ETV Bharat / lifestyle

বিশ্ব উচ্চ ৰক্তচাপ দিৱস ২০২১

author img

By

Published : May 18, 2021, 4:33 PM IST

যিহেতু সময় থাকোতেই উচ্চ ৰক্তচাপৰ কোনো ধৰণৰ লক্ষণৰ বিষয়ে আগজাননী পোৱা নাযায় আৰু তলে তলে ই ভূক্তভোগীজনক পক্ষাঘাত নাইবা ‘হাৰ্ট এটেক’ৰ দৰে পৰিণতিৰ দিশলৈও লৈ যাব পাৰে সেয়ে ই নীৰৱ ঘাতক বুলিও পৰিচিত ৷ সম্প্ৰতি কৰ'ণা মহামাৰীৰ প্ৰকোপৰ মাজতেই উচ্চৰক্তচাপত ভূগি থকা লোকসকলে কেনেকৈ ইয়াৰ সৈতে যুঁজিব আৰু কোনবোৰ কথাৰ প্ৰতি মনোযোগ দিয়া উচিত সেই বিষয়ে, আজি “বিশ্ব উচ্চৰক্তচাপ দিৱস” উপলক্ষে এই লেখাটিত কিছু কথা আলোচনা কৰা হৈছে ৷

World Hypertension Day 2021
বিশ্ব উচ্চ ৰক্তচাপ দিৱস ২০২১

বিশ্ব উচ্চৰক্তচাপ দিৱস ২০২১

আমাৰ শৰীৰত উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেচাৰ (বি পি) বয়স বাঢ়ি অহাৰ লগে লগে এক প্ৰধান সমস্যা ৰূপে দেখা দিবলৈ ধৰে ৷ আনকি এই সমস্যাৰ ফলত আমাৰ শৰীৰত আন আন সমস্যাসমূহ যেনে ‘হাৰ্ট এটেক’, আনকি বৃক্ক সমস্যাৰো সৃষ্টি কৰিব পাৰে ৷ অৱশ্যে পৃথিৱীৰ সৰহ সংখ্যক লোকেই “হাইপাৰ্টেনশ্বন” শব্দটোৰ সৈতে পৰিচিত যদিও এই সমস্যাটোৱে সৃষ্টি কৰা স্থিতি বা ইয়াক কেনেকৈ চিনাক্ত কৰিব পাৰি সেই সম্পৰ্কে তেওঁলোক সম্পূৰ্ণৰূপে জ্ঞাত নহয় ৷

সেয়ে এই সম্পৰ্কত সজাগতা সৃষ্টি কৰিবৰ বাবে প্ৰতি বছৰে ১৭ মে’ তাৰিখটোত “ৱৰ্ল্ড হাইপাৰ্টেনশ্বন লীগে” (ডব্লিউ এইচ এল) বিশ্ব উচ্চ ৰক্তচাপ দিৱস অনুষ্ঠিত কৰে ৷ এই দিনটোৰ বাবে নিৰ্ধাৰণ কৰা এই বৰ্ষৰ বিষয়টো হ’ল “আপোনাৰ ৰক্তচাপ সঠিকভাৱে জোখক, ইয়াক নিয়ন্ত্ৰণ কৰক, আৰু দীৰ্ঘায়ু লাভ কৰক ৷”

বিশ্ব স্বাস্থ্য সন্থাৰ তথ্য (২০১৯) অনুসৰি, অনুমান কৰা হৈছে যে সমগ্ৰ বিশ্বজুৰি প্ৰায় ১ কোটি ১৩ লাখ লোক উচ্চ ৰক্তচাপত ভূগি আছে ৷ ইয়াৰে দুই তৃতীয়াংশ লোকেই হৈছে নিম্ন আৰু মধ্য উপাৰ্জনকাৰী দেশৰ বাসিন্দা ৷

২০১৫ চনত প্ৰতি চাৰিজন পুৰুষৰ বিপৰীতে এজন পুৰুষ আৰু প্ৰতি পাঁচ গৰাকী মহিলাৰ বিপৰীতে এগৰাকী মহিলাৰ উচ্চৰক্তচাপ আছিল ৷ যিহেতু এই শাৰীৰিক স্থিতিটোৱে কোনো ধৰণৰ লক্ষণ প্ৰদৰ্শন নকৰে বা সংকেত নিদিয়ে সেয়ে বহু লোকে অনুমান কৰিব নোৱাৰে যে তেওঁলোকে উচ্চ ৰক্তচাপত ভূগি আছে ৷ এই কাৰণতেই ইয়াক নীৰৱ ঘাতক বুলিও কোৱা হয় ৷ সেইকাৰণেই ৰক্তচাপ নিয়মীত ৰূপত জুখিবলৈ পৰামৰ্শ দিয়া হয় ৷

উচ্চ ৰক্তচাপ কি ?

বিশ্ব স্বাস্থ্য সন্থাই বৰ্ণনা কৰা অনুসৰি “ৰক্তচাপ হ’ল শৰীৰৰ প্ৰধান ৰক্তবাহিকাসমূহ অৰ্থাৎ ধমনীসমূহৰ বেৰত, সঞ্চালিত হৈ থকা তেজে প্ৰয়োগ কৰা বল ৷ যেতিয়া ৰক্তচাপ অধিক হাৰত প্ৰয়োগ হয় তেনে স্থিতিক উচ্চ ৰক্তচাপ বুলি কোৱা হয় ৷

বজাৰত নানান ধৰণৰ ৰক্তচাপ জোখা যন্ত্ৰ পোৱা যায় ৷ এই যন্ত্ৰবোৰে দুই প্ৰকাৰৰ তথ্য অৰ্থাৎ ‘ৰিডিং’ দিয়ে ৷ তাৰে ‘ছিষ্ট’লিক’ হ’ল “যেতিয়া হৃদযন্ত্ৰ সংকুচিত হয় বা ঢপঢপাই তেতিয়া ৰক্তবাহিকাবোৰত সৃষ্ট হোৱা চাপ” আৰু আনটো হ’ল ‘ডায়েষ্ট’লিক’ “ঢপঢপনিৰ মাজত যেতিয়া হৃদযন্ত্ৰটোৱে জিৰণি লয় তেতিয়া সৃষ্টি হোৱা চাপ” ৷

ইয়াৰ উপৰিও ‘বিশ্ব স্বাস্থ্য সন্থাই’ কয় যে যেতিয়া দুটা ভিন্ন দিনত ৰক্তচাপ জোখাৰ পাচত দুয়োটা ‘ৰিডিঙতে ছিষ্ট’লিক ৰক্তচাপ ≥১৪০ mmHg আৰু ডায়েষ্ট’লিক ৰক্তচাপ ≥90 mmHg পোৱা যায় তেতিয়া উচ্চ ৰক্তচাপ হোৱা বুলি ধৰা হয় ৷ এবাৰ কোনো ব্যক্তিৰ উচ্চ ৰক্তচাপ হোৱা বুলি জানিব পাৰিলে কেনেধৰণৰ চিকিৎসাৰ প্ৰয়োজন হ’ব সেই বিষয়ে জানিবৰ বাবে তেওঁ ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে ৷

উচ্চ ৰক্তচাপৰ সৈতে কেনেকৈ মোকাবিলা কৰিব ?

হাইদৰাবদৰ ভি আই এন এন চিকিৎসালয়ৰ পৰামৰ্শদাতা চিকিৎসক তথা এম ডি (জেনেৰেল মেডিচিন) বিশেষজ্ঞ ডা° ৰাজেশ ভুক্কালাই উচ্চ ৰক্তচাপৰ সমস্যাটোৰ বিৰুদ্ধে যুঁজিবৰ বাবে কেইটামান উপায় বাখ্যা আগবঢ়াইছে,

১/ ৰুটিনঃ এখন সঠিক দৈনিক ৰুটিন মানি চলক ৷ সময়মতে শুবলৈ যাওক আৰু উঠাৰ অভ্যাস গঢ়ি তুলক ৷ সদায় একে সময়তে আহাৰ গ্ৰহণ কৰক, দৈনিক ব্যায়াম কৰক আৰু এটা সুস্থ জীৱন শৈলী যাপন কৰক ৷

২/ ন’ কেফেইনঃ কেফেইন কম পৰিমাণে গ্ৰহণ কৰক ৷ যিমান পাৰে সিমান এৰাই চলক ৷ কেফেইনে ৰক্তচাপ বৃদ্ধি কৰিব পাৰে ৷ অৱশ্যে ই ব্যক্তি বিশেষে পৃথক পৃথকো হ’ব পাৰে ৷ কাৰণ প্ৰত্যেকৰে শৰীৰে কেফেইনৰ প্ৰতি একে ধৰণৰ প্ৰতিক্ৰিয়া নকৰে ৷

৩/ ন’ জাংকঃ ‘জাংক ফুড’ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক ৷ এই খাদ্যসমূহত অধিক মাত্ৰাত শৰ্কৰা, কেলৰি তথা পৰিশোধিত কাৰ্বহাইড্ৰেট মজুত থাকে আৰু এইবোৰেই উচ্চ ৰক্তচাপৰ কাৰক ৷ ইয়াৰ পৰিৱৰ্তে ঘৰতে ৰন্ধা স্বাস্থ্য সন্মত আহাৰ গ্ৰহণ কৰক ৷

৪/ ব্যায়ামঃ ধ্যান, যোগ সাধনা আৰু খোজ কঢ়াৰ দৰে ব্যায়ামবোৰ কৰিবলৈ ডা° ৰাজেশে পৰামৰ্শ দিছে ৷ আমাৰ মন মগজুক শান্ত কৰি হতাশা দূৰ কৰাৰ ক্ষেত্ৰত ধ্যানক আটাইতকৈ কাৰ্যকৰী উপায় বুলি গন্য কৰা হয় ৷ তদুপৰি ব্যায়ামেই হৈছে ৰক্তচাপ হ্ৰাস কৰা আৰু হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখাৰ উৎকৃষ্টতম উপায় ৷

৫/ ওজন নিয়ন্ত্ৰন কৰকঃ বডী মাছ ইণ্ডেক্স (বি এম আই) মানি চলক ৷ সাধাৰণতে ই ২৩(১ + বা–কৰি) হোৱা উচিত ৷ অত্যধিক ওজনে আমাৰ হৃদযন্ত্ৰৰ ক্ষতি কৰিব পাৰে ৷ সেয়ে আমি ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে ৷

৬/ ছ’ডিয়ামৰ পৰিমাণ হ্ৰাস কৰকঃ আপুনি গ্ৰহণ কৰা ছ’ডিয়ামৰ পৰিমাণ হ্ৰাস কৰক ৷ বিশেষকৈ যিবোৰ খাদ্যত ইয়াৰ প্ৰয়োজন নাথাকে যেনে ছালাদ, ফলমূল আদিত ছ’ডিয়াম ব্যৱহাৰ নকৰিব ৷ অত্যধিক নিমখে আমাৰ ৰক্তচাপৰ স্তৰত তাৰতম্য ঘটাব পাৰে ৷

৭/ ধুম্ৰপান আৰু মদ্যপান ত্যাগ কৰকঃ মদ্যপানৰ পৰিমাণ হ্ৰাস কৰক বা সম্পূৰ্ণ ৰূপে বাদ দিয়ক লগতে ধুম্ৰপানো পৰিহাৰ কৰক ৷

ডা° ভুক্কালাই কয়, “বিগত তিনিটা দশকত মানুহ অত্যধিক পৰিমাণৰ হতাশাৰ সন্মুখীন হ’ব লগা হৈছে ৷ সাধাৰণতে উচ্চ ৰক্তচাপ পঞ্চাশ উৰ্দ্ধৰ ব্যক্তিৰহে হয় বুলি আশা কৰিব পাৰি ৷ কিন্তু বৰ্তমান যুৱচামৰ মাজতো ইয়াক অধিক পৰিমাণে দেখিবলৈ পোৱা যায় আৰু ইয়াৰ মূল কাৰণটোৱেই হ’ল হতাশগ্ৰস্থতা ৷ সেয়ে হতাশাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে তাক আমি জনাটো উচিত ৷ লগতে ইয়াৰ দ্বাৰা যাতে আমাৰ স্বাস্থ্যৰ ক্ষতি নহয় সেই বিষয়েও ধ্যান ৰাখিব লাগে ৷

ৰক্তচাপ পৰ্যবেক্ষণ কৰাৰ বিধান

ৰক্তচাপ সঠিককৈ জোখাৰ কেইটামান বিধান দিয়া হ’লঃ

  • ৰক্তচাপ জোখাৰ সময়ত কথা নাপাতিব ৷
  • আপোনাৰ হাতটো কুশ্বন নাইবা গাৰুৰ সহায়ত কোনো টেবুলত এনেকৈ ৰাখিব যাতে ই হৃদযন্ত্ৰৰ সমান্তৰাল হৈ পৰে ৷
  • ‘কাফ’টো কাপোৰৰ ওপৰতে নিপিন্ধিব ৷ লগতে সঠিক জোখৰ কাফহে ব্যৱহাৰ কৰিব ৷
  • আউজিব পৰা চকী এখনতহে বহিব ৷ লগতে ভৰি দুখন মজিয়াত আৰামেৰে ৰাখিব ৷
  • ভৰি দুখন পাক দি নাৰাখিব ৷
  • খালী পেটতহে ৰক্তচাপ জুখিব ৷
  • কোনো কাম কৰাৰ ক্ষন্তেক পাচতেই ৰক্তচাপ নুজুখিব ৷ ১০ মিনিট মানৰ বাবে জিৰণি লৈহে ৰক্তচাপ জুখিব ৷

ক’ভিড-১৯ আৰু উচ্চ ৰক্তচাপ

যদি আপোনাৰ ৰক্তচাপৰ ৰিডিং সঠিক দেখুওৱা নাই বা আপুনি কোনো সমস্যাত ভূগি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক ৷ বিশেষকৈ ক’ভিড-১৯ৰ সময়চোৱাত উচ্চ ৰক্তচাপত ভূগি থকা লোকসকল অধিক সজাগ হৈ থকা উচিত ৷ যিহেতু উচ্চ ৰক্তচাপক ক’ম’ৰ্বিডিটি বুলি গণ্য কৰা হয় সেয়ে উচ্চ ৰক্তচাপত ভূগি থকা লোকসকল ক’ভিড-১৯ৰ দ্বাৰা গুৰুত্বৰভাৱে সংক্ৰমিত হোৱাৰ আশংকা থাকে ৷

ডব্লিউ এইচ অ'ই এই সম্বন্ধত আগবঢ়োৱা পৰামৰ্শসমূহ তলত দিয়া হ’লঃ

  • চিকিৎসৰ পৰামৰ্শ অনুসৰি ৰক্তচাপৰ ঔষধসমূহ নিয়মিতভাৱে গ্ৰহণ কৰক ৷
  • যদি সম্ভৱ হয়, ৰক্তচাপ নিজৰ ঘৰতে জোখক ৷ কেতিয়াবা ৰক্তচাপৰ ৰিডিং উচ্চ বা নিম্ন দেখুৱাব পাৰে তথাপি চিকিৎসকৰ পৰামৰ্শ অবিহনে চিকিৎসা নকৰিব ৷ মনত ৰখা উচিত যে নিম্ন ৰক্তচাপ শৰীৰত পানীৰ পৰিমাণ কম থকাৰ ফলতো হ’ব পাৰে ৷
  • অধিক পৰিমাণে জুলীয়া আহাৰ সেৱন কৰক ৷ বহু লোক বিশেষকৈ বয়সীয়াল লোকসকলে পৰ্যাপ্ত পৰিমাণে পানী বা জুলীয়া আহাৰ গ্ৰহণ নকৰে ৷ জুলীয়া আহাৰ বা পানী যাতে সঠিক পৰিমাণে গ্ৰহণ কৰে তাৰ বাবে এখন সূচী প্ৰস্তুত কৰি লওক ৷
  • শাৰীৰিক পৰিশ্ৰমঃ ভাইৰাছ বিধৰ সংক্ৰমণৰ গতি ৰোধ কৰিবলৈ আমি সৰহ সংখ্যকেই ঘৰতে অধিক সময় অতিবাহিত কৰিব লগীয়া হৈছে আৰু ইয়াৰ ফলত আমাৰ শাৰীৰিক পৰিশ্ৰমো কমি গৈছে ৷ এই সমস্যাৰ একমাত্ৰ উপায় হ’ল, সামজিক দূৰত্ব মানি চলি ঘৰৰ বাহিৰলৈ খোজ কাঢ়িবলৈ যোৱা ৷ ইয়াক এনে এক কঠিন সময়ত এটা স্বাস্থ্যকৰ কৰ্ম লগতে মনোবল বৃদ্ধি কৰাৰ উপায় হিচাপেও বিবেচনা কৰিব পৰা যায় ৷

লগতে পঢ়ক-কৰ’ণা মহামাৰীৰ সময়ত ভাৰতৰ ফাৰ্মা উদ্যোগৰ 59 শতাংশ লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.