78 সংখ্যক জন্ম বাৰ্ষিকীত ৰাণা দাক সশ্ৰদ্ধ সোঁৱৰণ

author img

By

Published : Sep 20, 2021, 9:56 AM IST

78 birth anniversary of Jayanta Hazarika

1943 চনত আজিৰ দিনটোতে মঙলদৈত জন্মগ্ৰহণ কৰিছিল জয়ন্ত হাজৰিকাই ৷ মাত্ৰ 34 বছৰীয়া জীৱন কালতেই জয়ন্ত হাজৰিকাই নিজৰ ৰচিত গীতেৰে অসমীয়া সংগীতৰ ভঁড়ালটো চহকী কৰি থৈ গৈছে ৷ তেওঁ ৰচনা কৰা গীতসমূহে বৰ্তমান প্ৰজন্মৰ মাজতে যথেষ্ট জনপ্ৰিয় ৷ 78 সংখ্যক জন্মজয়ন্তী ৰাণা দাক ইটিভি ভাৰতৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি...

চিটাৰা ডেস্ক, 20 ছেপ্তেম্বৰ : আজি জয়ন্ত হাজৰিকাৰ 78 সংখ্যক জন্ম বাৰ্ষিকী ৷ 1943 চনৰ 20 ছেপ্তেম্বৰত জন্ম লাভ কৰা জয়ন্ত হাজৰিকা আছিল নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ নৱম সন্তান ৷ মাত্ৰ 34 বছৰীয়া জীৱন কালত তেওঁ কেইবাটাও জনপ্ৰিয় গীত ৰচনা কৰি থৈ গৈছে ৷

78 birth anniversary of Jayanta Hazarika
ফটো সৌজন্য Google

মঙলদৈৰ এটি সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা ৰাণা দাই সৰুকালৰ পৰাই সংগীতৰ মাজতে ডাঙৰ-দীঘল হৈছিল ৷ মাত্ৰ 9 বছৰ বয়সতেই ৰাণা দাই ককায়েক নৃপেন হাজৰিকাৰ এটি গীতত সুৰ কৰিছিল ৷ ৰাণা দাই গুৱাহাটীৰ সোণাৰাম হাইস্কুলত অধ্যয়ন কৰিছিল যদিও মেট্ৰিকৰ দেওনাখন পাৰ হ’ব নোৱাৰিলে ৷

ইয়াৰ পিছতে তেওঁ কলকাতালৈ যায় আৰু তাত HMV ৰ সৈতে দুটা গীত বাণীবদ্ধ কৰে ৷ এই গীত দুটা আছিল ‘আগলি বতাহে কঁপালে কলৰে পাত’, ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ ৷ দুয়োটা গীতে তাৎক্ষণিকভাৱে জনপ্ৰিয় হৈ পৰে আৰু ৰাণা দাৰ পেচাগত সংগীতৰ কেৰিয়াৰ আৰম্ভ হয় ৷

78 birth anniversary of Jayanta Hazarika
ফটো সৌজন্য Google

কলকাতাৰ পৰা উভতি অহাৰ পিছতেই জয়ন্ত হাজৰিকাই ককায়েক ভূপেন হাজৰিকাক ‘মণিৰাম দেৱান’ৰ সংগীত পৰিচলনাত সহায় কৰি দিয়ে ৷ সংগীত পৰিচালক হিচাপে কাম কৰি থকাৰ সময়তেই তেওঁ কেইবাটাও গীতত কণ্ঠদান কৰে ৷

লগতে পঢ়ক : শুভ জন্মদিন শ্বাবানা আজমী

ভূপেন হাজৰিকাৰ পৰিচালিত ছবি ‘চিকমিক বিজুলী’ আছিল জয়ন্ত হাজৰিকাই ছবিৰ বাবে ৰচনা কৰা প্ৰথমটো গীত ৷ 1071 চনত ‘বনৰীয়া ফুল’ ছবিখনৰ জৰিয়তে জয়ন্ত হাজৰিকাই স্বাধীন সংগীত পৰিচালক হিচাপে যাত্ৰা আৰম্ভ কৰিছিল ৷

1969 চনত তেওঁ মনীষা হাজৰিকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ৷ 1971 চনৰ 13 জানুৱাৰীত তেওঁলোকৰ একমাত্ৰ পুত্ৰ ময়ুখ হাজৰিকাৰ জন্ম হয় ৷ 1977 চনত ৰাণা দাই ‘নতুন আশা’ ছবিখনৰ সংগীত বাণীবদ্ধ কৰিবলৈ কলকাতালৈ যায় ৷ তাতেই আকস্মিকভাৱে ৰোগত আক্ৰান্ত হৈ মাত্ৰ 34 বছৰ বয়সতে মৃত্যুক সাৱটে সকলোৰে মৰমৰ ৰাণা দাই ৷

78 birth anniversary of Jayanta Hazarika
ফটো সৌজন্য Google

ৰাণা দাই 1977 চনত ‘সুৰ বাহিনী’ নামেৰে এটি অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল ৷ এই অনুষ্ঠানটো গোলাঘাটৰ ৰাইজৰ সহযোগত বানপীড়িত লোকসকলক সহায় কৰাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল ৷ এই প্ৰতিষ্ঠানৰ সদস্যসকলে পথৰ কাষত গীত পৰিৱেশন কৰিছিল আৰু তাৰ পৰা সংগ্ৰহ হোৱা ধনৰাশি বানপীড়িতৰ সহায়ৰ বাবে দান কৰিছিল ৷

ৰাণা দা ওৰফে জয়ন্ত হাজৰিকাৰ নেতৃত্বত কেইবাগৰাকীও কণ্ঠশিল্পীয়ে ‘সুৰ বাহিনী’ত যোগদান কৰিছিল ৷ সুৰ বাহিনীৰ বাবে মুঠ 8 টা গীত ৰচনা কৰা হৈছিল ৷ 1977 চনৰ 13 আগষ্টত সুৰ বাহিনীয়ে মঘাই ওজাক আৰ্থিক সাহায্য় প্ৰদানৰ বাবে ডিব্ৰুগড়লৈ গৈছিল ৷

লগতে পঢ়ক : অভিনেত্ৰী বৰষা ৰাণী বিষয়ালৈ ওপজা দিনৰ শুভেচ্ছা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.