ETV Bharat / sitara

Pathan movie: য়শ ৰাজ ফিল্মছ্ এ ঘোষণা কৰিলে পাথানৰ মুক্তিৰ দিন

author img

By

Published : Mar 2, 2022, 9:33 PM IST

শ্বাহৰুখ খান আৰু দীপিকা পাডুকন অভিনীত বহু প্ৰতীক্ষিত ছবি পাথানৰ মুক্তিৰ দিন ঘোষণা হ’ল (Pathan release date) ৷ য়শ ৰাজ ফিল্মছ্ এ এটা ভিডিঅ’ পোষ্ট কৰি অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে এই বাতৰিটো...

Pathan
য়শ ৰাজ ফিল্মছ্ এ ঘোষণা কৰিলে পাথানৰ মুক্তিৰ দিন

চিটাৰা ডেস্ক, 2 মাৰ্চ : পাথান শীৰ্ষক ছবিখনেৰে চাৰি বছৰৰ মূৰত ৰূপালী পৰ্দালৈ প্ৰত্যাগমন কৰিব বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে (Shah Rukh Khan new movie) ৷ পাথান ছবিখনৰ প্ৰডাকচন হাউচ য়শ ৰাজ ফিল্মছ্ এ বুধবাৰে সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰি ঘোষণা কৰে ছবিখনৰ মুক্তিৰ তাৰিখ ৷

Pathan
জন আব্ৰাহাম

ছবিখন নিৰ্দেশনা কৰিছে সিদ্ধাৰ্থ আনন্দে ৷ দীপিকা পাডুকন আৰু জন আব্ৰাহামেও অভিনয় কৰিছে ছবিখনত (Pathan movie cast) ৷ ভিডিঅ’টোৰে ছবিখনত শ্বাহৰুখৰ পাথান লুকটো কিছু সংক্ষিপ্তকৈ দেখা পোৱা গৈছে ৷

Pathan
দীপিকা পাডুকন অভিনীত বহু প্ৰতীক্ষিত ছবি পাথান

2018 চনত জিৰোত দেখা পোৱা গৈছিল শ্বাহৰুখক ৷ অভিনেতাজনেও নিজৰ টুইটাৰ হেণ্ডেলত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে পাথানৰ মুক্তিৰ তাৰিখ (Shah Rukh Khan latest news ) ৷

Pathan
দীপিকা আৰু শ্বাহৰুখৰ এইখন একেলগে চতুৰ্থখন ছবি

দীপিকা আৰু শ্বাহৰুখৰ এইখন একেলগে চতুৰ্থখন ছবি ৷ ইয়াৰ পূৰ্বে ওম শান্তি ওম, চেন্নাই এক্সপ্ৰেছ আৰু হেপ্পী নিউ ইয়েৰত দুয়োয়ে একেলগে অভিনয় কৰিছিল (Shah Rukh Deepika movie together) ৷

  • " class="align-text-top noRightClick twitterSection" data="">

জন আব্ৰাহাম সৈতে দেশী বইয়জ আৰু ৰেচ 2 ৰ পিছত পুনৰ পাথানত অভিনয় কৰিছে দীপিকাই (Deepika John Abraham movie) ৷ 2023 বৰ্ষৰ 25 জানুৱাৰীত হিন্দী, তামিল, তেলেগু এই তিনিটা ভাষাত মুক্তি লাভ কৰিব ছবিখনে ৷

লগতে পঢ়ক:নতুন লুকেৰে টুইটাৰ ট্ৰেণ্ডিঙত বাদশ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.