ETV Bharat / science-and-technology

Astro events: আগষ্ট মাহত বিশ্বই কি কি মহাজগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে জানেনে ?

author img

By

Published : Aug 8, 2023, 8:33 PM IST

Astro events
আগষ্ট মাহত বিশ্বই কি কি মহাজগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে জানেনে

চলিত আগষ্ট মাহত বহুকেইটা বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হবলৈ গৈ আছে বিশ্ব । মহাজাগতিক ঘটনাৰ ক্ষেত্ৰত এই মাহটোত বহু কেইটা আশ্চৰ্যজনক ঘটনা হ'ব । উক্ত মাহত এনেধৰণৰ ৪টা জ্যোতিবৈজ্ঞানিক ঘটনা ঘটিব, যাক বিৰল বুলি গণ্য কৰা হৈছে । তাৰে ভিতৰত হৈছে চুপাৰ মুন, ব্লু মুন, উল্কা বৃষ্টি আৰু শনি গ্ৰহ ।

আগষ্ট মাহত বিশ্বই কি কি মহাজগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে জানেনে

গুৱাহাটী, 8 আগষ্ট: চলিত আগষ্ট মাহত বহুকেইটা বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হবলৈ গৈ আছে বিশ্ব । মহাজাগতিক ঘটনাৰ ক্ষেত্ৰত এই মাহটোত বহু কেইটা আশ্চৰ্যজনক ঘটনা হ'ব । উক্ত মাহত এনেধৰণৰ ৪টা জ্যোতিবৈজ্ঞানিক ঘটনা ঘটিব, যাক বিৰল বুলি গণ্য কৰা হৈছে । তেন্তে আহক জানো আগষ্ট মাহত আমি কোনবোৰ মহাজাগতিক পৰিঘটাৰ সাক্ষী হ’বলৈ গৈ আছো ৷

কোন কোন তাৰিখে এই ঘটনা সমূহ ঘটিব ?

চলিত মাহত বিশ্ববাসীয়ে আকাশত দুবাৰ চুপাৰমুন দেখিবলৈ পাব । প্ৰথমটো চুপাৰমুন ইতিমধ্যে আগষ্টৰ ১ তাৰিখে দেখা গ’ল । য'ত চন্দ্ৰটো সাধাৰণতে দৈনিক দেখাতকৈ ডাঙৰ দেখা গৈছিল । দ্বিতীয়টো চুপাৰ মুন বিশ্বাসীয়ে দেখিবলৈ পাব আগষ্টত মাহৰ ৩০ তাৰিখে । এই দিন দুটাত চন্দ্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰলৈ অহা বাবে বহুত ডাঙৰ আৰু উজ্জ্বলকৈ দেখিবলৈ পাব বিশ্ববাসীয়ে । একেটা মাহত দুবাৰকৈ চুপাৰ মুন ওলোৱা বাবে ৩০ আগষ্ট তাৰিখে ব্লু মুন বুলি অভিহিত কৰা হ'ব । এই দুটা দিনত চন্দ্ৰটো সাধাৰণতে দেখাতকৈ প্ৰায় ১৪ গুণ ডাঙৰ আকৃতি আৰু প্ৰায় ৩০ গুণ উজ্জ্বল দেখা যাব । খালী চকুৰে উপভোগ কৰিব পাৰিব এই দৃশ্য ।

চলিত মাহৰে ১২ আগষ্ট তাৰিখে আকাশত উল্কা বৃষ্টি স্পষ্টভাৱে দেখা যাব

১২ আগষ্টৰ পুৱতি নিশা ঘণ্টাত প্ৰায় ৫০টা উল্কা একেলগে দেখিবলৈ পোৱা যাব । আনহাতে ২৭ আগষ্ট তাৰিখে শনিগ্রহ পৃথিৱীৰ নিচেই ওচৰলৈ আহিব । আঙুঠিৰ সৈতে শনিগ্ৰহ ২৭ আগষ্টৰ নিশা দেখা যাব । সেইদিনা শনি সূৰ্যৰ বিপৰীতফালে থাকিব আৰু ই পৃথিৱীৰ আটাইতকৈ ওচৰত থাকিব । যাৰ ফলত, শনি গ্ৰহক নিশাৰ আকাশত উজ্জ্বলভাৱে দেখা যায় আৰু ইয়াৰ আঙুঠিবোৰো দেখা যায় । খালী চকু আৰু দূৰবীণ যন্ত্ৰৰ সহায়ত এই বিৰল ঘটনা উপভোগ কৰিব পাৰিব বিশ্ববাসীয়ে । দূৰবীণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণ কৰিলে শনিগ্ৰহৰ বলয়সমূহ অধিক স্পষ্ট ভাৱে উপভোগ কৰিব পাৰিব । গুৱাহাটী তাৰকা গৃহৰ তৰফৰ পৰা দর্শনাৰ্থীৰ বাবে দূৰবীণ যন্ত্ৰৰ সহায়ত নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক: Chandrayaan 3: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰিলে চন্দ্ৰযান 3য়ে প্ৰেৰণ কৰা জোনৰ ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.