ETV Bharat / jagte-raho

প্ৰাক্তন ডিআইজি পিকে দত্তৰ বাসগৃহত নিশা আৰক্ষী আৰু চিআইডিৰ অভিযান

author img

By

Published : Sep 24, 2020, 2:40 AM IST

প্ৰাক্তন ডিআইজি পিকে দত্তৰ বাসগৃহত নিশা আৰক্ষী আৰু চিআইডিৰ অভিযান
প্ৰাক্তন ডিআইজি পিকে দত্তৰ বাসগৃহত নিশা আৰক্ষী

নিশা প্ৰাক্তন DIG পি কে দত্তৰ বাসগৃহ আৰু ভাৰ্গৱ গ্ৰেণ্ডত চিআইডিৰ অভিযান ৷

গুৱাহাটী, 23 ছেপ্টেম্বৰ : অসম আৰক্ষীৰ উপ-পৰিদর্শক পদৰ প্ৰশ্ন কাকত ফাদিল কৰি আৰক্ষীৰ জালত পৰিছে কেইবাজনো লোক । এতিয়া ঘটনা সন্দৰ্ভত আৰক্ষীয়ে লাভ কৰিছে ন ন তথ্য । প্ৰশ্ন কাকত ফাদিলৰ লগত এইবাৰ নাম সাঙোৰ খাইছে অসম আৰক্ষীৰ বিয়াগোম বিষয়াৰ নাম ৷ অসম আৰক্ষীৰ প্ৰাক্তন DIG পি কে দত্তৰ নাম এই ঘটনাৰ সৈতে সাঙোৰ খাই পৰিছে ।

প্ৰাক্তন ডিআইজি পিকে দত্তৰ বাসগৃহত নিশা আৰক্ষী আৰু চিআইডিৰ অভিযান
ভাৰ্গৱ গ্ৰেণ্ডত চিআইডিৰ অভিযান

বুধবাৰে নিশা প্ৰাক্তন ডিআইজিগৰাকীৰ হেঙেৰাবাৰী ৰূপকোঁৱৰ পথৰ বাসগৃহত আৰু বেটকুছিস্থিত হোটেল ভাৰ্গৱ গ্ৰেণ্ডত অভিযান চলে আৰক্ষীৰ । অতৰ্কিতে চিআইডি আৰু মহানগৰ আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই বেটকুছিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডতো । কেইঘন্টা ধৰি চলে এই অভিযান । কিন্তু কি তথ্য আৰক্ষীয়ে জব্দ কৰিছে অথবা লাভ কৰিছে এতিয়ালৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা নাই । হয়টো প্ৰাক্তন DIG পি কে দত্তক জেৰাৰ পিছত পোহৰলৈ আহিব বহু তথ্য ।

প্ৰাক্তন ডিআইজি পিকে দত্তৰ বাসগৃহত নিশা আৰক্ষী আৰু চিআইডিৰ অভিযান
অসম আৰক্ষীৰ অভিযান

উল্লেখযোগ্য যে, প্ৰশ্ন কাকত ফাদিল কৰা মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ গুৱাহাটীৰ জ্যোতিনগৰৰ কৈলাশপুৰৰ পৰা অসম আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত সঞ্জীৱ শৰ্মাক ৷ লগতে ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত নগাঁৱৰ পৰা হিৰক জ্যোতি বৰুৱা নামৰ এজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰু জীৱন ডেকা নামৰ আন এজনৰ সন্ধান অব্যাহত আছে ।

প্ৰাক্তন ডিআইজি পিকে দত্তৰ বাসগৃহ আৰু হোটেল ভাৰ্গৱ গ্ৰেণ্ডত চিআইডিৰ অভিযান

উল্লেখ্য যে, যোৱা দেওবাৰে অসম আৰক্ষীৰ 597 টা উপ-পৰিদৰ্শক পদৰ বাবে ৰাজ্যজুৰি অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল ৷

লগতে পঢ়ক : অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ এনএছইউআইৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.