ETV Bharat / sitara

হেমা-সুস্মিতালৈ চেম্পিয়নছ অৱ চেঞ্জ বঁটা

author img

By

Published : Apr 17, 2021, 3:00 PM IST

চেম্পিয়নছ অফ চেঞ্জ বঁটা লাভ হেমা মালিনী আৰু সুস্মিতা সেনৰ
চেম্পিয়নছ অফ চেঞ্জ বঁটা লাভ হেমা মালিনী আৰু সুস্মিতা সেনৰ

চেম্পিয়নছ অৱ চেঞ্জ-২০২১ বঁটা লাভ বলীউডৰ তাৰকা হেমা মালিনী আৰু সুস্মিতা সেনৰ । মহিলা সবলীকৰণ আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতাই এই বঁটা লাভ কৰিবলৈ সক্ষম হয় । আনহাতে, এগৰাকী শাস্ত্ৰীয় নৃত্য শিল্পী, অভিনেত্ৰী হিচাপে মথুৰা সমষ্টিত সাংসদ হিচাপে যি অৱদান আগবঢ়াই আহিছে তাৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে হেমা মালিনীয়ে ।

চিটাৰা ডেস্ক, ১৭ এপ্ৰিল: বলীউডৰ তাৰকা হেমা মালিনী আৰু সুস্মিতা সেনে ২০২১ বৰ্ষৰ চেম্পিয়নছ অৱ চেঞ্জ বঁটা লাভ কৰে । শুকুৰবাৰে দুয়োগৰাকী তাৰকাই ছ’চিয়েল মিডিয়াযোগে জনায় এই কথা । মহিলা সবলীকৰণ আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে প্ৰাক্তন মিছ ইউনিভাৰ্ছ সুস্মিতাই এই বঁটা লাভ কৰিবলৈ সক্ষম হয় ।

  • I am happy to be one of the recipients of the prestigious CHAMPIONS OF CHANGE AWARD, 2021. This is for my contribution as a classical dancer, actress & for my work as as MP in the constituency of Mathura. It is awarded to people who have made outstanding contribution to society. pic.twitter.com/MnpQu9ZiCS

    — Hema Malini (@dreamgirlhema) April 16, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে হেমা মালিনীয়ে পুৰস্কাৰৰ সৈতে এক ফটো শ্বেয়াৰ কৰে টুইটাৰত । এই বঁটা লাভ কৰি যথেষ্ঠ আনন্দিত বুলিও প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে । তেওঁ টুইটত এগৰাকী শাস্ত্ৰীয় নৃত্য শিল্পী, অভিনেত্ৰী হিচাপে মথুৰা সমষ্টিত সাংসদ হিচাপে যি অৱদান আগবঢ়াই আহিছে, তাৰ বাবে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, চেম্পিয়নছ অৱ চেঞ্জ বঁটা হৈছে এক বাৰ্ষিক ভাৰতীয় বঁটা । যাক গান্ধীবাদী মূল্যবোধ, সমাজ সেৱা আৰু সামাজিক বিকাশৰ প্ৰচাৰৰ বাবে প্ৰদান কৰা হয় ।

লগতে পঢ়ক: তীব্ৰতৰ হৈছে দীপিকা-ভাঞ্চালীৰ মাজৰ শীতল যুদ্ধ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.