ETV Bharat / sitara

Sushmita Sen latest updates: প্ৰাক্তন প্ৰেমিক যুগল সুস্মিতা সেন ৰোহমান শ্ব’লক দেখা গ’ল একেলগে💖

author img

By

Published : Mar 22, 2022, 6:31 PM IST

সোমবাৰৰ নিশা সুস্মিতা সেনক তেওঁৰ প্ৰাক্তন সংগী ৰোহমান শ্ব‘লৰ সৈতে মুম্বাইৰ এখন বিলাসী ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা গৈছিল (Sushmita Sen latest updates) । সুস্মিতাক এচক’ৰ্ট দি গাড়ীলৈকে আগবঢ়াই দিয়া ৰোহমানৰ উদাৰতাই হৃদয় জিনিছে সকলো নেটিজেনৰে ৷

Sushmita Sen latest updates
সুস্মিতা সেন তেওঁৰ প্ৰাক্তন সংগী ৰোহমান শ্ব‘লৰ সৈতে

চিটাৰা ডেস্ক, 22 মাৰ্চ: সোমবাৰে মুম্বাইৰ এখন বিলাসী ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহোঁতে প্ৰাক্তন যুঁটি সুস্মিতা সেন আৰু ৰোহমান শ্ব’লক একেলগে দেখা গৈছিল । দুয়ো নিশাৰ আহাৰ গ্ৰহণ কৰিবলৈ একেলগে গৈছিল (Sushmita Sen latest news) । সুস্মিতাৰ সৰু জীয়ৰী আলিছা সেনো তেওঁলোকৰ সৈতে আছিল ৷

সুস্মিতা আৰু ৰোহমানক দেখি পাপাৰাজ্জীয়ে দুয়োকে নিজৰ কেমেৰাত বন্দী কৰিলে (Sushmita Sen latest updates) ৷ অনুৰাগীসকলেও আগুৰি ধৰিছিল মোহময়ী অভিনেত্ৰী গৰাকীক ৷ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল সুস্মিতা আৰু ৰোহমানে । দুয়োকে ডেনিম চাৰ্ট আৰু ক'লা পেণ্টত টুইণিং কৰা দেখা গৈছিল ।

সুস্মিতাই সামাজিক মাধ্যমৰ জৰিয়তে ৰোহমানৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ হোৱাৰ কথা ঘোষণা কৰোঁতেই মুকলিকৈ প্ৰকাশ কৰিছিল যদিওবা তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক শেষ হৈছে, কিন্তু তেওঁলোক দুয়ো সদায় ভাল বন্ধু হৈ থাকিব । নিজৰ কথা আখৰে আখৰে পালন কৰা সুস্মিতাক 21 মাৰ্চৰ নিশা প্ৰাক্তন প্ৰেমিকৰ সৈতে এখন বিলাসী ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা প্ৰত্যক্ষ কৰিলে পাপাৰাজ্জীয়ে (Sushmita sen relationship status)।

সুস্মিতা আৰু ৰোহমান একেলগে থকাৰ উমান পাই ৰেষ্টুৰেণ্টৰ বাহিৰত যথেষ্ট উৎসুক হৈ পৰিছিল পাপাৰাজ্জীয়ে আৰু অনুৰাগী সকল । ৰেষ্টুৰেণ্টৰ পৰা বাহিৰলৈ ওলাই অহাৰ লগে লগে সকলোৱে আগুৰি ধৰে দুয়োকে । অনুৰাগীৰ হেতা-ওপৰা লাগে প্ৰিয় অভিনেত্ৰী গৰাকীৰ সৈতে এখন চেল্ফি তুলিবলৈ ৷ ৰোহমানে অনুৰাগীৰ ভিৰ দেখি সুস্মিতাক নিজৰ আৱেষ্টনীৰ মাজলৈ নি গাড়ীলৈকে আগবঢ়াই দিয়ে ( Sushmita Sen with Rohman Shawl) ৷ এতিয়া ৰোহমানৰ এই আদৰ হেঁপাহ দেখি তেওঁৰ নম্ৰ ব্যৱহাৰত মুগ্ধ হৈ পৰিছে নেটিজেন ।

সুস্মিতাই বিগত ডিচেম্বৰত ৰোহমানৰ সৈতে তেওঁৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল । ইন্ষ্টাগ্ৰামৰ জৰিয়তেই তেওঁলোকৰ প্ৰথম চিনাকি হৈছিল । ২০১৮ চনত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কৰ আৰম্ভণি ঘটে ৷ একেটা বছৰতে শিল্পা চেট্টীৰ দেৱালী পাৰ্টিত প্ৰথমবাৰৰ বাবে একেলগে দেখা গৈছিল বলীউডৰ এই প্ৰাক্তন জনপ্ৰিয় যুঁটিক ।

লগতে পঢ়ক: KGF Chapter 2 ত প্ৰিয়ংকা ভৰালীৰ কণ্ঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.