ETV Bharat / jagte-raho

গুণ্ডা আইনৰ অধীনত ন্যায়িক জিম্মালৈ প্ৰেৰণ বিধায়ক বিজয় মিশ্ৰক

author img

By

Published : Aug 17, 2020, 10:06 PM IST

বিধায়ক বিজয় মিশ্ৰৰ বিৰুদ্ধে উত্তৰ প্ৰদেশৰ বিভিন্ন আৰক্ষী চকীত 73টা গোচৰ ৰুজু হৈ আছে ৷ যাৰ বাবেই উত্তৰ প্ৰদেশৰ গুণ্ডা নিয়ন্ত্ৰণ আইন আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত মিশ্ৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

গুণ্ডা আইনৰ অধীনত ন্যায়িক জিম্মালৈ প্ৰেৰণ বিধায়ক বিজয় মিশ্ৰক
গুণ্ডা আইনৰ অধীনত ন্যায়িক জিম্মালৈ প্ৰেৰণ বিধায়ক বিজয় মিশ্ৰক

নিউজ ডেস্ক, 17 আগষ্ট : উত্তৰ প্ৰদেশৰ ভাদোহি সমষ্টিৰ বিধায়ক তথা নিশাদ দলৰ নেতা বিজয় মিশ্ৰক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷ ৰাজস্থানৰ কোটালৈ বুলি পলায়ন কৰিবলৈ লোৱা অৱস্থাতে বিধায়কগৰাকীক মধ্য প্ৰদেশৰ পৰা কৰায়ত্ত কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷

মিশ্ৰৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ আৰক্ষীত 73টা অপৰাধমুলক গোচৰ ৰুজু হৈ আছে ৷ যাৰ বাবেই উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাজ্যখনৰ গুণ্ডা নিয়ন্ত্ৰণ আইন আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত এইদৰে গ্ৰেপ্তাৰ কৰে বিধায়কগৰাকীক ৷ বিধায়কগৰাকীক আৰক্ষীয়ে আৰক্ষী চকীত উপস্থিত হ'বলৈ জাননী জাৰী কৰিছিল যদিও বিধায়ক মিশ্ৰই ৰাজস্থানলৈ বুলি পলায়ন কৰে ৷

মিশ্ৰ তথা তেওঁৰ পত্নী যি উত্তৰ প্ৰদেশ বিধানসভাৰ সদস্য, ৰামলালি মিশ্ৰ আৰু পুত্ৰ বিষ্ণু মিশ্ৰৰ বিৰুদ্ধে তেওঁলোকৰ সম্পৰ্কীয় কৃষ্ণমোহন ত্ৰিপাঠীয়ে অভিযোগ দাখিল কৰিছিল ৷ ইতিমধ্যে মিশ্ৰৰ পত্নী আৰু পুত্ৰই পলায়ন কৰি আছে ৷

এই কথা প্ৰকাশ কৰি ভাদোহিৰ আৰক্ষী অধীক্ষক ৰামবদন সিঙে জনায় যে, বিধায়ক মিশ্ৰক ইতিমধ্যে ন্যায়িক দণ্ডাধীশ অলোক কুমাৰৰ আদালতত উপস্থাপন কৰা হৈছে আৰু 14 দিনৰ ন্যায়িক জিম্মাত নাইনি জেললৈ প্ৰেৰণ কৰা হৈছে ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কালু সিঙে মধ্য প্ৰদেশৰ আগৰ মালৱাস্থিত আদালতত মিশ্ৰক উপস্থাপন কৰাৰ লগতে তেওঁক এক ট্ৰানজিত ৰিমাণ্ডত ভাদোহিলৈ লৈ আনে ৷

আনহাতে নাইনি জেলৰ জেইল অধীক্ষক অশোক কুমাৰ গৌতমে প্ৰকাশ কৰা অনুসৰি বিধায়কগৰাকী এইখন জেলত সুৰক্ষিত নহয় আৰু তাৰ পিচতেই তেওঁক উত্তৰ প্ৰদেশ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়কঃ কোকৰাঝাৰ আৰক্ষীৰ অভিযানত জব্দ এমএমজিকে ধৰি বৃহৎ অস্ত্ৰভাণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.