ETV Bharat / sports

চতুৰ্থ টেষ্ট : প্ৰথম দিনাৰ অন্তত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ 274/5

author img

By

Published : Jan 15, 2021, 6:27 PM IST

প্ৰথম দিনাৰ অন্তত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ 274/5 ৷ টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে অষ্ট্ৰেলিয়া দলটোৱে ৷

চতুৰ্থ টেষ্ট
প্ৰথম দিনাৰ অন্তত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ 274/5

স্পৰ্টছ ডেস্ক, 15 জানুৱাৰী : চতুৰ্থ তথা অন্তিম টেষ্টৰ প্ৰথম দিনা টছত জয়ী হৈ অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰে ৷ দিনটোৰ অন্তত ঘৰুৱা দলটোৱে 5 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 274 ৰাণ ৷ দলটোৰ হৈ সৰ্বাধিক 108 ৰাণ সংগ্ৰহ কৰে মাৰ্নাছ লাবুছেইনে ৷

প্ৰথমে বেটিং কৰি 17 ৰাণতে অষ্ট্ৰেলিয়াই দুটাকৈ উইকেট হেৰুৱায় ৷ কিন্তু ইয়াৰ পাচতে উজ্বলি উঠে লাবুছেইন ৷ দিনটোৰ অন্তত বেটিং কৰি থাকে টিম পেইন (38) আৰু কেমেৰুণ গ্ৰীনে (28) ৷

204 বলৰ ইনিংছটোত লাবুছেইনে কোৱাই 9 টাকৈ চাৰি ৷ নৱদ্বীপ ছাইনীৰ বলিঙত আজিংকা ৰাহানেই 37 ৰাণত লাবুছেইনৰ কেচ ধৰিবলৈ অসমৰ্থ হয় ৷

দুপৰীয়াৰ আহাৰ গ্ৰহণ পৰ্যন্ত অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰিছিল 65/2 ৰাণ ৷ দ্বিতীয় ছেচনত দলটোৰ ৰাণ সংগ্ৰহৰ গতি দ্ৰুততম হৈ পৰে ৷ সেই ছেচনত দলটোৱে 27 অ'ভাৰত কেৱল এটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 89 ৰাণ ৷

কিন্তু অন্তিম ছেচনত অভিষেককাৰী টি. নটৰাজনে দখল কৰে লাবুছেইন আৰু মেথিউ ৱেডৰ (45) উইকেট ৷ চতুৰ্থ উইকেটৰ যুটীত দুয়োগৰাকী ক্ৰিকেটাৰে সংগ্ৰহ কৰে 113 ৰাণ ৷

আনহাতে, অন্য এগৰাকী অভিষেককাৰী ৱাশ্বিংটন সুন্দৰে দখল কৰে ষ্টিভ স্মিথৰ (36) উইকেট ৷

লগতে পঢ়ক : পিতৃ-মাতৃৰ গৌৰৱ অৰ্জন কৰিলে বিৰাট-অনুষ্কাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.