ETV Bharat / sitara

‘ছালাং’ ছবিখনে সকলো পিতৃ-মাতৃ আৰু সন্তানক অনুপ্ৰেৰণা যোগাবঃ অজয় দেৱগন

author img

By

Published : Nov 13, 2020, 8:09 PM IST

ছলং
‘ছালাং’ ছবিখনে সকলো পিতৃ-মাতৃ আৰু সন্তানক অনুপ্ৰেৰণা যোগাবঃ অজয় দেৱগন

আমাজন প্ৰাইম ভিডিঅ’ত মুক্তিলাভ কৰা ৰাজকুমাৰ ৰাও অভিনীত 'Chhalaang' ছবিখন এখন অনুপ্ৰেৰণামূলক ছবি বুলি মন্তব্য অভিনেতা তথা ছবি নিৰ্মাতা অজয় দেৱগনৰ ৷ এই ছবিখনে ল’ৰা-ছোৱালীৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃলৈও এক বাৰ্তা প্ৰেৰণ কৰিছে বুলি মন্তব্য আগবঢ়ায় অজয় দেৱগনে ৷

চিটাৰা ডেস্ক,13 নৱেম্বৰ : শুকুৰবাৰে আমাজন প্ৰাইম ভিডিঅ’ত মুক্তিলাভ কৰা ৰাজকুমাৰ ৰাও অভিনীত 'Chhalaang' ছবিখনৰ সন্দৰ্ভত এক বিশ্লেষণ দাঙি ধৰে অভিনেতা তথা ছবি নিৰ্মাতা অজয় দেৱগনে ৷

ছবিখনৰ কাহিনী সন্দৰ্ভত দেৱগনে কয় যে, 'Chhalaang' হৈছে এখন অনুপ্ৰেৰণামূলক ছবি ৷ আমি খেল, প্ৰশিক্ষক আৰু খেলুৱৈক লৈ নিৰ্মিত বহু ভাল ভাল ছবি চাইছো ৷ কিন্তু এইখন এগৰাকী পিটি শিক্ষক আৰু স্কুলৰ ছাত্ৰ-ছাত্ৰীক লৈ নিৰ্মিত এখন ভাল ছবি ৷ আমি ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ পিতৃ-মাতৃক খেলৰ মাধ্যমেৰে শাৰীৰিক গতিবিধি বৃদ্ধি কৰিবলৈ অনুপ্ৰেৰণা দিওঁ’’ ৷

‘গোলমাল’ ছবিখনৰ কথা সংযোজন কৰি অজয় দেৱগনে কয় যে,এই ছবিখনে ল’ৰা-ছোৱালীৰ লগতে তেওঁলোকৰ পিতৃ-মাতৃলৈও এক বাৰ্তা প্ৰেৰণ কৰিছে ৷

বাস্তৱিকতে তেওঁ নিজ পুত্ৰকে বাহিৰলৈ ওলাই গৈ খেলিবলৈ উৎসাহিত কৰে ৷ 'Chhalaang' ছবিখনে শাৰীৰিক প্ৰশিক্ষণৰ দিনৰ কথা স্মৰণ কৰাইছে ৷ এইখন এখন উচ্চ মানদণ্ডৰ মনোৰঞ্জনমূলক ছবি বুলি অভিনেতা গৰাকীয়ে মন্তব্য কৰে ৷

ছবিখনত ৰাজকুমাৰ ৰাওৰ বিপৰীতে মূল নায়িকাত অভিনয় কৰিছে অভিনেত্ৰী নুৰশ্ৰত ভাৰুচাই ৷

লগতে পঢ়ক : জন্মদিন বিশেষ : কেতিয়াও নম্বৰ 1 হোৱাৰ সপোন নেদেখা অভিনেত্ৰী জুহী চাউলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.