ETV Bharat / sports

Pakistan beat Afghanistan : পৰাজয় সহিব নোৱাৰি অনুৰাগীৰ মাজত কাজিয়া

author img

By

Published : Sep 8, 2022, 9:56 AM IST

Updated : Sep 8, 2022, 10:56 AM IST

পাকিস্তান আৰু আফগানিস্তানৰ মাজত বুধবাৰে এছিয়া কাপৰ এক ৰোমাঞ্চকৰ খেল অনুষ্ঠিত হৈছিল (PAK vs AFG Asia cup 2022)। য'ত অন্তিম অ'ভাৰত পাকিস্তানৰ খেলুৱৈয়ে ২টাকৈ ছয় মাৰি খেলখন জয়ী কৰাইছিল । কিন্তু তাৰ পাছতে শ্বাৰজাহ ষ্টেডিয়ামত উত্তেজনাৰ সৃষ্টি । আফগানিস্তানৰ অনুৰাগীয়ে চকী ভাঙি লণ্ডভণ্ড কৰে ।

Pakistan beat Afghanistan
পৰাজয় খহিব নোৱাৰি অনুৰাগীৰ মাজত কাজিয়া

স্পৰ্টছ ডেস্ক,৮ ছেপ্টেম্বৰ : এছিয়া কাপৰ (Asia Cup 2022) চুপাৰ-৪ৰ এখন গুৰুত্বপূৰ্ণ খেলত পাকিস্তানৰ হাতত পৰাস্ত আফগানিস্তানৰ দল । যুঁজি যুঁজি অন্তিম অ'ভাৰত আফগানিস্তানৰ পৰা বিজয় কাঢ়ি নিলে পাকিস্তানে । বুধবাৰে এই ৰোমাঞ্চকৰ খেল উপভোগ কৰিলে বিশ্বৰ ক্ৰিকেটপ্ৰেমীয়ে । পৰাজিত হ'লেও ক্ৰিকেটপ্ৰেমীয়ে আফগানিস্তানৰ প্ৰদৰ্শনক যথেষ্ট প্ৰশংসা কৰা দেখা গৈছে ।

যিহেতু এখন হাই ভল্টেজ খেল আছিল । এটা সময়ত খেলখন পাকিস্তানৰ হাতৰ পৰা যাব যেন লাগিছিল যদিও অন্তিম অ'ভাৰত একেৰাহে দুটাকৈ ছয় মাৰি আফগানিস্তানৰ হাতৰ পৰা খেলখন কাঢ়ি লয় পাকিস্তানে । পাকিস্তানৰ জয়ৰ লগে লগে ভাৰতীয় দলটোও এছিয়া কাপ-২০২২ৰ পৰা বাহিৰ হয় । এতিয়া ফাইনেলত অৱতীৰ্ণ হ'ব পাকিস্তান আৰু শ্ৰীলংকা । পাকিস্তানৰ হাতত পৰাজয়ৰ পাছতে নিশ্চিতভাৱে আফগানিস্তানৰ অনুৰাগীসকলৰ মাজত প্ৰচণ্ড হতাশা দেখিবলৈ পোৱা গৈছে ।

ইয়াৰ মাজতে আফগানিস্তানৰ অনুৰাগীৰ হতাশাৰ ছবি প্ৰতিফলিত হোৱাও দেখা গৈছে । খেলৰ পাছতে শ্বাৰজাহ ষ্টেডিয়ামৰ এটা ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে । ভিডিঅ'টোত দেখা গৈছে হতাশা আৰু খঙত আফগানিস্তানৰ একাংশ অনুৰাগীয়ে ষ্টেডিয়ামৰ চকীবোৰ ভাঙিবলৈ ধৰিছে ।

ইয়াৰ বিপৰীতে পাকিস্তানৰ অনুৰাগীয়ে বিজয় উল্লাহ কৰাত অধিক উত্তেজিত হৈ পৰে আফগানিস্তানৰ অনুৰাগীসকল । যাৰ ফলস্বৰূপে পাকিস্তানৰ অনুৰাগীৰ ওপৰত চকীবোৰ দলিয়াবলৈ আৰম্ভ কৰে (Afghanistan Fans Attack Pakistan Fans) আফগানিস্তানৰ অনুৰাগীয়ে । এই গোটেই ঘটনাটো কেমেৰাত বন্দী হৈছে । সামাজিক মাধ্যমত ভিডিঅ'টো ভাইৰেল হৈ পৰিছে ।

ভিডিঅ'টোত স্পষ্ট যে উপদ্ৰৱ চলোৱা অনুৰাগীসকলৰ হাতত আফগানিস্তানৰ পতাকা আছে । কাপোৰ আৰু শৰীৰত দেশৰ পতাকাও অংকন কৰা আছে । এই ঘটনাই এতিয়া সমগ্ৰ বিশ্ব ক্ৰিকেটত উদ্বেগৰ সৃষ্টি কৰিছে । সমগ্ৰ ঘটনাক বহুতে সমালোচনা কৰাও দেখা গৈছে ।

উল্লেখ্য যে খেলখনত আফগানিস্তানৰ দলটোৱে টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰে আৰু ৬ উইকেটত ১২৬ ৰাণ সংগ্ৰহ কৰে । দলটোৰ হৈ ইব্ৰাহিম জাদ্ৰানে সৰ্বাধিক ৩৫ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ পিছতে, ১২৭ ৰাণৰ লক্ষ্যত উপনীত হ'বলৈ পাকিস্তানক যথেষ্ট পৰিশ্ৰম কৰা দেখা গৈছিল । দলটোৱে ১১৮ ৰাণত ৯ টা উইকেট হেৰুৱাইছিল । কিন্তু শেষৰ অভাৰত নাছিম শ্বাহে একেৰাহে দুটা ছয় মাৰি খেলখনত বিজয়ক মোহৰ লগায় ।

লগতে পঢ়ক :ক্ৰিকেটক বিদায় জনালে সুৰেশ ৰাইনাই

Last Updated :Sep 8, 2022, 10:56 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.