ETV Bharat / sitara

হৃত্বিক ৰোশনে 'mansion in the air' ৰ খৰচ কৰে প্ৰায় 100 কোটি টকা!

author img

By

Published : Oct 25, 2020, 8:38 PM IST

97.50 টকাৰ এক চুক্তি স্বাক্ষৰেৰে অভিনেতা হৃত্বিক ৰোশনে জুহু-ভাৰ্চোভা ৰোডস্থিত দুটাকৈ এপাৰ্টমেণ্ট ক্ৰয় কৰে ৷ এপাৰ্টমেণ্টটো পাচলৈ ‘mansion in the air’ লৈ ৰূপান্তৰিত কৰা হ'ব বুলি প্ৰকাশ পাইছে ভিন্ন প্ৰতিবেদনত ৷

হৃত্বিক ৰোশন
হৃত্বিক ৰোশন

চিটাৰা ডেস্ক, 25 অক্টোবৰ: অভিনেতা হৃত্বিক ৰোশনে জুহু-ভাৰ্চোভা ৰোডস্থিত দুটাকৈ এপাৰ্টমেণ্টৰ নামত 97.50 টকাৰ এক চুক্তি স্বাক্ষৰ কৰে ৷ যিটো পাচলৈ ‘mansion in the air’ লৈ ৰূপান্তৰিত কৰা হ'ব ৷

বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, অভিনেতা গৰাকীয়ে ক্ৰয় কৰা দুয়োটা এপাৰ্টমেণ্টৰ এটা পেণ্টহাউচ ৷ তিনি মহলীয়া এই অট্টালিকাক অভিনেতা গৰাকীয়ে একীকৃত কৰাৰ পৰিকল্পনা কৰিছে ৷ এপাৰ্টমেণ্টটো জুহুৰ জুহু-ভাৰ্চোভা ৰোডস্থিত অট্টালিকাৰ 14, 15 আৰু 16 নং মহলাত আছে ৷

আৰৱ সাগৰৰ দৃশ্য চাব পৰা এপাৰ্টমেণ্টটোৱে প্ৰায় 38,000 বৰ্গফুট ক্ষেত্ৰ আৱৰি আছে ৷ যাৰ চাদখন প্ৰায় 6,500 বৰ্গফুটৰ আৰু 10 টাকৈ পাৰ্কিঙৰ স্থান আছে ৷ হৃত্বিকে ডুপ্লেস্কটোৰ বাবে 67.5 কোটি টকা প্ৰদান কৰে, যিটো 27,534 বৰ্গফুট ক্ষেত্ৰ আৱৰি আছে আৰু 14 মহলাত থকা এপাৰ্টমেণ্টটোৰ বাবে 30 কোটি টকা প্ৰদান কৰিছে যিটোৱে 11,165 ক্ষেত্ৰ আৱৰি আছে ৷

লগতে পঢ়ক: গুৰুদ্বাৰত সম্পন্ন হ’ল নেহা কক্কৰ আৰু ৰোহনপ্ৰীত সিঙৰ বিবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.