ETV Bharat / jagte-raho

তিতাবৰত অসাধু সাৰ ব্যৱসায়ীৰ গুদামত তালাচী প্ৰশাসনৰ

author img

By

Published : Jul 25, 2020, 5:24 PM IST

তিতাবৰত নিয়ম উলংঘা কৰি অধিক মূল্যত সাৰ বিক্ৰী একাংশ অসাধু ব্যৱসায়ীৰ ৷ ইতিমধ্যে এজন ক'লা ব্যৱসায়ীৰ পৰা 80 বেগ ইউৰীয়া সাৰ উদ্ধাৰ কৰে প্ৰশাসনে ৷

uria-black-market-at-titabar-jorhat
তিতাবৰত অসাধু সাৰ ব্যৱসায়ীৰ গুদামত তালাচী প্ৰশাসনৰ

তিতাবৰ, 25 জুলাইঃ তিতাবৰৰ বৰহোলাত একাংশ অসাধু ব্যৱসায়ীয়ে নিৰ্ধাৰিত মূল্যতকৈ দুগুণ দামত বিক্ৰী কৰিছে ইউৰীয়া সাৰ ৷ ইতিমধ্যে উপায়বিহীন হৈ পৰিছে দৰিদ্ৰ কৃষক সকল ৷

তিতাবৰত অসাধু সাৰ ব্যৱসায়ীৰ গুদামত তালাচী প্ৰশাসনৰ

যোৰহাট জিলাৰ তিতাবৰত লক ডাউন আৰু বানৰ সুযোগ গ্ৰহণ কৰিছে এচাম অসাধু ব্যৱসায়ীয়ে ৷ কৃষক সকলৰ অতি প্ৰয়োজনীয় ইউৰীয়াৰ সাৰ বিক্ৰীৰ ক্ষেত্ৰত যোৰহাট জিলা কৃষি বিভাগে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ অধিক মূল্যত বিক্ৰী কৰাৰ অভিযোগ উঠিছে একাংশ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ৷

প্ৰতি বেগ ইউৰীয়া সাৰত 350/ টকাকৈ বিক্ৰী কৰিবৰ বাবে জিলা কৃষি বিভাগে মূল্য নিৰ্ধাৰণ কৰি দিছিল ৷ কিন্তু নিয়ম উলংঘা কৰি বৰহোলাৰ কনক গগৈ নামৰ সাৰ ব্যৱসায়ীজনে প্ৰতি বেগত 350 টকাৰ বিপৰীতে 420 ৰ পৰা 440 টকা কৈ বিক্ৰী কৰা বুলি গুৰুতৰ অভিযোগ কৰে ৷

উক্ত ঘটনাৰ বিৰুদ্ধে কৃষি বিভাগক অভিযোগ কৰে স্থানীয় কৃষকসকলে ৷ কৃষক সকলৰ অভিযোগৰ ভিত্তিত তিতাবৰ কৃষি বিভাগৰ মহকুমা বিষয়া SDO গৰাকীৰ উপস্থিতিত শনিবাৰে সাৰ ব্যৱসায়ী কনক গগৈৰ ৫ টা সাৰৰ গুদামত অভিযান চলায় ৷ অভিযান কালত 80 বেগ ইউৰীয়া উদ্ধাৰ কৰাৰ লগতে কনক গগৈৰ বহু অনিয়ম সংঘটিত কৰা বুলি উল্লেখ কৰে কৃষি বিষয়াগৰাকীয়ে ৷ ইতিমধ্যে উক্ত ঘটনাৰ বিৰুদ্ধে তিতাবৰ প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক- সৰ্থেবাৰী আৰক্ষীৰ জালত চাৰি নৃশংস হত্যাকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.