শিশু পৰ্ণগ্ৰাফীক লৈ বিতৰ্কৰ সন্মুখীন টুইটাৰ: নিষিদ্ধ কৰিলে ৫৭ হাজাৰতকৈও অধিক একাউণ্ট

author img

By

Published : Oct 2, 2022, 6:06 PM IST

TWITTERS ACTION ON CHILD PORN MORE THAN 57 THOUSAND ACCOUNTS BANNED IN INDIA

ভাৰতত নিজৰ প্লেটফৰ্মত শিশু পৰ্ণগ্ৰাফী প্ৰচাৰক লৈ ব্যাপক বিতৰ্কৰ সন্মুখীন হোৱা টুইটাৰে ২৬ জুলাইৰ পৰা ২৫ আগষ্টৰ ভিতৰত দেশত ৫৭,৬৪৩টা একাউণ্ট নিষিদ্ধ কৰিছে । টুইটাৰে কয় যে, দেশত শিশু যৌন নিৰ্যাতন, অসন্মতিহীন নগ্নতা আৰু আনুষাংগিক বিষয়বস্তুৰ প্ৰচাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

নেশ্যনেল ডেস্ক, 2 ছেপ্টেম্বৰ: ভাৰতত নিজৰ প্লেটফৰ্মত শিশু পৰ্ণগ্ৰাফী (Child porn in twitter) প্ৰচাৰক লৈ ব্যাপক বিতৰ্কৰ সন্মুখীন হোৱা টুইটাৰে ২৬ জুলাইৰ পৰা ২৫ আগষ্টৰ ভিতৰত দেশত ৫৭,৬৪৩টা একাউণ্ট নিষিদ্ধ কৰিছে । টুইটাৰে কয় যে, দেশত শিশু যৌন নিৰ্যাতন, অসন্মতিহীন নগ্নতা আৰু আনুষাংগিক বিষয়বস্তুৰ প্ৰচাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে(Twitter bans over 57K accounts for promoting child porn) ।

দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱালে (Delhi Women's Commission Chairperson Swati Maliwal) কয় যে, শিশু পৰ্ণগ্ৰাফীৰ অভিযোগক লৈ টুইটাৰৰ পৰা লাভ কৰা সঁহাৰিসমূহ অসম্পূৰ্ণ আৰু ইয়াৰ ওপৰত আয়োগ সন্তুষ্ট নহয় । মালিৱালে ২০ ছেপ্টেম্বৰত মাইক্ৰ’ ব্লগিং প্লেটফৰ্মটোত শিশু পৰ্ণগ্ৰাফী আৰু মহিলা আৰু শিশুৰ ধৰ্ষণৰ ভিডিঅ’ দেখুওৱা টুইটক লৈ টুইটাৰ ইণ্ডিয়া পলিচি হেড আৰু দিল্লী আৰক্ষীৰ সৈতে এক আলোচনাত মিলিত হৈছিল ।

শিশুৰ সৈতে জড়িত যৌন কাৰ্যৰ ভিডিঅ' আৰু ছবি মুকলিকৈ চিত্ৰিত কৰা কেইবাটাও টুইটৰ তথ্য লৈ আয়োগে কয় যে, অধিকাংশ টুইটতে শিশুক সম্পূৰ্ণ উলংগ হৈ চিত্ৰিত কৰা হৈছে আৰু ইয়াৰে বহুততে শিশু আৰু মহিলাও অন্তৰ্ভুক্ত কৰা হৈছে কাৰ্যকলাপসমূহো চিত্ৰিত কৰা হৈছে ।

টুইটাৰে নতুন আই টি ৰুলছ ২০২১ মানি চলাৰ মাহেকীয়া প্ৰতিবেদনত লগতে কয় যে, ভাৰতৰ ব্যৱহাৰকাৰীৰ পৰা তেওঁলোকৰ অভিযোগ নিষ্পত্তি ব্যৱস্থাৰ জৰিয়তে একক সময়সীমাত ১০৮৮ টা অভিযোগ লাভ কৰিছে । অভিযোগৰ ওপৰত কাৰ্যকৰী কৰি কোম্পানীটোৱে ৪১টা URLৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে । ইয়াৰ উপৰিও টুইটাৰ একাউণ্ট নিলম্বনৰ বাবে আবেদন কৰা ৭৬টা অভিযোগ দেখা গৈছে ।

টুইটাৰে কয় যে, পৰিস্থিতিৰ নিৰ্দিষ্টতা পৰ্যালোচনা কৰাৰ পিছত আমি এইবোৰৰ কোনো এটা একাউণ্টৰ নিলম্বন প্ৰত্যাহাৰ কৰা নাই । এই প্ৰতিবেদনকালত টুইটাৰে একাউণ্টৰ বিষয়ে সাধাৰণ প্ৰশ্নৰ সৈতে জড়িত ১৫টা অনুৰোধো লাভ কৰিছিল । কোম্পানীটোৱে কয় যে, তেওঁলোকে শিশু যৌন নিৰ্যাতনৰ প্ৰচাৰ কৰা কোনো সামগ্ৰীৰ প্ৰচাৰ নকৰে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীয়ে দিল্লীত মুকলি কৰিলে 5G সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.