ETV Bharat / jagte-raho

কলিয়াবৰৰ হৰিভাঙ্গাত লোমহৰ্ষক হত্যাকাণ্ড

author img

By

Published : Aug 8, 2020, 9:24 PM IST

Updated : Aug 8, 2020, 10:15 PM IST

তিনি ভাই-ককায়ে মিলি কৰা চোকা অস্ত্ৰৰৰ আঘাটত প্ৰাণ হেৰুৱালে এজনে ৷ এজন হত‍্যাকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও দুজন পলাতক হৈ আছে ৷

কলিয়াবৰৰ হৰিভাঙ্গাত লোমহৰ্ষক হত্যাকাণ্ড
কলিয়াবৰৰ হৰিভাঙ্গাত লোমহৰ্ষক হত্যাকাণ্ড

কলিয়াবৰ, 9 আগষ্টঃ এক সামান্য কথাতে তিনি ভাইৰ চোকা অস্ত্ৰৰ আঘাটত প্ৰাণ গ'ল আমবাগান আৰক্ষী থানাৰ অন্তৰ্গত বীৰেন দাস নামৰ এজন লোকৰ ৷ এখন সামান্য কাজিয়াৰ পৰিণতিতেই এই হত্যাকাণ্ড সংঘটিত হ’বলৈ পালে বুলি জানিব পৰা গৈছে ৷ প্ৰথমে এটা ছাগলীক লৈ সুশীল মণ্ডলৰ পৰিয়ালৰ মাজত বাক-বতিণ্ডাৰ সৃষ্টি হয় ৷ তাতেই মৃত বীৰেন দাসৰ ভতিজাক মহন্ত দাসক মাৰ-পিট কৰে ৷ মাৰ-পিটৰ পাচত বীৰেন দাসৰ ভতিজাকক মহন্ত দাসে ফোন কৰি খুৰাক বীৰেন দাসক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ ভতিজাকক প্ৰহাৰ কৰাৰ খবৰ পায়েই ঘটনাস্থলীত উপস্থিত হয় বীৰেন দাস ৷ তেতিয়াই এই সাধাৰণ কাজিয়াই ভয়াবহ ৰূপ লয় ৷ সুজিত মণ্ডলে তেওঁৰ দুই ভাতৃৰ সৈতে মিলি বীৰেন দাসক ডিঙি আৰু হাতত উপৰ্যুপুৰি আঘাত কৰে ফলত ঘটনাস্থলীতে মৃত্যু হয় লোক জনৰ ৷ মহন্ত দাসকো আক্ৰমণ কৰিছিল যদিও কথামপি তেওঁৰ প্ৰাণ ৰক্ষা পৰে ৷

কলিয়াবৰৰ হৰিভাঙ্গাত লোমহৰ্ষক হত্যাকাণ্ড

হত্যাকাৰী তিনি ভাতৃৰ ভিতৰত আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও, দুজন পলাতক হৈ আছে ৷ ঘটনাস্থলীৰ পৰা স্থানীয় ৰাইজৰ সহযোগত এজন হত্যাকাৰী সুজিত মণ্ডলক আমবাগান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ পিছত স্থানীয় ক্ষুব্ধ ৰাইজে হত্যাকাৰী মণ্ডল ভাতৃত্ৰয়ৰ বাসগৃহত অগ্নি সংযোগ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী মোতায়ন কৰা হৈছে ৷

লগতে পঢ়কঃ গাওঁবাসীৰ প্ৰকৃতি প্ৰেমঃ বনৰ ধনেশ এতিয়া ঘৰচীয়া

Last Updated :Aug 8, 2020, 10:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.