ETV Bharat / sitara

জন্মদিন বিশেষ : কেতিয়াও নম্বৰ 1 হোৱাৰ সপোন নেদেখা অভিনেত্ৰী জুহী চাউলা

author img

By

Published : Nov 13, 2020, 5:12 PM IST

যদিও বৰ্তমান ৰূপালী পৰ্দাত অভিনেত্ৰী জুহী চাউলা কম পৰিমাণে দেখিবলৈ পোৱা যায়,তথাপিও তেওঁৰ অভিনয়ক সৰহ সংখ্য়ক দৰ্শকে পচন্দ কৰে ৷ সম্প্ৰতি তেওঁ অভিনয়ৰ পৰিৱৰ্তে পৰিয়ালৰ সৈতে অধিক সময় অতিবাহিত কৰে ৷ এক সময় আছিল যেতিয়া ৰূপালী পৰ্দাত জুহী চাউলাৰ যাদু চলিছিল ৷ 1980ৰ দশকৰ শেষৰ পৰা সম্পূৰ্ণ 1990ৰ দশকটোত জুহী আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী আছিল ৷ সফলতাৰ মাজতে অভিনেত্ৰী গৰাকীয়ে কিছু কিছু ক্ষেত্ৰত অফলতাও লাভ কৰিছে ৷ আজি জুহী চাউলাৰ 53 সংখ্যক জন্মদিন ৷

juhi chawla birthday
জুহী চাউলাৰ জন্মদিন

চিটাৰা ডেস্ক,13 নৱেম্বৰ : 1984 চনত ‘মিছ ইণ্ডিয়া’ খিতাপ লাভ কৰাৰ পাচত 1986 চনত ‘চল্টনট’ ছবিৰ যোগেদি বলিউডত ভুমুকি মৰা অভিনেত্ৰী জুহী চাউলাৰ আজি 53 সংখ্যক জন্ম বাৰ্ষিকী ৷

‘মিছ ইণ্ডিয়া’ খিতাপ পিন্ধি জুহী চাউলা
‘মিছ ইণ্ডিয়া’ খিতাপ পিন্ধি জুহী চাউলা

90ৰ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী জুহী চাউলা আজিও সকলোৰে মৰমৰ এগৰাকী অভিনেত্ৰী হিচাপে পৰিচিত ৷ অৱশ্য়ে চল্টনট ছবিখনে বক্স অ’ফিচত বিশেষ সফলতা লাভ নকৰিলে যদিও জুহীৰ অভিনয়ে দৰ্শকক মোহিত কৰে ৷

জুহী চাউলা
জুহী চাউলা

মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰাৰ পাচত যেতিয়া জুহীয়ে বলিউডত খোজ দিছিল,সেই সময়ছোৱাত প্ৰয়াত মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ অধিক চৰ্চা চলিছিল ৷ মাধুৰী দীক্ষিত,কৰিশ্মা কাপুৰ আৰু কাজলৰ সৈতে প্ৰতিযোগিতাৰে জুহীয়ে বলিউডত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হয় ৷

জুহী চাউলা আৰু কাজল
জুহী চাউলা আৰু কাজল

চল্টনটৰ পাচত 1988 চনত মুক্তিলাভ কৰা ‘কয়ামত চে কয়ামত তক’ ছবিখন জুহী চাউলাৰ টাৰ্নিং পইণ্ট বুলি ক’ব পাৰি ৷ ইয়াৰ লগে লগে পিছলৈ ঘূৰি নাচাই ৰূপালী পৰ্দাত নিজৰ জলৱা দেখুৱায় অভিনেত্ৰী জুহীয়ে ৷

জুহী চাউলা
জুহী চাউলা

জুহীৰ প্ৰশংসনীয় ফিল্মোগ্ৰাফীয়ে হিন্দী চিনেমাক সফল কৰি তুলিবলৈ সক্ষম হয় ৷ তেওঁৰ বিখ্য়াত অভিনয়ৰ বাবে দুটা ফিল্মফেয়াৰ বঁটাৰ সৈতে বহু পুৰস্কাৰেৰে সন্মানিত হয় জুহী চাউলা ৷

তেওঁৰ জীৱনত সকলোবোৰ যেন হঠাৎ হৈছে ৷ অৱশ্য়ে কষ্ট আৰু পৰিশ্ৰমৰ মাজেৰেহে জীৱনত সফলতা অৰ্জন কৰিব পাৰি বুলি তেওঁ জ্ঞাত আছিল ৷ এক বাৰ্তালাপযোগে জুহীয়ে এই কথা প্ৰকাশ কৰে ৷

জুহী চাউলা আৰু আমিৰ খান
জুহী চাউলা আৰু আমিৰ খান

জুহীয়ে স্পষ্টৰূপে জানিছিল যে দৰ্শক তথা অনুৰাগীসকলে তেওঁক বহু মৰম কৰে ৷ জীৱনত কি ভুল কৰিছে আৰু এই ভুল কেনেদৰে শুধৰাব পৰা যায়,সেই সম্পৰ্কে ধাৰণা থকা এগৰাকী মহিলা হৈছে জুহী চাউলা ৷

1993 চনত য়শ চোপ্ৰাৰ পৰিচালনাত মুক্তিলাভ কৰা ‘ডৰ’ ছবিখনে বক্স অ’ফিচত ব্যাপক সফলতা লাভ কৰে ৷ ইয়াৰ পাচত জুহীয়ে ৰোমাণ্টিক আৰু ব্যৱসায়ীক চৰিত্ৰ ৰূপায়ন কৰাৰ পৰা বিৰত থাকে যদিও অতি শীঘ্ৰেই পুনৰ এই ভুমিকালৈ উভতি আহে ৷

জুহী চাউলা আৰু শ্বাহৰুখ খান
জুহী চাউলা আৰু শ্বাহৰুখ খান

জুহীয়ে কাহানিও নম্বৰ 1 অভিনেত্ৰী হোৱাৰ লক্ষ বাছি লোৱা নাছিল ৷ এক সাক্ষাৎকাৰযোগে তেওঁ কয় যে,এগৰাকী অভিনেতাই যেতিয়া শীৰ্ষস্থানত উপস্থিত হয় তেওঁ সেই স্থান হেৰুওৱাৰো ভয় থাকে ৷ এগৰাকী অভিনেতাই কেৱল ভাল কাম কৰাৰ ওপৰত গুৰুত্ব দিয়া উচিত ৷

জুহী চাউলা আৰু ঋষি কাপুৰ
জুহী চাউলা আৰু ঋষি কাপুৰ

2000ৰ দশকত জুহীয়ে স্বতন্ত্ৰ আৰু কলাত্মক ছবিত ভাল প্ৰদৰ্শন কৰে ৷ ‘ঝংকাৰ বিটছ’,‘মাই ব্ৰাডাৰ নিখিল’,‘আই এম’ আদি ছবিৰ জৰিয়তে তেওঁ অভিনয়ৰ দ্বিতীয় অধ্যায় আৰম্ভ কৰে ৷

জুহী চাউলাৰ পৰিয়াল
জুহী চাউলাৰ পৰিয়াল

দীঘলীয়া বিৰতিৰ অন্তত জুহীয়ে অভিনয়ৰে এক নতুন পৰিচয় দাঙি ধৰে ৷ 2019 চনত মুক্তিলাভ কৰা ‘এক লড়কী কো দেখা তো এইছা লাগা’ ছবিযোগে তেওঁ এক সুক্ষ্ম জ’নলৈ উভতি আহে ৷

জুহী চাউলা
জুহী চাউলা

উল্লেখ্য যে,1995 চনত ব্যৱসায়ী জয় মেহতাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় অভিনেত্ৰী জুহী চাউলা ৷ দুই সন্তান অৰ্জুন আৰু জহান্বীৰ সৈতে জুহীৰ এক সৰু সুখী পৰিয়াল ৷ জয় মেহতা আৰু জুহী চাউলা আইপিএলৰ কলকাতা নাইট ৰাইডাৰ্ছৰ স্বত্বাধিকাৰী ৷

ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা জুহী চাউলালৈ জন্মদিনৰ অলেখ শুভকামনা ৷

লগতে পঢ়ক : অভিনেতা চিৰঞ্জীৱিৰ কোভিড নিগেটিভঃ এন্টিজেন টেষ্টত বিসংগতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.