ETV Bharat / sitara

অস্কাৰৰ মঞ্চত মনোনয়ন ঘোষণা প্ৰিয়ংকা-নিকৰ

author img

By

Published : Mar 16, 2021, 6:02 PM IST

অভিনেতা-প্ৰযোজক প্ৰিয়ংকা চোপ্ৰা জ'নাছ আৰু স্বামী তথা কণ্ঠশিল্পী নিক জ'নাছে অস্কাৰ-২০২১ ৰ বাবে ঘোষণা কৰিলে মনোনয়ন । পত্নীৰ সৈতে মনোনয়ন ঘোষণা কৰাক লৈ নিকে তেওঁৰ উৎকণ্ঠাৰ বিষয়ে শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত ।

জীৱনসংগী নিকৰ সৈতে অস্কাৰৰ মনোনয়ন ঘোষণা প্ৰিয়ংকাৰ
জীৱনসংগী নিকৰ সৈতে অস্কাৰৰ মনোনয়ন ঘোষণা প্ৰিয়ংকাৰ

চিটাৰা ডেস্ক,১৬ মাৰ্চ: সোমবাৰে সন্ধিয়া গ্ল'বেল আইকন প্ৰিয়ংকা চোপ্ৰা জ'নাছ আৰু তেওঁৰ স্বামী নিক জ'নাছে ৯৩ সংখ্যক একাডেমী বঁটাৰ বাবে মনোনয়ন ঘোষণা কৰে । শ্ৰেষ্ঠ অভিযোজন চিত্ৰনাট্যৰ শ্ৰেণীত মনোনীত কৰা হৈছে প্ৰিয়ংকাৰ 'দ্য হোৱাইট টাইগাৰ' । সেয়ে মনোনয়ন ঘোষণা কৰাক লৈ অধিক উৎসাহিত হৈ আছে প্ৰিয়ংকা আৰু নিক । মনোনয়ন ঘোষণাৰ পিছতে নিকে ইনষ্টাগ্ৰাম পোষ্টযোগে প্ৰিয়ংকাৰ সৈতে তোলা ফটো শ্বেয়াৰ কৰে ।

তেওঁ পোষ্টটোত লিখিছে যে, "মই এই ধুনীয়া মহিলাগৰাকীৰ সৈতে অস্কাৰৰ মনোনয়ন ঘোষণা কৰাৰ সুযোগ পালো আৰু মহিলগৰাকীয়ে প্ৰযোজনা আৰু অভিনয় কৰা ছবিও এইবাৰ মনোনীত হৈছে" । লগতে মনোনয়নৰ তালিকাত স্থান লাভ কৰা সকলো ব্যক্তিকে অভিনন্দন জ্ঞাপন কৰে নিকে । তদুপৰি ২৫ এপ্ৰিললৈকে তেওঁ অপেক্ষা কৰিব বুলি উল্লেখ কৰিছে । আনহাতে, অলপো সময় নষ্ট নকৰি নিকৰ ৰোমাণ্টিক পোষ্টত প্ৰিয়ংকাই প্ৰতিক্ৰিয়া কৰি 'My forever guy' বুলি লিখে ।

'বেৱাটছ' ছবিৰ অভিনেত্ৰী গৰাকীয়ে টুইটযোগে 'দ্য হোৱাইট টাইগাৰ' মনোনীত হোৱাৰ কথা প্ৰকাশ কৰে । লগতে ৰামিণ আৰু তেওঁৰ দলটোক অভিনন্দন জনায় । লগতে মনোনয়ন ঘোষণা কৰিবলৈ পাই গৌৰৱান্বিত বুলিও উল্লেখ কৰিলে অভিনেত্ৰীগৰাকীয়ে । প্ৰিয়ংকাই তেওঁৰ ঘৰৰ পৰা মনোনয়ন ঘোষণা কৰা সময়ৰ ফটোও শ্বেয়াৰ কৰে । কৰ'ণা মহামাৰীৰ বাবে এইবাৰ ঘৰৰ পৰাই মনোনয়ন ঘোষণা কৰিবলগীয়া হৈছে ।

প্ৰথম ফটোখনত প্ৰিয়ংকাই বিশাল আকাৰৰ এটা অস্কাৰ বঁটা সাৱতি লৈ যোৱাৰ চেষ্টা কৰা দেখা গৈছে আৰু নিকে তলৰ পৰা ট্ৰফীটো ধৰি আছে । দ্বিতীয় ফটোখনত প্ৰিয়ংকাক নিকৰ সৈতে এটা প'জ দিয়া দেখা গৈছে । প্ৰিয়ংকাই নীলা ৰঙৰ ডিজাইনাৰ পোছাক পিন্ধিছিল । আনহাতে কণ্ঠশিল্পী নিকে হালধীয়া ৰঙৰ টাক্সেড' আৰু বগা চাৰ্ট পিন্ধা দেখা গৈছে । ৰাজকুমাৰ ৰাও আৰু আদৰ্শ গৌৰৱকে ধৰি ছবিখনৰ অন্যান্য তাৰকাসকলেও মনোনয়নৰ পোষ্ট শ্বেয়াৰ কৰিছে ৷

লগতে পঢ়ক: পাগ্লাইট ট্ৰেইলাৰ: কম বয়সীয়া বিধৱাৰ জীৱনৰ এক অদ্ভুত কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.