া এদিনীয়া দলটোৰ সদস্যৰ নাম ৷

আয়াৰলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ 14 জনীয়া দলৰ ঘোষণা

বৃহস্পতিবাৰৰ পৰা চাউথাম্পটন অনুষ্ঠিত হ’ব এই এদিনীয়া শৃংখলা ৷ খালী ষ্টেডিয়ামতে অনুষ্ঠিত কৰা হ’ব এই শৃংখলাৰ ৷ এই শৃংখলাৰ লগে-লগে আইচিচি বিশ্বকাপৰ ছুপাৰ লীগৰো শুভাৰম্ভণী হ’ব ৷ যিটো 2023 চনৰ বিশ্বকাপৰ কোৱালিফায়াৰ প্ৰক্ৰিয়াত সহায়ক হ’ব ৷

ইংলেণ্ড দলটোৰ নেতৃত্ব বিশ্বকাপ চেম্পিয়ন অধিনায়ক ইয়ন মৰ্গানৰ হাতত দিয়াৰ বিপৰীতে সহ অধিনায়কৰ দায়িত্ব দিয়া হৈছে মইন আলীক ৷

ইংলেণ্ড বনাম আয়াৰলেণ্ড
ইংলেণ্ড বনাম আয়াৰলেণ্ড

এই শৃংখলাক লৈ আয়াৰলেণ্ডৰ অধিনায়ক এণ্ড্ৰিও বালবৰ্নীয়ে কয়, বিশ্বচেম্পিয়নৰ সন্মুখত খেলাটো আমাৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰ কথা ৷ কিন্তু আমি সুন্দৰ প্ৰস্তুতি কৰিবলৈ সক্ষম হৈছো ৷ চলিত বৰ্ষৰ প্ৰথম অৱস্থাত আমাৰ যেনেদৰে ফৰ্ম আছিল তাক লৈ আমি আত্মবিশ্বাসী হৈ আছো ৷

ইংলেণ্ড দলটোত আছে : ইয়ন মৰ্গান (অঃ), মইন আলী (সঃঅঃ), জনী বেয়াৰষ্ট’, টম বেণ্টন, ছেম ব্লিংছ, টম কুৰেণ, লিয়াম ডাছন, জ’ ডেনলী, ছাকিব মহম্মুদ, আদিল ৰাছিদ, জেছন ৰয়, ৰীকে টাপ্লে, জেমছ ভীন্স আৰু ডেভিদ বিলে ৷

আনহাতে সংৰক্ষিত খেলুৱৈত আছে - ৰিচাৰ্ড গ্লীছন, লুইছ গ্ৰ’গৰী, লিয়াম লিভিং ষ্ট’ন ৷

লগতে চাওক-SERIE A : 9ম বাৰৰ বাবে চেম্পিয়ন জুভেণ্টাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.