ETV Bharat / international

Successful landing of Chandrayaan-3: আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছেও অভিনন্দন জনালে ভাৰতীয় বিজ্ঞানীক

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 9:24 AM IST

Successful landing of Chandrayaan-3
বিশ্বজুৰি গুঞ্জৰিছে ভাৰতীয়ৰ জয়গান

বিশ্বজুৰি গুঞ্জৰিl হৈছে ভাৰতৰ জয়গান ৷ চন্দ্ৰপৃষ্ঠত ভৰি থ’লে ভাৰতে ৷ চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি থোৱা প্ৰথমখন দেশ হিচাবে স্বীকৃতি পালে ভাৰতে ৷ ভাৰতীয় বিজ্ঞানীক এই বিজয় গাঁথাক অভিনন্দন জনাইছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে ৷

ইন্টাৰনেশ্যনেল ডেস্ক, 24 আগষ্ট : বিশ্বত ভাৰতৰ জয়গান ৷ ভাৰতীয় বিজয় গাঁথাক শলাগিছে বিশ্ববাসীয়ে ৷ কিয়নো বুধবাৰে বিয়লি চন্দ্ৰপৃষ্ঠত ভৰি থ’লে ভাৰতে ৷ আমেৰিকা, চীন আৰু ৰাছিয়াৰ পিচত চন্দ্ৰপৃষ্ঠত ভৰি থোৱা চতুৰ্থখন দেশ হিচাবে পৰিগণিত হ’ল ভাৰত ৷ কিন্তু চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি থোৱা প্ৰথমখন দেশ হিচাবে স্বীকৃতি পালে ভাৰতে ৷

আমেৰিকা, চীন আৰু ৰাছিয়াৰ দৰে বিজ্ঞানে কৰিব দেখুৱাব নোৱাৰা কাম কৰি চন্দ্ৰত বিজয়ধ্বজ্জা উৰুৱালে ভাৰতে ৷ ভাৰতীয় বিজ্ঞানীৰ এই সফলতাৰ পাচতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO ক সম্ভাষণেৰে উপচাই পেলাইছে বিশ্ববাসীয়ে ৷

গুগলৰ CEO সুন্দৰ পিচাই, ইজৰাইল, যুক্তৰাজ্য, ফ্ৰান্স, জাৰ্মানী আৰু অষ্ট্ৰেলিয়াৰ দূতৰ লগতে এইবাৰ ভাৰতীয় বিজ্ঞানীক অভিনন্দন জনাইছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে ৷ মিছন চন্দ্ৰযান-3 ৰ সফলতাৰ বাবে বাবে বৃহস্পতিবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এক টুইটযোগে ভাৰতীয় বিজ্ঞানী আৰু অভিযন্তাসকলক প্ৰশংসা কৰি ইয়াক এক অবিশ্বাস্য কৃতিত্ব বুলি অভিহিত কৰিছে ।

উল্লেখ্য যে, 2019 ত চন্দ্ৰযান-2 বিফল হোৱাৰ পাচতো থমকি ৰোৱা নাছিল ভাৰতীয় বিজ্ঞানীসকল ৷ চন্দ্ৰযান-2 ৰ বিফলতাৰ পৰা শিক্ষা লৈ তাৰ পাচতে ভাৰতীয় বিজ্ঞানীসকলে আৰম্ভ কৰিছিল ‘‘মিছন চন্দ্ৰযান-3’’ ৷ চলিত বৰ্ষৰ 14 জুলাইৰ দিনা অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা চন্দ্ৰযান-3 য়ে বুধবাৰে বিয়লি স্পৰ্শ কৰে চন্দ্ৰপৃষ্ঠক ৷ তাৰ পাচতে সমগ্ৰ দেশতে বয় আনন্দৰ জোৱাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যকালতে ইতিহাসৰ সাক্ষী হৈছে ভাৰত ৷

ভাৰতীয় মূলৰ কমলা হেৰিছে টুইটাৰ X ত উল্লেখ কৰিছে, ‘‘চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত চন্দ্ৰযান-3 ৰ ঐতিহাসিক অৱতৰণৰ বাবে ভাৰতবাসীলৈ অভিনন্দন । ইয়াৰ লগত জড়িত সকলো বিজ্ঞানী আৰু অভিযন্তাৰ বাবে ই এক অবিশ্বাস্য কৃতিত্ব ৷ এই অভিযান আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত আপোনালোকৰ সৈতে অধিক ব্যাপকভাৱে অংশীদাৰিত্ব কৰি আমি গৌৰৱান্বিত হৈছো’’ ।

কমলা হেৰিছৰ উপৰিও ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ই লাভ কৰা সফলতাৰ পিচত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনকে ধৰি সমগ্ৰ বিশ্বৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অভিনন্দন জনায় ।

লগতে পঢ়ক : Successful landing of Chandrayaan-3: গুগলৰ CEO সুন্দৰ পিচাইয়ে অভিনন্দন জনালে ভাৰতীয় বিজ্ঞানীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.