ETV Bharat / science-and-technology

ROG Phone 5 শৃংখলাৰ তিনিটা নতুন ফোন ভাৰতত মুকলি

author img

By

Published : Mar 11, 2021, 5:37 PM IST

ROG Phone 5 series smartphones
ROG Phone 5 শৃংখলাৰ তিনিটা নতুন ফোন ভাৰতত মুকলি

ভাৰতত মুকলি কৰা হ'ল ৰিপাব্লিক অৱ গেমাৰছ (ROG) ৰ ROG Phone 5 শৃংখলাৰ অধীনত তিনিটা গেমিং স্মাৰ্টফোন ৷ ROG Phone 5 ৰ আৰম্ভণি মূল্য 49,999, ROG Phone 5 Pro ৰ মূল্য 69,999 আৰু ROG Phone 5 Ultimate ৰ মূল্য 79,999 ৷

নেশ্যনেল ডেস্ক,11 মাৰ্চ: টাইৱানিজ কোম্পানী ASUS ৰ এটা উপ-ব্ৰেণ্ড ৰিপাব্লিক অৱ গেমাৰছ (ROG) য়ে ভাৰতত ইয়াৰ ROG Phone 5 শৃংখলাৰ অধীনত তিনিটা গেমিং স্মাৰ্টফোন মুকলি কৰিছে ৷ ROG Phone 5 ৰ আৰম্ভণি মূল্য 49,999 ধাৰ্য কৰাৰ পৰিৱৰ্তে ROG Phone 5 Pro ৰ মূল্য 69,999 ধাৰ্য কৰা হৈছে আৰু ROG Phone 5 Ultimate 79,999 ত বজাৰত উপলব্ধ হ'ব ৷

ROG Phone 5 series smartphones
গৰিলা গ্লাছ প্ৰটেকশ্যন আৰু 144Hz ৰিফ্ৰেছ ৰেটৰ সৈতে ছেমছাঙ AMOLED ডিচপ্লে সুবিধা

ASUS India & South Asia ৰ চিষ্টেম বিজনেছ গ্ৰুপৰ আঞ্চলিক সঞ্চালক Leon Yu য়ে জানিবলৈ দিয়া মতে ক'ৰণা অতিমাৰীৰ কালছোৱাতো ভাৰতৰ বজাৰত ম’বাইল আৰু কম্পিউটাৰৰ দুয়োখন বজাৰতে ROG ব্ৰেণ্ডে অবিশ্বাস্যভাৱে ভাল ফলাফল দেখুওৱা পৰিলক্ষিত হৈছিল ৷

ROG Phone 5 শৃংখলাৰ বিশেষত্ব সমূহ হৈছে-

  • গৰিলা গ্লাছ প্ৰটেকশ্যন আৰু 144Hz ৰিফ্ৰেছ ৰেটৰ সৈতে ছেমছাং AMOLED ডিচপ্লে
  • আল্ট্ৰা-ফাষ্ট টাচ লেটেন্সী আৰু আল্ট্ৰা-শ্ল' স্লাইড লেটেন্সী
  • চিমেট্ৰিকেল দুৱেল ফ্ৰণ্ট ফেচিং স্পীকাৰ্চ
  • 3.5 mm ESS হেডফোন জেক
  • এয়াৰ ট্ৰিগাৰ 5 কণ্ট্ৰ'ল চিষ্টেম
  • হেপটিক অডিঅ' ফিচাৰ
  • 65 ৱাট হাইপাৰ চাৰ্জ এডাপ্টৰৰ সৈতে 6000mAh বেটেৰী
    ROG Phone 5 series smartphones
    আল্ট্ৰা-ফাষ্ট টাচ লেটেন্সী আৰু আল্ট্ৰা-স্ল' স্লাইড লেটেন্সীৰ সুবিধা
  • চাইড মাউণ্টেড চাৰ্জিং পইণ্ট
  • ক'লা আৰু বগা দুটা ৰঙত ই উপলব্ধ
  • কুৱালকম স্নেপড্ৰেগন 888 5G ম’বাইল প্লেটফৰ্ম
  • CPU প্ৰদৰ্শন 25 % লৈ বৃদ্ধি
  • 3D ভেপৰ চেম্বাৰ আৰু গ্ৰাফিক চিট
  • এৰ'এক্টিভ কুলাৰ
  • হাই আলট্ৰা ষ্টেবল FPS গেমিং

আল্ট্ৰা ৱাইড এংগল আৰু মেক্ৰ চেন্সৰৰ সৈতে চ’নী IMX686 64MP মেইন কেমেৰা

এই ROG ফোন 5 শৃংখলা ফ্ল্যাগশীপ কোৱালকম স্নেপড্ৰেগন 888 5G ম'বাইল প্লেটফৰ্মৰ দ্বাৰা চালিত হোৱাৰ লগতে ইয়াৰ আভ্যন্তৰীণ ষ্ট’ৰেজ হৈছে 18GB RAM আৰু 512GB ৷ এই শৃংখলাৰ অন্য কিছু বৈশিষ্ট্য হৈছে উন্নত 5G যোগাযোগ আৰু প্ৰিমিয়াম কোৱালকম স্নেপড্ৰেগন আৰু এলিট গেমিঙৰ সুবিধা ৷

এই স্মাৰ্টফোনটোত 13 MP ৱাইড আৰু 5 MP মেক্ৰ চেঞ্চৰৰ সৈতে Sony IMX686 উপলব্ধ আৰু সন্মুখৰ ফালে ফোনটোত 24 MP হাই কোৱালিটি কেমেৰাৰ সুবিধা দিয়া হৈছে ৷

মন কৰিবলগীয়া বিশেষত্ব হ'ল এয়ে যে, 30 ৱাটৰ হাইপাৰ চাৰ্জাৰ এডাপ্টৰৰ সৈতে 6000 mAh বেটেৰীৰ ROG ফোন 5 শৃংখলা এই স্মাৰ্টফোনটোত গেম খেলি ভাল পোৱাসকলে বেছি সময়লৈকে খেলিব পাৰিব ৷

ROG ফোন 5 শৃংখলাই আগবঢ়োৱা ৰিয়েৰ মেট্ৰিক্স ডিচপ্লে বিশেষভাৱে কেৱল ROG Phone 5 Pro আৰু ROG Phone 5 Ultimate ত উপলব্ধ ৷

বহুকেইটা ইন গেম ইভেণ্টৰ প্ৰতি লক্ষ্য ৰাখি ফোনটোত কাচটমাইজেবল এনিমেচনৰ লগতে 3.5 mm অডিঅ' জেকৰ সুবিধা প্ৰদান কৰা হৈছে যাৰ জৰিয়তে ফোনটোৱে এক উন্নত মানৰ শব্দ আগবঢ়াব বুলি আশা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: ছেমছাঙে মুকলি কৰিব 5G স্মাৰ্টফোন মডেল 'Galaxy A42 5G'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.