ETV Bharat / jagte-raho

পুলৱামাত সন্ত্ৰাসবাদীৰ গুলিত নিহত স্থানীয় লোক

author img

By

Published : Aug 16, 2020, 5:07 PM IST

পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ'ল এগৰাকী সাধাৰণ লোক ৷ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সংঘটিত এই ঘটনাত এগৰাকী 80 বৰ্ষীয় লোক নিহত হয় ৷

Civilian shot dead by militants in Pulwama: Police
পুলৱামাত সন্ত্ৰাসবাদীৰ গুলিত নিহত স্থানীয় লোক

নিউজ ডেস্ক, 16 আগষ্ট : জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছে সাধাৰণ জনতাক ৷ শেহতীয়াকৈ নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৃহৎ হাৰে অভিযান চলোৱাৰ পিচতেই একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে সন্ত্ৰাসবাদীসকল ৷ যাৰ বাবে জম্মু-কাশ্মীৰৰ শান্তি ভংগ কৰিবলৈ এতিয়া সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি লৈছে সাধাৰণ জনতাক ৷

শনিবাৰে সংঘটিত হোৱা এক ঘটনাত সন্ত্ৰাসবাদীয়ে হত্যা কৰে এগৰাকী সাধাৰণ জনতাক ৷ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত সংঘটিত হয় এই ঘটনা ৷ জিলাখনৰ কাংগন গাঁৱৰ আজাদ আহমেদ ডাৰ নামৰ 80 বৰ্ষীয় বৃদ্ধগৰাকীক নিৰ্বিচাৰভাৱে গুলিয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে ৷

শনিবাৰে নিশাৰ ভাগত তেওঁৰ নিজা বাসভৱনত সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰে আজাদ আহমেদ ডাৰক ৷ সন্ত্ৰাসবাদীৰ গুলিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ডাৰক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ডাৰৰ ৷

কিন্তু কি কাৰণত সন্ত্ৰাসবাদীয়ে ডাৰক এইদৰে লক্ষ্য কৰি লৈ গুলিয়াই হত্যা কৰিলে সেই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো তথ্য প্ৰদান কৰা নাই ৷ ইতিমধ্যে সেনাই সমগ্ৰ অঞ্চলটো ঘেৰি লৈ তালাচী অভিযান অব্যাহত ৰাখিছে ৷ ঘটনাস্থলীত জম্মু-কাশ্মীৰ আৰক্ষীৰ অতিৰিক্ত বাহিনী নিয়োগ কৰি সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে বুলি আৰক্ষীৰ বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ এনচিচিত অন্তৰ্ভূক্ত কৰা হ'ব 173খন সীমান্তৱৰ্তী, উপকূলীয় জিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.