ETV Bharat / science-and-technology

Budget 2023: কেতিয়াৰ পৰা আৰম্ভ হৈছিল পেপাৰলেছ বাজেট, ফোনতে চাব পাৰিব এই বাজেট

author img

By

Published : Feb 1, 2023, 12:15 PM IST

Updated : Feb 1, 2023, 1:17 PM IST

When did the paperless budget of New India start know how to see
কেতিয়াৰ পৰা আৰম্ভ হৈছিল পেপাৰলেছ বাজেট, ফোনতে চাপ পাৰিব এই বাজেট

ডিজিটেল ইণ্ডিয়া আৰু নিউ ইণ্ডিয়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰি চৰকাৰে পুৰণি প্ৰথা এৰি কাগজবিহীন বাজেট আৰম্ভ কৰিছে । ইয়াৰ আঁৰত কিছুমান আমোদজনক কাৰণো দেখা গৈছে । ইয়াত আপুনি সাধাৰণ বাজেট কেনেকৈ ফোনত চাব পাৰে জানিব পাৰিব ।

Paperless Budget App: 'আজি সংসদৰ মজিয়াত' কাগজবিহীন ৰূপত’ কেন্দ্ৰীয় বাজেট ২০২৩ দাখিল(Union budget 2023) কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । কিছুদিন পূৰ্বে চৰকাৰে কৈছিল যে ১ ফেব্ৰুৱাৰীত সংসদত সাধাৰণ বাজেট দাখিল কৰাৰ পিছত সমগ্ৰ বাজেট মোবাইল এপ্লিকেচনত মুকলি কৰা হ’ব । অৰ্থাৎ কেন্দ্ৰীয় বাজেটৰ বাহিৰেও সাধাৰণ জনতাই ঘৰতে বহি ফোনত ৰে'লৱে বাজেট চাব পাৰিব(Finance minister Nirmala Sitharaman)। ইয়াৰ বাবে ব্যৱহাৰকাৰীয়ে ‘ইউনিয়ন বাজেট মোবাইল এপ’ ডাউনলোড কৰিব লাগিব । এই এপটো গুগল প্লে ষ্ট’ৰ আৰু এপল আই অ’ এছ দুয়োটা প্লেটফৰ্মতে উপলব্ধ হ’ব(Budget 2023)।

কাগজবিহীন বাজেটৰ জৰিয়তে নিউ ইণ্ডিয়া আৰু ডিজিটেল ইণ্ডিয়াৰ বাৰ্তা সমগ্ৰ বিশ্বতে বিয়পি পৰে । বিত্ত মন্ত্ৰালয়ৰ টুইট অনুসৰি, "বিগত দুটা কেন্দ্ৰীয় বাজেটৰ দৰে ২০২৩-২৪ চনৰ বাজেটতো কাগজবিহীন ৰূপত দাখিল কৰা হ'ব । "অহা ১ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব কেন্দ্ৰীয় বাজেট ২০২৩-২৪ । বিত্ত মন্ত্ৰালয়ৰ বাজেট ভাষণৰ পিছত কেন্দ্ৰীয় বাজেট মোবাইল এপত সম্পূৰ্ণ বাজেট নথি উপলব্ধ কৰা হ’ব ।

Paperless Budget: কেতিয়া আৰু কেনেকৈ আৰম্ভ হৈছিল

২০২১ চনত ভাৰতত প্ৰথমবাৰৰ বাবে কাগজবিহীন বাজেট আৰম্ভ হৈছিল । এই এপটো ২০২১ চনত মুকলি কৰা হৈছিল । ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰই অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ (DEA) তত্বাৱধানত এই এপটো প্ৰস্তুত কৰিছে । ২০২১ চনৰ পৰা কাগজবিহীন বাজেট প্ৰৱৰ্তন কৰা হৈছে । শাৰীৰিক সংস্পৰ্শৰ লগত জড়িত স্বাস্থ্যজনিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি আৰু কৰ’নাৰ প্ৰাদুৰ্ভাৱৰ পৰা হাত সাৰিবলৈ বাজেটখন কাগজত ছপা কৰা হোৱা নাছিল ।

Paperless Budget App কেনেকৈ ডাউনলোড কৰিব

এণ্ড্ৰইড স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে গুগল প্লে ষ্ট’ৰৰ পৰা ইউনিয়ন বাজেট মোবাইল এপ ডাউনলোড কৰিব পাৰিব । যদি আপুনি আইফোন বা অন্য iOS ডিভাইচ চলায় তেন্তে এই এপটো এপল ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পাৰিব । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে কেন্দ্ৰীয় বাজেট ৱেব পৰ্টেল (www.indiabudget.gov.in)ত গৈ বাজেট এপটো ডাউনলোড কৰিব পাৰিব ।

কেন্দ্ৰীয় বাজেট এপৰ বৈশিষ্ট্যসমূহ

  • এই এপটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে বাজেটৰ নথিপত্ৰ সন্ধান, ডাউনলোড আৰু প্ৰিন্ট কৰিব পাৰে । ইয়াত বিষয়বস্তুৰ তালিকা আৰু বাহ্যিক লিংকসমূহো দিয়া হৈছে । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে প্ৰয়োজন হ’লে বাজেট নথিপত্ৰ জুম কৰিব পাৰে ।
  • ইউনিয়ন বাজেট মোবাইল এপত দ্বিদিশীয় স্ক্ৰলিং বৈশিষ্ট্যও আছে ।
  • এই এপটোৱে দুটা ভাষা সমৰ্থন কৰে । ব্যৱহাৰকাৰীসকলে বাজেট ইংৰাজী বা হিন্দী ভাষাত চোৱাৰ বিকল্প আছে ।
  • ১৪টা ইউনিয়নৰ বাজেটৰ নথি মোবাইল এপ্লিকেচনত চাব পাৰিব । ইয়াৰ ভিতৰত বাৰ্ষিক বিত্তীয় বিৱৰণী, অনুদানৰ চাহিদা আৰু বিত্ত বিধেয়কও অন্যতম ।

লগতে পঢ়ক: Budget 2023 : আয়কৰ সীমা বৃদ্ধি হোৱাটো বিচাৰে চাকৰিয়ালে

Last Updated :Feb 1, 2023, 1:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.