ETV Bharat / sitara

প্ৰিয়ংকাৰ চেহেৰা সন্দৰ্ভত কি মন্তব্য পৰিচালকৰ...

author img

By

Published : Feb 9, 2021, 7:49 PM IST

বলিউডত খোজ পেলোৱাৰ পিছত ছবি পৰিচালকে কৰা মন্তব্য সুঁৱৰি নষ্টালজিক হৈ পৰে গ্ল’বেল আইকন খ্যাত প্ৰিয়ংকা চোপ্ৰা জোনাছ ৷ চলচ্চিত্ৰ নিৰ্মাতাই প্লাষ্টিক অস্ত্ৰোপচাৰৰ বাবে পৰামৰ্শ দিয়াৰ কথা মনত পেলাই জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ৷

Priyanka Chopra
প্ৰিয়ংকা চোপ্ৰা

চিটাৰা ডেস্ক,9 ফেব্ৰুৱাৰী : 2002 চনত ‘মিছ ৱৰ্ল্ড’ৰ খিতাপ অৰ্জন কৰাৰ পাচতেই অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছৰ চেহেৰাক লৈ মন্তব্য কৰিছিল বলীউডৰ এগৰাকী ছবি নিৰ্মাতাই ৷ ছবি নিৰ্মাতাগৰাকীৰ সেই মন্তব্যক স্মৰণ কৰে প্ৰিয়ংকাই ৷

বৃহৎ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত সফল হ’বলৈ কি কৰিব লাগে তাৰ আভাষ বিচাৰি থকাসকলৰ বাবে প্ৰিয়ংকাই কয় যে, তেওঁ বলীউড আৰু হলীউড দুয়োটা উদ্যোগতে এক নেতিবাচক মন্তব্যৰ সন্মুখীন হৈছিল ৷ ব্ৰিটিছ টেবলয়ডৰ প্ৰতিবেদন অনুসৰি, প্ৰিয়ংকাই লিখিছে যে কেনেকৈ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাই কিশোৰী অৱস্থাতে প্লাষ্টিক অস্ত্ৰোপচাৰৰ পৰামৰ্শ প্ৰদান কৰিছিল ৷

তেওঁ লিখিছে যে, "কেইমিনিটমানৰ সৰু বাৰ্তালাপৰ পাচত পৰিচালকে মোক তেওঁৰ সন্মুখত থিয় হৈ ঘূৰি দিবলৈ কৈছিল । মই কৰিলো । তেওঁ মোক মূল্যাংকণ কৰি কঠোৰভাৱে মোৰ ফালে চালে আৰু তাৰপাচত প্লাষ্টিক অস্ত্ৰোপচাৰৰ বাবে পৰামৰ্শ দিয়ে" ৷

এই সন্দৰ্ভত পুনৰ প্ৰিয়ংকাই কয় যে, "মই এগৰাকী মনোৰঞ্জন কৰা মহিলা । যেতিয়া মনোৰঞ্জকসকলে তেওঁলোকৰ দুৰ্বলতা দেখুৱাই, মানুহে তলত পেলাব বিচাৰে । মই নিজকে উচ্চস্তৰত ৰাখিবলৈ শিকিছিলো । মই এতিয়া নিজৰ ওপৰত নিৰ্ভৰশীল" ৷

অভিনেত্ৰী আৰু প্ৰযোজক হিচাপে প্ৰিয়ংকাই দ্বৈত মহাদেশৰ 20 বছৰীয়া কেৰিয়াৰৰ পৰা ইউনিচেফৰ শুভেচ্ছা, ৰাষ্ট্ৰদূত হিচাপে কাম কৰা, পিতৃক কৰ্কট ৰোগৰ আক্ৰান্ত হৈ থকা সময়ত চোৱা-চিতা কৰা, নিক জোনাছৰ সৈতে বিয়া হোৱালৈকে, প্ৰিয়ংকাৰ কাহিনীয়ে বিশ্বৰ এটা প্ৰজন্মক সাহস পাবলৈ, তেওঁলোকৰ উচ্চকাংক্ষা গ্ৰহণ কৰিবলৈ আৰু তেওঁলোকৰ সপোন অনুসৰণ কৰাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হ’ব ।

লগতে পঢ়ক : 58 বছৰ বয়সত দেহাৱসান অভিনেতা ৰাজীৱ কাপুৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.