ETV Bharat / sitara

বাফ্টা 2022 য়ে শ্ৰদ্ধাঞ্জলি জনালে কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰক

author img

By

Published : Mar 14, 2022, 10:13 PM IST

BAFTA tribute to Lata Mangeshkar
বাফ্টা 2022 য়ে শ্ৰদ্ধাঞ্জলি জনালে কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰক

ব্ৰিটিছ একাডেমী অৱ্ ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড চমুকৈ বাফ্টা ৰ 2022 সংস্কৰণত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ল ভাৰত ৰত্ন প্ৰয়াত লতা মংগেশকাৰক ৷ বাফ্টাই মহান শিল্পী গৰাকীক সংগীত জগতৰ ‘আইকন’ হিচাপে অভিহিত কৰে (BAFTA tribute to Lata Mangeshkar) ৷

চিটাৰা ডেস্ক, 14 মাৰ্চ: সংগীত ক্ষেত্ৰখনৰ ভোটাতৰা ভাৰতৰ গৌৰৱ লতা মংগেশকাৰক ব্ৰিটিছ একাডেমী অৱ্ ফিল্ম এণ্ড টেলিভিছন এৱাৰ্ড চমুকৈ বাফ্টা ৰ 2022 সংস্কৰণত শ্ৰদ্ধাঞ্জলি জনোৱা হয় (BAFTA tribute to Lata Mangeshkar) ৷ দেওবাৰে ৰয়েল এলবাৰ্ট হলত অনুষ্ঠিত এই অনুষ্ঠানত লতা মংগেশকাৰক বিশেষ 'দ্য মেম'ৰিয়াম' শাখাত স্থান দিয়া হয় । প’ষ্ট ক’ভিডৰ সমস্যাত ভূগি থকা লতা মংগেশকাৰৰ ৬ জানুৱাৰীত ৯২ বছৰ বয়সত মৃত্যু হয়।

বাফ্টাই লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক সংগীত জগতৰ 'আইকন' বুলি অভিহিত কৰে (BAFTA remembers Lata Mangeshkar) ৷ বাফ্টাই ভাৰতীয় সংগীত জগতৰ নেপথ্য গায়িকা হিচাপে বৰ্ণনা কৰি তেওঁলৈ সন্মান আগবঢ়ায় ৷ লতাদীয়ে 70 বছৰৰ কেৰিয়াৰত 1,000 তকৈও অধিক হিন্দী চলচ্চিত্ৰৰ বাবে আনুমানিক 25,000 গান গাইছিল ।

বাফ্টাই উল্লেখ কৰে যে তেওঁ ১৯৭৪ চনত ৰয়েল এলবাৰ্ট হলত উপস্থিত হোৱা প্ৰথমগৰাকী ভাৰতীয় শিল্পী আছিল । বাফ্টাৰ 'দ্য মেম’ৰিয়াম' শাখাটোৱে অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা চিডনী পইটিয়াৰ, পৰিচালক ইভান ৰেইটমেন, চিত্ৰগ্ৰহণকাৰী হালিনা হাচিন্স, অভিনেতা মনিকা ৱিটি আৰু চেলী কেলাৰমেনকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

লগতে পঢ়ক: Kajal Aggarwal pregnancy news : স্বামীৰ সৈতে কটোৱা মূহুৰ্তৰ ফটো শ্বেয়াৰ অভিনেত্ৰী কাজলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.