ETV Bharat / sitara

Rocky Aur Rani Ki Prem Kahani ৰ দৃশ্যগ্ৰহণ আৰম্ভ

author img

By

Published : Aug 20, 2021, 12:08 PM IST

এইবাৰ একেখন স্ক্ৰীণতে দেখা পোৱা যাব ৰণবীৰ সিং(Ranveer Singh) আৰু আলিয়া ভাট(Alia Bhatt)ক । শুকুৰবাৰে দৃশ্যগ্ৰহণ আৰম্ভ হ'ল ৰণবীৰ-আলিয়া অভিনীত ছবি 'ৰকী ঔৰ ৰাণী কী প্ৰেম কাহানী'(Rocky Aur Rani Ki Prem Kahani)ৰ । মুম্বাইত এই ছবিখনৰ দৃশ্য়গ্ৰহণ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে ছবি নিৰ্মাতা কৰণ জোহৰে(Karan Johar) ।

Ranveer, Alia's Rocky Aur Rani Ki Prem Kahani goes on floor
একেখন স্ক্ৰীণতে দেখা পোৱা যাব ৰণবীৰ-আলিয়াক

চিটাৰা ডেস্ক, ২০ আগষ্ট : এটা ভিডিঅ' শ্বেয়াৰ কৰি 'ৰকী ঔৰ ৰাণী কী প্ৰেম কাহানী'ৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিলে ছবি নিৰ্মাতা কৰণ জোহৰে(Karan Johar) । মুম্বাইত শুকুৰবাৰে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হয় । ছবিখনত বলীউড অভিনেতা ৰণবীৰ সিং আৰু আলিয়া ভাটে মুখ্য চৰিত্ৰত অভিনয় কৰিছে । লগতে প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ, জয়া বচ্চন আৰু শ্বাবানা আজমীকে ধৰি কেইবাগৰাকীও নামী-দামী তাৰকাক ছবিখনত দেখা পোৱা যাব ।

টুইটযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰি কৰণ জোহৰে লিখিছে যে, অৱশেষত দৃশ্যগ্ৰহণৰ দিনটো আহিল । লগতে তেওঁ সকলোৰে পৰা মৰম আৰু আশীৰ্বাদ বিচাৰে । আনহাতে, ৰণবীৰেও ইনষ্টাগ্ৰামযোগে ভিডিঅ'টো শ্বেয়াৰ কৰে । আলিয়ায়ো টুইটযোগে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ কথা অনুৰাগীক জনায় ।

২০১৬ চনৰ ৰোমাণ্টিক ড্ৰামা 'এ দিল হে মুস্কিল'ৰ পিছত এইবাৰ কৰণ জোহৰে পুনৰ ছবি পৰিচালনাৰ কাম কৰিছে । আনহাতে, ধৰ্মেন্দ্ৰ আৰু শ্বাবানা আজমীয়ে প্ৰথমবাৰৰ বাবে কৰণ জোহৰৰ সৈতে কাম কৰিব ।

আনহাতে, জয়া বচ্চনে ২০০১ চনত কৰণ জোহৰৰ ব্লকবাষ্টাৰ 'কভি খুছী কভি গম'ত অভিনয় কৰিছিল । আলিয়া ভাটে ২০১২ চনত কৰণ জোহৰৰ ছবি 'ষ্টুডেণ্ট অফ দা ইয়েৰ'ৰ জৰিয়তেই অভিনয় জগতত খোজ পেলাইছিল । কিন্তু তেওঁ প্ৰথমবাৰৰ বাবে ৰণবীৰ সিঙৰ সৈতে অভিনয় কৰিছে কৰণে পৰিচালনা কৰা এই ছবিখনত ।

আলিয়াক সঞ্জয় লীলা ভাঞ্চালীৰ 'গংগুবাই কাঠিয়াবাড়ী'তো দেখা পোৱা যাব । ইয়াৰ পূৰ্বে আলিয়াই ৰোমাণ্টিক ছবি 'কলংক'ত অভিনয় কৰিছিল । ছবিখনত আলিয়াই বৰুণ ধৱনৰ বিপৰীতে অভিনয় কৰিছিল ।

লগতে পঢ়ক:45 বছৰীয়া হ’ল অভিনেতা ৰণদীপ হুদা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.