ETV Bharat / sitara

Plagiarism ৰ অভিযোগ : ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন অনু মালিক

author img

By

Published : Aug 2, 2021, 3:57 PM IST

Anu Malik trolled
ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন অনু মালিক

সংগীত পৰিচালক অনু মালিক (Anu Malik) চৌৰ্যবৃত্তি (Plagiarism)ৰ অভিযোগত অভিযুক্ত এক চিৰ পৰিচিত নাম ৷ শেহতীয়াকৈ পুনৰ চৌৰ্যবৃত্তিৰ অভিযোগত ছ’চিয়েল মিডিয়াত ট্ৰ’ল (Troll) কৰিছে অনু মালিকক । ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী (Netizens) সকলৰ মতে, সংগীত পৰিচালকগৰাকীয়ে স্পষ্টভাৱে ইজৰাইলৰ ৰাষ্ট্ৰীয় সংগীত (National Anthem)ৰ সুৰ তুলি 1996 চনত মুক্তিলাভ কৰা অভিনেতা অজয় দেৱগন (Ajay Devgn)ৰ ছবি ‘Diljale’ৰ এটা গীতত সুৰ দিছিল ৷

চিটাৰা ডেস্ক, 2 আগষ্ট : বলীউডৰ সংগীত পৰিচালক অনু মালিক (Anu Malik), যিয়ে 400 খনতকৈও অধিক চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছে আৰু এই কৃতিত্বৰ বাবে কেইবাটাও পুৰস্কাৰ লাভ কৰিছে সংগীত পৰিচালকগৰাকীয়ে ৷ শেহতীয়াকৈ টুইটাৰত ব্যাপক ট্ৰ’ল কৰা হৈছে এইগৰাকী সংগীত পৰিচালকক ৷ দেওবাৰে চলিত টকিঅ’ অলিম্পিক (Tokyo Olympics)ত ইজৰাইলৰ ৰাষ্ট্ৰীয় সংগীত (National Anthem) শুনাৰ পাচতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী (Netizens) সকলে অনু মালিকক ট্ৰ’ল দিয়া পৰিলক্ষিত হৈছে ।

  • So Anu Malik didn’t spare even Israeli national anthem while copying tune for Diljale’s Mera Mulk Mera Desh in 1996

    Thanks to internet we now know thispic.twitter.com/LtQMyU5dp2

    — Monica (@TrulyMonica) August 1, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : Bigg Boss OTT : প্ৰথম প্ৰতিযোগী কণ্ঠশিল্পী নেহা ভছিন

ইজৰাইলী জিমনাষ্ট আৰ্টেম ডলগোপিয়াট (Artem Dolgopyat)য়ে অলিম্পিকত ইজৰাইলৰ দ্বিতীয়টো সোণৰ পদক লাভ কৰাৰ সময়তে ইজৰাইলৰ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় ৷ নেটিজেনছসকলৰ মতে, 1996 চনত মুক্তিলাভ কৰা অভিনেতা অজয় দেৱগন (Ajay Devgn)ৰ ছবি ‘Diljale’ৰ ‘মেৰা মুল্ক মেৰা দেশ’ গীতটোত ৰাষ্ট্ৰীয় সংগীতটোৰ সুৰ নকল কৰিছিল অনু মালিকে ৷ যদিও অনু মালিকৰ বাবে চৌৰ্যবৃত্তি (Plagiarism)ৰ অভিযোগ নতুন কথা নহয়, দেশৰ ৰাষ্ট্ৰীয় সংগীতৰ সুৰ নকল কৰাৰ অভিযোগ উত্থাপনে পূৰ্বৰ দাবীবোৰৰ সঠিক প্ৰমাণ কৰিছে ।

  • Anu Malik copying the national anthem of a country to make a Bollywood song is so Anu Malik!

    — Aniket Malpani (@aniketmalpani) August 2, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সম্প্ৰতি টুইটাৰত ক্ষুৰধাৰ সমালোচনাৰ সন্মুখীন হৈ আছে বলীউডৰ জনপ্ৰিয় সংগীত পৰিচালকগৰাকী ৷ নেটিজেনছৰ অভিযোগ অনুসৰি, অনু মালিকে বলীউডৰ গীতত সুৰ দিবলৈ গৈ এখন দেশৰ ৰাষ্ট্ৰীয় সংগীত নকল কৰাতো অতি লাজৰ কথা ৷ এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অনু মালিকে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক : মনোজ বাজপেয়ীৰ সৈতে অভিনয় কৰিব অসম জীয়ৰী উৰ্মিলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.