ETV Bharat / international

G 20 summit : G 20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব চীনৰ ৰাজ্যিক পৰিষদৰ প্ৰধান লি কিয়াঙে

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 2:54 PM IST

White House on China role at Delhi G20 Summit
হোৱাইট হাউছৰ বিষয়া জেক চুলিভান

ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G 20 শীৰ্ষ সন্মিলনত চীনে অংশগ্ৰহণ কৰি বিবাদিত বিষয় সন্দৰ্ভত সমাধানৰ বাট উলিয়াব পাৰে বুলি হোৱাইট হাউছৰ বিষয়া জেক চুলিভানে মঙলবাৰে কয় । চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ঘোষণা অনুসৰি, দেশখনৰ ৰাজ্যিক পৰিষদৰ প্ৰধান লি কিয়াঙে লি কিয়াঙে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া G 20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 6 ছেপ্টেম্বৰ: হোৱাইট হাউছৰ বিষয়া জেক চুলিভানে মঙলবাৰে কয় যে 9 আৰু 10 ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া আগন্তুক G 20 শীৰ্ষ সন্মিলনত চীনে অংশগ্ৰহণ কৰি স্পয়লাৰৰ ভূমিকা পালন কৰিব পাৰে বুলি কয় । G 20 সন্মিলনত প্ৰভাৱ পেলোৱা ভাৰত আৰু চীনৰ উত্তেজনা সম্বন্ধীয় এক প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে কয় যে G 20 ৰ অধ্যক্ষ ভাৰত, আমেৰিকা আৰু অন্যান্য সদস্যসকলেও চীনক ভূ-ৰাজনৈতিক প্ৰশ্নসমূহ একাষৰীয়া কৰি গঠনমূলক ভূমিকা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব ।

চুলিভানে কয়, " ভাৰত আৰু চীনৰ মাজত সৃষ্টি হোৱা উত্তেজনাই G 20 সন্মিলনত প্ৰভাৱ পেলোৱাৰ প্ৰশ্নটো যিমান দূৰ সম্ভৱ চীনৰ ওপৰত নিৰ্ভৰশীল । চীনে যদি G 20 সন্মিলনত অংশগ্ৰহণ কৰি এই সন্দৰ্ভত ভূমিকা পালন কৰিব বিচাৰে, তেন্তে অৱশ্যেই সেই বিকল্প তেওঁলোকৰ বাবে উপলব্ধ । মই ভাবো যে ভাৰতৰ অধ্যক্ষই দেশখনক সেয়া কৰিবলৈ উৎসাহিত কৰিব । ঋণ সকাহ, প্ৰযুক্তি আৰু ভূ-ৰাজনৈতিক প্ৰশ্নসমূহ আঁতৰাই ৰাখি সমস্যাৰ সমাধান সূত্ৰ বিচৰাত মনোনিৱেশ কৰক ৷ "

উল্লেখ কৰা প্ৰয়োজন যে, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে দিল্লীত অনুষ্ঠিত হোৱা G 20 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ নকৰো বুলি ঘোষণা কৰাৰ এদিন পিছতে এই কথা প্ৰকাশ পাইছে । সোমবাৰে চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ঘোষণা কৰে যে দেশখনৰ ৰাজ্যিক পৰিষদৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে অহা 9 আৰু 10 ছেপ্টেম্বৰত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া 18 সংখ্যক G 20 সন্মিলনত অংশগ্ৰহণ কৰিব ।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙৰ উদ্ধৃতি দি বিবৃতিটোত লিখা আছে, “আমন্ত্ৰণ অনুসৰি” 9 আৰু 10 ছেপ্টেম্বৰত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া 18 সংখ্যক G 20 সন্মিলনত অংশগ্ৰহণ কৰিব ৰাজ্যিক পৰিষদৰ প্ৰধান লি কিয়াঙে ।"

লগতে পঢ়ক : US President India tour: নিগেটিভ বাইডেন; ভাৰতলৈ আহিবলৈ সাজু মাৰ্কিন ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.